কোকৰাঝাৰ প্ৰশাসনে সোমবাৰৰ পৰা দৈনিক ৭,০০০ লোকক কৰিব ভেকচিন প্ৰদান

dog

*

ৰাজ্যত সোমাবাৰৰ পৰা ৰাজ্যত আৰম্ভ হব বৃহৎ কোভিড ভেকচিনেচন ।

ইতিমধ্যে কোকৰাঝাৰ প্ৰশাসনো সোমবাৰৰ পৰা দৈনিক ৭,০০০ লোকক ভেকচিনেচনৰ ব্যৱস্থা লোৱা হৈছে |

আজি কোকৰাঝাৰ জিলা উপাইক্ত মেঘা নেধি দাহালই এখন সংবাদ মেল সম্বোধন কৰি কৈযে ৰাজ্য চৰকাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ জিলাত বৃহৎ ভেকচিনেচন প্ৰক্ৰিয়া প্ৰদান কৰিবলৈ ব্যৱস্থা লৈছে জিলা প্ৰশাসনে ।

জিলাত মুঠ ৫০ টা ভেকচিনেচন কেন্দ্ৰ স্থাপন কৰা হৈছে, কোনো পঞ্জীয়ন নকৰাকৈ ভেকচিনেচন কেন্দ্ৰত ১৮ বছৰ উৰ্ধৰ লোকে গ্ৰহণ কৰিব পাৰিব ভেকচিন ।

ইয়াৰ বাবে জিলাৰ প্ৰতিটো নাগৰিকক ভেকচিন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই উপাইক্ত মেঘা নেধি দাহালই ।সমগ্ৰ জিলাত সৰ্বমুঠ ৮০’০০০ নাগৰিকয়ে ভেকচিন গ্ৰহণ কৰা সমাপ্তি হোৱা বুলিও উল্লেখ কৰে ।