দুটাকৈ বিস্ফোৰণে কঁপালে জম্মু-কাশ্মীৰ: আহত ছয়গৰাকী

ভাৰত জোড়ো যাত্ৰাৰ নিৰাপত্তাক লৈ সংশয়

Blasts in Jammu-Kashmir

আজি পুৱা পুনৰ দুটাকৈ বিস্ফোৰণে কঁপাই তুলিছে জম্মু-কাশ্মীৰ। এই বিস্ফোৰণত ৬ গৰাকী লোক আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জম্মুৰ নৰৱাল অঞ্চলৰ এটা ঔদ্যোগিক এলেকাত সংঘটিত হৈছে এই বিস্ফোৰণ।

বিস্ফোৰণৰ আঁৰত কোন জড়িত আছে তথা কি বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বিস্ফোৰণস্থলীত ফৰেনছিক বিশেষজ্ঞৰ দল উপস্থিত থকা বুলি আৰক্ষীয়ে লগতে কয়।

জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে এই বিস্ফোৰণত ৬ গৰাকী লোক আহত হৈছে বুলি নিশ্চিত কৰিছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে এগৰাকী সংকটজনক বুলি জানিব পৰা গৈছে।

বিস্ফোৰণৰ পিছতে অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হয়। অধিক সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰা পাছত অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে। অনুসন্ধান অভিযানৰ অংশ হিচাপে বাহনসমূহ পৰীক্ষা কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

ইফালে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই বিস্ফোৰণক গৰিহণা দি আহতসকলক ৫০ হাজাৰ টকা আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে।

বিস্ফোৰণক গৰিহণা দি এনে কু-কাৰ্যই অপৰাধীসকলৰ হতাশা আৰু কাপুৰুষতাক স্পষ্টকৈ প্ৰকাশ কৰি তুলিছে বুলি মন্তব্য কৰে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই। তেওঁ লগতে দোষীৰ বিৰুদ্ধে তাৎক্ষণিক আৰু দৃঢ় পদক্ষেপ ল’বলৈ আৰক্ষীক আহ্বান জনায়।

উল্লেখ্য যে বৰ্তমান ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰা জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিছে। জম্মুৰ পৰা ৬০ কিলোমিটাৰতকৈ কিছু দূৰত্বৰ চাদৱালত যাত্ৰা বিৰতি লৈ আছে পদযাত্ৰাকাৰীসকলে।

এনে পৰিস্থিতিত আজিৰ এই বিস্ফোৰণে ভাৰত জোড়ো যাত্ৰাৰ নিৰাপত্তাজনিত দিশৰ প্ৰতি সংশয়ৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰা ভাৰত জোড়ো যাত্ৰা ৩০ জানুৱাৰীত শ্ৰীনগৰত সমাপ্ত হ’ব।

ৰাহুল গান্ধীৰ নেতৃত্বত এই পদযাত্ৰাত অংশগ্ৰহণ কৰা পদযাত্ৰীসকলে আজি সাময়িক বিশ্ৰামৰ গ্ৰহণ কৰিছে। কাইলৈ জম্মুৰ দিশে পুনৰ আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা।