DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কি হ’ব BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ ভৱিষ্যত? আজি উচ্চতম ন্যায়ালয়ত শুনানি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2020 9:14 am
583
VIEWS
Share on FacebookShare on Twitter

বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ ভৱিষ্যত সম্পৰ্কে আজি দেশৰ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিব।

উচ্চতম ন্যায়ালয়ত বি চি চি আইয়ে সংবিধান সংশোধনৰ লগতে গাংগুলী আৰু শ্বাহে কুলিং অফ পিৰিয়ডত যোৱাৰ বিপৰীতে নিজৰ পদত যাতে অধিষ্ঠিত হৈ থাকিব পাৰে তাৰ বাবে আবেদন জনাইছিল।

সেই আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি হ’ব।

উল্লেখ্য যে, বিহাৰ ক্ৰিকেট সংঘৰ সচিব আদিত্য বৰ্মাই ২০১৩ চনৰ আই পি এল স্পট ফিক্সিং সন্দৰ্ভত উচ্চতম ন্যায়ালত আবেদন জনাইছিল।

বৰ্মাৰ আবেদনৰ পিছতে উচ্চতম ন্যায়ালয়ে লোধা সমিতি বনাই দিছিল আৰু সেই সমিতিয়ে বি চি চি আইৰ বিভিন্ন নিয়ম সংশোধন কৰি আমূল পৰিৱৰ্তন সাধন কৰিছিল।

বি চি চি আইৰ নতুন সংবিধান অনুসৰি কোনো এজন লোকে যদি একেৰাহে ছয় বছৰ কোনো ৰাজ্যিক ক্ৰিকেট ব’ৰ্ড বা বি চি চি আইৰ কোনো পদত অধিষ্ঠিত হৈ থাকে তেন্তে তাৰ পিছত তেওঁ তিনি বছৰৰ বাবে কুলিং অফ পিৰিয়ডত যাব লাগে।

গাংগুলী আৰু শ্বাহে ব’ৰ্ডৰ দায়িত্ব গ্ৰহণ কৰিছিল যোৱা বছৰ অক্টোবৰ মাহত। আৰু দুয়োজনৰে ছয় বছৰ কাৰ্যকাল শেষ হ’বলৈ ৯ মাহ বাকী আছিল।

ইতিমধ্যে জয় শ্বাহৰ কাৰ্যকাল উকলি যোৱাৰ বিপৰীতে সৌৰভ গাংগুলীৰ কাৰ্যকাল চলিত মাহৰ শেষৰ ফালে অন্ত পৰিব।

আবেদনকাৰী বৰ্মাই কয় যে সৌৰভ গাংগুলী বি চি চি আইৰ অধ্যক্ষ হৈ থকাটো নিতান্তই প্ৰয়োজন। যদি আজি উচ্চতম ন্যায়ালয়ে গাংগুলীক কুলিং অফ পিৰিয়ডত যোৱাৰ বিপৰীতে অধ্যক্ষ হৈ থকাৰ অনুমতি দিয়ে তেন্তে তেওঁৰ উকীলে বিৰোধ নকৰে বুলি স্পষ্ট কৰি দিয়ে।

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd