ৰাজ্যত ক’ৰ’ণাত আক্ৰান্তৰ সংখ্যাই ১৪ হাজাৰ অতিক্ৰম : নতুনকৈ আক্রান্ত ৬৯৬ গৰাকী

EcbCUMuVcAEBSko

ৰাজ্যখনত নতুনকৈ আৰু ৬৯৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি। ইয়াৰে ৪২৩ গৰাকী কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে।

ৰাজ্যখনত বৰ্তমান কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা হৈছে ১৪০৩২ গৰাকী।

বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫২৮১ গৰাকী।

ৰাজ্যখনত বৰ্তমানলৈ ৮৭২৬ গৰাকী আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

সেইদৰে, অসমত এতিয়ালৈকে কোভিড-১৯ত আক্ৰান্ত হৈ ২২ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

বুধবাৰৰ নিশা এটা টুইটৰ জৰিয়তে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে।

মঙ্গলবাৰে ৮১৪ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড-১৯ পজিটিভ। ইয়াৰে ৫৮৮ গৰাকীয়েই মহানগৰী গুৱাহাটীৰআছিল।

সোমবাৰে দিনটোত মুঠ ৭৬৫ গৰাকী লোক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল। ইয়াৰে গুৱাহাটীৰ ৫৮৮ গৰাকী আছিল।

দেওবাৰে গুৱাহাটীত মুঠ ৫৫২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

ইয়াৰোপৰি শনিবাৰৰ দিনটোত সৰ্বাধিক ১২০২ গৰাকী ৰাজ্যত আক্ৰান্ত হোৱাৰ লগতে মহানগৰ গুৱাহাটীত ৭৭৭ গৰাকী আক্ৰান্ত হৈছিল।

গুৱাহাটীত শুক্ৰবাৰৰ দিনটোত একেলগে ১৩৪ গৰাকী আক্ৰান্ত হোৱাৰ লগতে ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ২৩৮ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

গুৱাহাটীত ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ ফলত যোৱা ১৫ জুনৰ পৰা এতিয়ালৈকে প্ৰায় ৫০০০ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

এনেধৰণৰ গণ সংক্ৰমণ হোৱাৰ ফলত এটা কথা নিশ্চিত যে মুম্বাই আৰু দিল্লীৰ স্থান দখল কৰিবলৈ বেছি সময়ৰ প্ৰয়োজন নহ’ব মহানগৰ গুৱাহাটীক।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।

ইয়াৰোপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।

লগতে সমগ্ৰ ৰাজ্যত সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।