মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

labourers killed while cleaning oil tank

এটা ব্যক্তিগত কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে শোকাৱহভাৱে মৃত্যুক সাবটিবলগীয়া হৈছে সাতগৰাকী শ্ৰমিকে। আজি এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা জিলা।

আম্বাতি চুব্বন্না নামৰ এটা ব্যক্তিগত মালিকানাধীন তেল কাৰখানাত কৰ্মৰত অৱস্থাত শ্ৰমিক কেইগৰাকীয়ে এনে শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে।

আৰক্ষীৰ তথ্য অনুসৰি, আজি পুৱা ৮ বজাত আম্বাতি চুব্বন্না তেল কাৰখানাত ২৫ ফুট উচ্চতাৰ তেল টেংকি চাফা কৰি আছিল দুগৰাকী শ্ৰমিকে। তেনে সময়তে তাৰে এগৰাকী জখলাৰ পৰা পিছলি টেংকিত পৰে।

সেই সময়ত ঘটনাস্থলীত থকা আন সাত গৰাকী সদস্যই তেওঁক উদ্ধাৰ কৰিবলৈ টেংকিটোত নামে যদিও শ্বাস-প্ৰশ্বাসত বাধাগ্ৰস্ত হোৱাৰ বাবে উদ্ধাৰ কৰিবলৈ যোৱা ছয়গৰাকী শ্ৰমিকৰো মৃত্যু হয়।

আনহাতে টেংকিৰ পৰা আনগৰাকী শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰা হয়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, নিহত ৫ গৰাকী শ্ৰমিক পাদেৰু আৰু আন দুগৰাকী পেড্ডাপুৰমৰ বাসিন্দা।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গোচৰ ৰুজু কৰি মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।