৫ গৰাকী ৰহিঙীয়াক মণিপুৰ ম্যানমাৰৰ কৰ্তৃপক্ষৰ হাতত অৰ্পণ

rahingya deportation

৭ গৰাকী ৰহিঙীয়াক ম্যানমাৰলৈ প্ৰত্যাৰ্পণ কৰাৰ ৩ মাহৰ পাছত আজি ৩ জানুৱাৰি বৃহস্পতিবাৰে আৰু ৫গৰাকী ৰহিঙীয়াক মণিপুৰ সীমান্তৰে ম্যানমাৰৰ কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা কৈছে।

আৰক্ষীৰ (সীমা) অতিৰিক্ত সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ‘দ্য ৱেৰ’ক দিয়া এটা সাক্ষাৎকাৰত নিশ্চিতি দিছে যে তেজপুৰ ডিটেনশ্যন কেম্পৰ পৰা এই বিদেশী লোককেইজনক ২ জানুৱাৰিত মণিপুৰ আৰক্ষীৰ হাতত অৰ্পণ কৰা হৈছে। তেওঁলোকে লোক কেইজনক শিলচৰ আৰক্ষীৰ হাতত অৰ্পণ কৰিছে। তাৰ পাছত মণিপুৰ আৰক্ষীয়ে তেওঁলোকক ম্যানমাৰৰ কৰ্তংপক্ষৰ হাতত অৰ্পণ কৰিছে।

প্ৰতিৱেদনত প্ৰকাশ পাইছে যে ২ জানুৱাৰিত কোনো নথি অবিহনে হাৰিয়ানাৰ আম্বালাত প্ৰৱেশ কৰা এগৰাকী ৰহিঙীয়া লোকক মণিপুৰৰ মোৰেহ সীমান্তৰে ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছিল।

আজি প্ৰত্যাৰ্পণ কৰা ৰহিঙীয়া লোককেইজনৰ নাম হৈছে মহম্মদ আয়াছ, মহম্মদ ৰিয়াছ, আহমেদ হুছেইন. তয়েবা খাতুন আৰু আজিদা বেগম।

চৰকাৰী নথি অনুসৰি, তেওঁলোক ম্যানমাৰৰ বুথিটাং এলেকাৰ বাসিন্দা আৰু একেই পৰিয়ালৰ। তেওঁলোকৰ পৰিয়ালৰ মুৰব্বী হৈছে  ইমাম হুছেইন।বিদেশী আইন ভংগ কৰাৰ অপৰাধত তেওঁলোকক ২০১৪ত আটক কৰা হৈছিল। প্ৰতিৱেদনত আৰু প্ৰকাস পাইছে যে পৰিয়ালৰ দুগৰাকী নাবালকৰ চিনাকী ম্যানমাৰ চৰকাৰে নিশ্চিত কৰিব পৰা নাই বাবে হুছেইন নাবালক দুগৰাকীৰ লগত ভাৰততে থাকিব আৰু বাকী সদস্যসকলক প্ৰত্যাৰ্পণ কৰা হ’ব।

২০১৮ৰ অক্টোবৰত ম্যানমাৰৰ ৰাখিনি ৰাজ্যৰ বাসিন্দা ৭ গৰাকী ৰহিঙীয়াক মোৰেহ সীমান্তৰে ম্যানমাৰৰ হাতত অৰ্পণ কৰা হৈছিল। বিদেশী আইন ভংগ কৰাৰ অপৰাধত অসম আৰক্ষীয়ে তেওঁলোকক আটক কৰিছিল আৰু শিলচৰ কাৰাগাৰত ৩ মাহৰ কাৰাদণ্ড বিহিছিল। কাৰাগাৰৰ ম্যাদ উকলাৰ পাছত তেওঁলোকক কাৰাগাৰৰ চৌহদতে থকা ডিটেনশ্যন কেম্পত ৰখা হৈছিল।

উল্লেখ্য যে ভৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত এই প্ৰথম বাৰৰ বাবে তেওঁলোকক প্ৰত্যাৰ্পণ কৰা হয়। আনুমাণিকভাৱে ভাৰতত বৰ্তমান ৪০,০০০ ৰহিঙীয়াই বসবাস কৰি আছে।