হস্তী দিৱসৰ কাৰ্য্যসূচীৰে কাজিৰঙাত ৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ

66th Wildlife Week begins at Kaziranga National Park

অসমৰ বিভিন্ন বন সংমণ্ডলৰ লগতে আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰা হয়৷

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত কভিড১৯ৰ প্ৰট’কলেৰে আয়োজিত হস্তী দিৱসেৰে বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰা হয়৷

বন্যপ্ৰাণী সপ্তাহৰ আজিৰ প্ৰথম দিনাৰ হস্তী দিৱসৰ কাৰ্যসুচী গনেশ পুজাৰে আৰম্ভ কৰা হয়৷

মিহিমুখত থকা বিভাগীয় হাতী আৰু মাউটসকলে অনুষ্ঠানত অংশগ্ৰহন কৰে৷

অনুষ্ঠানতে হাতী মাউট হিচাবে কাম কৰি অৱসৰ গ্ৰহন কৰা ৯ গৰাকী মাউটক উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা হস্তী দিৱসৰ দিনা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়৷

এই অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, উপ বন সংৰক্ষক প্ৰদীপ কুমাৰ বাৰ্মা, পৰ্যটন বিভাগৰ উপ সঞ্চালক বাথৌ খুংৰু বড়ো, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, কেউটা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া আৰু জীপ চাফাৰী সন্থাৰ প্ৰতিনিধিও উপস্থিত থাকে৷

উল্লেখ্য যে বন্যপ্ৰাণী সপ্তাহৰ এই কাৰ্যসুচীৰ দ্বিতীয় দিনা প্ৰকৃতি সংগঠন কৰবেট ফাউণ্ডেচনৰ সহযোগত কাজিৰঙাত ভ্ৰাম্যমান এক বিশেষ সজাগতা অভিযান চলোৱাৰ হব৷

তৃতীয় দিনা অগৰাতলি আৰু চতুৰ্থ দিনা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত বিশেষ অনুষ্ঠান আয়োজন কৰাৰ বিপৰীতে পঞ্চম দিনা কাজিৰঙাৰ বিশ্বনাথ বন সংমণ্ডলৰ উপৰিও ষষ্ঠ দিনা নগাওঁ বনসংমণ্ডলৰ অনুষ্ঠানৰ পাচত সপ্তম দিনা ৰাষ্ট্ৰীয় উদ্যানখনৰ তৰফৰ পৰা চ’চিয়েল মেডিয়াত এক পোনপতীয়া সম্প্ৰচাৰেৰে কাজিৰঙাত ৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰনী মৰা হ’ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ৷