ভালখবৰ! ৰাজ্যত আজিৰ দিনটোতে ক’ৰ’না মুক্ত হ’ল ৯৯ গৰাকী ৰোগী

index

শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ৰাজ্যত অপ্ৰতিৰোধ্য ক’ৰ’নাৰ সংক্ৰমণ। কিন্তু তাৰ মাজতে আজিৰ দিনটোত আহিছে এক ভাল খবৰ।

আজিৰ দিনটোত ৰাজ্যত ক’ৰ’নামুক্ত হৈছে ৯৯ গৰাকী লোক।

এই মুহূৰ্তত ৭ গৰাকী লোকক শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা মুক্তি দিয়া হৈছে।

কিছু সময় পূৰ্বে ৯২ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়া হৈছিল।

ইয়াৰে ২২ গৰাকী মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালৰ, ৪৬ গৰাকী কালাপাহাৰ জিলা যক্ষ্মা চিকিৎসালয়ৰ, তেজপুৰ মেডিকেল কলেজৰ পৰা ১৩ গৰাকী, যোৰহাট মেডিকেল কলেজৰ পৰা ৭ গৰাকী, বৰপেটা মেডিকেল কলেজৰ পৰা দুগৰাকী, শিলচৰ মেডিকেল কলেজৰ পৰা এগৰাকী আৰু অসম মেডিকেল কলেজ হস্পিতালৰ পৰা এগৰাকী ৰোগীক মুক্তি দিয়া হৈছিল।

লোক কেইগৰাকীক দুবাৰকৈ টেষ্ট কৰাত নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

যোৱা ২৪ ঘণ্টাৰ ভিতৰত ১২১ গৰাকী ৰোগী ক’ৰ’নামুক্ত হৈছে।

দেওবাৰেও ২২ গৰাকী ৰোগী ক’ৰ’নামুক্ত হৈ ঘৰলৈ উভতিছিল।

যোৱা ৩০ মে’ত ৩৮ গৰাকী লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৯ মেত মুঠ ২৮ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৮ মে’ত ১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

কালিৰ পৰা আজিলৈকে ১২১ গৰাকী ৰোগীক মুক্তি দিয়াৰ ফলত ৰাজ্যত ১১৭২ লৈ হ্ৰাস পালে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা। ৰাজ্যত এতিয়ালৈকে ২৮৪ গৰাকী লোক ক’ৰ’ণা মুক্ত হৈছে।

যোৱা ২৭ মেত ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে ত দন্ত চিকিৎসক ডাঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCH ৰ পৰা মুক্তি দিয়া হৈছিল। তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCH ৰ পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে’ত GMCH ৰ কণিষ্ঠ চিকিৎসক ডাঃ লিথিকেশ সুস্থ হৈ উঠিছিল আৰু তেওঁ পুনৰ কোভিড-১৯ ৰোগীৰ চিকিৎসাত নিজকে নিয়োগ কৰিছিল।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ৯৯ গৰাকী লোক এই কোভিড-১৯+ ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ১৪৬৩ লৈ বৃদ্ধি পোৱাত সকলো আতংকিত হৈ আছে যদিও ২৪ ঘণ্টাত ১২১ গৰাকীকৈ ৰোগী ক’ৰ’ণামুক্ত হোৱাটোৱে কিছু পৰিমানে সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।