NORTHEAST NOW (Assamese)

উদ্ধাৰ ৬৫টা পৰ্ণগ্ৰাফিক ভিডিঅ’! এতিয়াও পলাতক ৩০ গৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱা ধৃত অধ্যাপক

March 18, 2025 6:37 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ হাথৰাছৰ অভিযুক্ত অধ্যাপক ৰজনীশ কুমাৰক এতিয়াও ধৰা পৰা নাই আৰক্ষীয়ে। পৰীক্ষাত বেছি নম্বৰ দি চাকৰি দিয়াৰ অজুহাতত ৩০ গৰাকী কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। অভিযুক্ত অধ্যাপকজনক গ্ৰেপ্তাৰ কৰিবলৈ তিনিটা আৰক্ষীৰ দল গঠন কৰা হৈছে। কিন্তু আৰক্ষীয়ে এতিয়াও অধ্যাপকজনৰ কাষ চাপিব পৰা নাই। অধ্যাপকজন কত নোহোৱা হৈ গল তাক লৈ চৰ্চা চলিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি যদিও অধ্যাপকজনক বিচাৰি পোৱা নগ, তথাপিও তেওঁৰ এটা মোবাইল ফোন উদ্ধাৰ কৰা হয়। সেই মোবাইল ফোনটো পৰীক্ষা কৰিলে দেখা গল যে তাত ৬৫টা পৰ্ণগ্ৰাফিক ভিডিঅ আছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় মহিলা আয়োগে এখন বেনামী পত্ৰ লাভ কৰিছে। তাতে অধ্যাপক ৰজনীশৰ বদনাম বৰ্ণনা কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ অনুৰোধ কৰা হল। চিঠিখনত তেওঁ কেনেকৈ মহিলা ছাত্ৰ-ছাত্ৰীক নিজৰ ফান্দত প্ৰলোভিত কৰি যৌন নিৰ্যাতন চলাইছিল সেই বিষয়ে সকলো কথা উল্লেখ কৰা হৈছে।

ৰজনীশ হাথৰাছৰ পি চি বাগলা ডিগ্ৰী কলেজৰ ভূগোলৰ অধ্যাপক। পত্ৰখনত উল্লেখ আছে যে অধ্যাপকগৰাকীয়ে চাৰি বছৰ ধৰি কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলাই আহিছে। তেওঁ মহিলা ছাত্ৰীসকলৰ লগত অশ্লীল আচৰণ কৰিছিল, তেওঁলোকৰ পৰীক্ষাত সহায় কৰি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কেৱল সেয়াই নহয়, সেই ঘটনাবোৰৰ ফটো আৰু ভিডিঅ তুলি ব্লেকমেইল কৰিও বাৰে বাৰে যৌন নিৰ্যাতন চলাইছিল। এই ঘটনাৰ প্ৰতিবাদ কৰা সকলৰ কেৰিয়াৰ নষ্ট কৰাৰ হুংকাৰ দিয়ে। আনকি সেই ভিডিঅ আৰু ছবিবোৰ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ভাবুকিও দিছিল। চিঠিখনত দাবী কৰা হৈছে যে অধ্যাপকগৰাকী ইমানেই প্ৰভাৱশালী যে তেওঁৰ বিৰুদ্ধে বাৰে বাৰে অভিযোগ উত্থাপন কৰি কোনো লাভ নাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোকে চিঠিখন আৰু কেইবাটাও প্ৰমাণ পোৱাৰ পাছতে অধ্যাপকজনক মাতি অনা হয়। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ পলায়ন কৰে অধ্যাপকগৰাকী। তেওঁৰ মোবাইলৰ পৰা উদ্ধাৰ হৈছে ৬৫টা পৰ্ণগ্ৰাফিক ভিডিঅ। ইয়াৰে অধিকাংশই মহিলা ছাত্ৰী। আৰক্ষীয়ে জনোৱা মতে, অধ্যাপকগৰাকীয়ে এই সকলোবোৰ ভিডিঅ আৰু ফটো ডিলিট কৰি পেলায়। অৱশ্যে ফৰেনছিক দলটোৱে ভিডিঅ আৰু ফটো উদ্ধাৰ কৰে। আৰক্ষীৰ এক সূত্ৰই দাবী কৰিছে যে বহু ভিডিঅ পৰ্ণ ৱেবছাইটত আপলোড কৰা হৈছে।

Related News