গোৱালপাৰাত চাঞ্চল্য : এজন ৭০ উৰ্দ্ধৰ ব্যক্তিৰ গুলীচালনাত ২ মহিলাসহ ৬ গৰাকী লোক আহত

IMG-20210111-WA0009

গোৱালপাৰা চহৰত এজন ৭০ বছৰ উৰ্দ্ধৰ ব্যক্তিৰ গুলীচালনাত দুগৰাকী মহিলাসহ ৬ জন লোক আহত হৈছে।

ঘটনাৰ বিৱৰণীৰ মতে পৌৰসভাৰ প্ৰাক্তন কাউঞ্চিলৰ দেৱ নাথে কেইজমান বুন্ধৰ সৈতে গোৱালপাৰাৰ চহৰৰ গ’লটুলীস্থিত শ্মশানত উপস্থিত হোৱাৰ সময়তে অনিমেষ ৰয়ে তেওঁৰ কেবামহলীয়া বাসগৃহৰ পৰা তেওঁলোকলৈ লক্ষ্য কৰি হঠাতে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।

এই গুলীবৰ্ষণত ৰঞ্জিত দাস, স্বপন দাস, দীপাকংৰ দাস, ৰিংকু দাস, মইদুল ইছলাম আৰু গীতুমণি দাস নামৰ ছগৰাকী লোক আহত হয়।

আহত আটাইকেইগৰাকীকে গোৱালপাৰাৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত ৰঞ্জিত দাস, গীতুমণি দাস আৰু ৰিংকু দাসক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ইতিমধ্যে গুলীচালনা কৰা অনিমেষ ৰয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁ ব্যৱহাৰ কৰা মাৰণাস্ত্ৰটো জব্দ কৰিছে।

গুলীচালনাৰ প্ৰকৃত কাৰণ কি সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও তদন্তৰ পিছতে সেয়া স্পষ্ট হ’ব জানিবলৈ দিছে আৰক্ষীয়ে।

“৭০ বছৰীয়া এজন লোকে গুলীচালনা কৰাৰ খবৰ লাভ কৰি আমি তেওঁৰ অনুজ্ঞাপত্ৰ থকা দুটা বেৰেল বীছ ল’ডিং মাৰণাস্ত্ৰটো জব্দ কৰাৰ লগতে অভিযুক্তগৰাকীকো গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছো।” গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়।

এক সূত্ৰৰ মতে দেৱ নাথ মানৰ লোকজনে কিছু বছৰৰ পূৰ্বে অভিযুক্ত অনিমেষ দাসৰ পুত্ৰক অজ্ঞাত কাৰণত শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল।

তেতিয়াৰ পৰাই দুয়োটা পৰিয়ালৰে মাজত বিবাদ চলি আহিছিল। উক্ত কাৰণতেই অনিমেষ দাসে দেৱ নাথৰ ওপৰত গুলীচালনা কৰে আৰু উক্ত গুলীচালনাৰ সময়ত স্থানত দেৱ নাথৰ লগত উপস্থিত থকা অন্যান্য লোকসকলহে গুলীবিদ্ধ হয়।