বিপদে কেতিয়াও কাকো সুধি নাহে। বিপদ কেতিয়া আৰু কেনেকৈ আহিব তাৰ ভৱিষ্যতবাণী কেতিয়াও কোনেও কৰিব নোৱাৰে। কিন্তু শীতল মস্তিকৰে ধৈৰ্য আৰু সাহসৰ দ্বাৰা সঠিক পদক্ষেপ ল’লে বিপদ দূৰ কৰিব পৰা যায়। তাকে যেন প্ৰমাণ কৰি দেখুৱালে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰই।
এজন ছাত্ৰৰ সাহস আৰু বুদ্ধিমত্তাই শেহতীয়াকৈ এটা ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলে ৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীক। যাৰ বাবে এতিয়া এইগৰাকী ছাত্ৰই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়কঃ শ্ৰমিক দিৱস আৰু শ্ৰমিকৰ দুৰ্দশা : ডুমডুমাত নুডল ফেক্টৰীত অগ্নিদগ্ধ নাবালিকাসহ দুই মহিলা
তথ্য অনুসৰি যোৱা ২৬ এপ্ৰিলত মিচিগান কাৰ্টাৰ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ডিলান ৰিভছ নিজৰ সহপাঠী সকলৰ সৈতে স্কুল বাছত নিজৰ পঢ়াশালি লৈ গৈ আছিল। কিন্তু বাছখন চলই থকাৰ অৱস্থাতে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে হঠাতে বাছৰ চালকজনে সংজ্ঞা হেৰুৱাই পেলাই।
সেই দৃশ্য দেখি ডিলানে লগে লগে ড্ৰাইভাৰৰ কেবিনলৈ দৌৰি গৈ বাছখনৰ ষ্টিয়াৰিঙ নিজৰ নিয়ন্ত্ৰণ লৈ আনে। ইয়াৰ পিছত ডিলানে ব্ৰেক মাৰি বাছখনৰ গতি হ্ৰাস কৰে আৰু বাছখনৰ ইঞ্জিনটো বন্ধ কৰি দিয়ে। যাৰ ফলত এটা ডাঙৰ সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰে ডিলানৰ লগতে বাকী ৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱন।
লগতে পঢ়কঃ আকৌ এনকাউণ্টাৰ : নগাঁৱত আৰক্ষীৰ গুলীত আহত অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী
ইতিমধ্যে বাছখনত থকা চিচি টিভি কেমেৰাত বন্দী হৈছে ডিলানৰ বুদ্ধিদীপ্ততা আৰু দুঃসাহসিক কামৰ এই সমগ্ৰ দৃশ্য। এই দৃশ্য এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে বাছখন ৰখোৱাৰ পিছত ডিলানে বাকী ছাত্ৰ-ছাত্ৰীসকলক তৎক্ষণাত ৯১১ নম্বৰত ফোন কৰিবলৈ কয়। সেই ফোন পোৱাৰ পিছত আৰক্ষী আৰু উদ্ধাৰকাৰী দল তাত উপস্থিত হয়।
লগতে পঢ়কঃ চুইছ মাছাজ চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিলে অসম কন্যা অনামিকা বৰ্মন দাসে