অসম আৰু অৰুণাচল সীমান্তৰ সমীপৱৰ্তী পাটকাইৰ পাদদেশত এক গুৰুত্বপূৰ্ণ পোহৰলৈ আহিছে। তিনিচুকীয়া জিলাত অৱস্থিত টিৰাপত আহোমৰ শাসনৰ সময়ত নিৰ্মিত প্ৰায় ৬০০ বছৰ পুৰণি এটা পথৰ সন্ধান লাভ কৰিছে। এই পথটো সম্ভৱতঃ ১৩৯৭ চনৰ পৰা ১৪০৭ চনলৈ ৰাজত্ব কৰা ৰজা চুদাংফাৰ ৰাজত্বকালত নিৰ্মিত বুলি অনুমান কৰা হৈছে।
স্থানীয়ভাৱে ৰাজা আলী নামেৰে জনাজাত এই প্ৰাচীন পথটো প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু মুলান, তিনিচুতী, হাৱাইপথাৰকে ধৰি কেইবাখনো গাঁও সংযোগ কৰে। পাটকাই পাহাৰৰ লেখাপানী বমগ্ৰাৰ পৰা আৰম্ভ কৰি টিৰাপ নদী পাৰ হৈ পেঙেৰী নলনী অঞ্চললৈ উঠি যায়। যদিও আজিও মানুহে এই পথটোৰ কিছু অংশ ব্যৱহাৰ কৰে, তথাপিও বছৰ বছৰ ধৰি অৱহেলিত হৈ আহিছে এই পথটো আৰু ইয়াৰ সংৰক্ষণৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হোৱা নাই। যদিও মূল পথটোৰ কিছু অংশ এতিয়াও দেখা যায়, তথাপিও ইয়াৰ অৱস্থা শোচনীয় হৈ পৰিছে।
কিন্তু স্থানীয় ৰাইজে এই ঐতিহাসিক পথটো হেৰাইযোৱাট নিবিচাৰে। ইয়াৰ সাংস্কৃতিক আৰু ঐতিহাসিক তাৎপৰ্য বুজি বাসিন্দাসকলে ইয়াক ব্যৱহাৰযোগ্য অৱস্থাত ৰখাৰ উদ্যোগ লৈছে। তেওঁলোকৰ প্ৰচেষ্টাৰ বাবেই এতিয়া এই পথটো দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচল কৰা সম্ভৱ হৈ উঠিছে।
স্থানীয় এজন নেতাই চৰকাৰী সমৰ্থনৰ অভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে, “পূৰ্বতে পথটো কেৱল খোজ কঢ়াৰ বাবেহে ভাল আছিল। এতিয়া আমি ইয়াৰ ওপৰত গাড়ী চলাব পাৰো। পথটো ৰক্ষা কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা হৈছে কাৰণ ই আহোম ৰজাসকলৰ ঐতিহ্য বহন কৰিছে। মই চৰকাৰক আহ্বান জনাইছো যে এই পথটো সংৰক্ষণ আৰু উন্নত কৰাত সহায় কৰক।”
তেওঁ পথটো নিৰ্মাণ কৰা ৰজা জনৰ প্ৰতি সন্মান জনাই পথটোৰ নাম সলনি কৰি চুদাংফা পথ হিচাপে নামাকৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। কিয়নো চহকী ইতিহাসেৰে ভৰা এই সমল সমূহ উপযুক্ত যত্ন আৰু স্বীকৃতি অবিহনে চিৰদিনৰ বাবে হেৰাই যাব পাৰে।