মেঘালয়ৰ কয়লা খনিত দুৰ্ঘটনাত নিহত অসমৰ ৬ শ্ৰমিক

coalmining-750x375

এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে মেঘালয়ৰ লগতে অসমকো।

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এটা কয়লা খনিত কাম কৰি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ অসমৰ ৬ জনকৈ শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ বাতৰি পোৱা গৈছে।

মেঘালয় চৰকাৰৰ এক সূত্ৰই প্ৰকাশ কৰা মতে পূব জয়ন্তীয়া পাহাৰৰ ৰিম্বাই গাঁওৰ এটা কয়লা খনিত খনন চলাই থকাৰ সময়তে শ্ৰমিক কেইজনে উঠি থকা মেছিনটোৰ এটা অংশ ভাঙি যায়।

ফলত প্ৰায় ১৫০ ফুট তললৈ পৰি যায় শ্ৰমিক কেইজন।

আজি উদ্ধাৰকাৰীৰ দলে খনিটোৰ ভিতৰৰ পৰা ৬ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নিহত শ্ৰমিক কেইজন অসমৰ কৰিমগঞ্জ জিলাৰ বুলি মেঘালয় আৰক্ষীয়ে প্ৰকাশ কৰিছে।

নিহতসকৰ ভিতৰৰে চাৰি জনক চিনাক্ত কৰা হৈছে। তেওঁলোক হ’ল ক্ৰমে— মকবুল হুছেইন, আলি হুছেইন,দিলোৱাৰ হুছেইন আৰু জিলাল হুছেইন। দিলোৱাৰ হুছেইনৰ ঘৰ কৰিমগঞ্জৰ জালালাবাদত বুলি জানিব পৰা গৈছে।

পূব জয়ন্তীয়া জিলাৰ উপায়ুক্ত ই খাৰমালকিয়ে প্ৰকাশ কৰা মতে ৰিম্বাৰ গাঁওত খনি দুৰ্ঘটনাত মৃত্যু ঘটা শ্ৰমিক কেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ইতিমধ্যে নিহত শ্ৰমিক কেইজনৰ পৰিয়ালক এই বিষয়ে অৱগত কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।

উল্লেখ্য ২০১৮ চনৰ ৩১ ডিচেম্বৰৰ দিনা মেঘালয়ৰ পূব জয়ন্তীয়া  জিলাৰ ছান অঞ্চলত সংঘটিত খনি দুৰ্টনাত ১৫ জন শ্ৰমিক আৱদ্ধ হৈ পৰিছিল।

লাইটেন নৈৰ পানীয়ে খনি ওুচাই পেলোৱাৰ ফলত ১৫ জন শ্ৰমিক আৱদ্ধ হৈ পৰিছিল যদিও ৫ জনে কিবাকৈ প্ৰাণ ৰক্ষা কৰিছিল।

বাকী ১০ জন শ্ৰমিকৰ উদ্ধাৰ অভিযান ব্যৰ্থ হৈছিল আৰু ২০১৯ চনৰ মাৰ্চ মাহত উদ্ধাৰ অভিযান বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছিল।

সেই ১০ জন শ্ৰমিকৰ সন্ধান আজিও ওলোৱা নাই।