আজিৰে পৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৭০ টা সংগঠনৰ গণ সত্যাগ্ৰহ

16-11-18-Guwahati-KMSS-and-others-protest-12-750x375

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। ফাইল ফটো

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে আজিৰে পৰা পুনৰ ৭০টা সংগঠনে আৰম্ভ কৰিব গণ সত্যাগ্ৰহ কাৰ্যসূচী। কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি মুঠ ৭০টা সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।

আজি চাৰিখন জিলা নগাঁও, তিনিচুকীয়া, গোৱালপাৰা আৰু শিৱসাগৰত আৰম্ভ হ’ব প্ৰতিবাদ। আনহাতে, অহা ডিচেম্বৰত সংগঠনকেইটাই দিল্লীতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৭০টা  সংগঠনে আজিৰে পৰা আৰম্ভ কৰা গণ সত্যাগ্ৰহ কাৰ্যসূচী তিনিটা পৰ্যায়ত প্ৰতিখন জিলাতে অনুষ্ঠিত হ’ব।

তদুপৰি, অহা ২৮ নৱেম্বৰত বুদ্ধিজীৱী, সাংবাদিক, লেখক তথা নাগৰিক সমাজক লৈ জাতিধ্বংসী বিধেয়কখন সন্দৰ্ভত কৃষক মুক্তিৰ কাৰ্যলয়ত আলোচনা অনুষ্ঠিত কৰা হ’ব।

দেওবাৰে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে এক সাংবাদিক মেলত বিজেপি  আৰু আৰএছএছক তীব্ৰ সমালোচনা কৰি ৰাম মন্দিৰক লৈ কৰা ৰাজনীতি সন্দৰ্ভত কিছু মন্তব্য আগবঢ়াইছিল।

আনহাতে, কৃষক নেতাগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত অগপ আৰু বিজেপিৰ গোপন মিত্ৰতা সম্পৰ্কত কটুক্তি কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে।

আজি চাৰিখন জিলাত আৰম্ভ কৰা গণ সত্যাগ্ৰহ কাৰ্যসূচী ২৭নৱেম্বৰত ধেমাজি, ডিব্ৰুগড়, যোৰহাট, সোনাৰী, গোলাঘাট, মৰিগাঁও, বৰপেটা, ওদালগুৰি, কামৰূপ, ধুবুৰী আৰু কাছাৰ জিলাতো ৰূপায়ণ কৰা হ’ব। একেদৰে  ২৮ নৱেম্বৰত সংগঠনকেইটাই হোজাইত এই গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিব।