NORTHEAST NOW (Assamese)

বোকাখাতত বানপানীত শিশু নিৰুদ্দেশ; এছ ডি আৰ এফ আৰু আৰক্ষীৰ অভিযান অব্যাহত

July 22, 2020 9:22 am · উত্তম শইকীয়া
ফটো-নৰ্থ-ইষ্ট নাও

বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত মৰিয়াহোলা গাঁওত বানপানীৰ কোবাল সোঁতে এটি ৭ বছৰীয়া শিশুক উটুৱাই নিয়াৰ আশংকা কৰা হৈছে ৷

অঞ্চলটোৰ মৰিয়াহোলা আৰু চ’গুৰি চাপৰি সংযোগী পথৰ ওপৰেদি প্ৰৱাহিত প্ৰৱল সোঁতত সংগীতা চুব্বা নামৰ কন্যা শিশুটিক উটি যোৱা বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে।

ঘটনাস্থলীত শিশুটিয়ে পিন্ধি থকা এপাত চেণ্ডেল আৰু এখন বস্ত্ৰ উদ্ধাৰ হৈছে।

ঘটনাৰ সম্পৰ্কত বোকাখাত আৰক্ষীক অৱগত কৰাত  সংগীতাক চুব্বাক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ আৰু বোকাখাতৰ আৰক্ষীয়ে  অৱিৰত চেষ্টা চলাই আছে যদিও এই পৰ্যন্ত সংগীতাৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটোৱে ৷

সংগীতা চুব্বা মৰিয়াহোলা অঞ্চলৰ সন্মান চুব্বাৰ কন্যা ৷ বাতৰি প্ৰস্তুত কৰাৰ সময়লৈ উদ্ধাৰকাৰী দলটোৱে নিৰুদ্দেশ হোৱা শিশুটিৰ কোনোধৰণৰ সন্ধান লাভ কৰা নায়।

উল্লেখযোগ্য যে, চলিত বানপানীৰ ফলত বোকাখাতৰ ৫৩ খন গাঁৱৰ মুঠ ৬২,০০০ তৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

Related News