কংগ্ৰেছৰ চাকৰি গেৰাণ্টি অভিযানত ৭০০০০ তকৈ অধিক পঞ্জীয়নভুক্ত

a congrssss

কংগ্ৰেছৰ চাকৰি গেৰাণ্টি অভিযানত ৭০০০০ তকৈ অধিক পঞ্জীয়ন ভুক্ত হোৱা বুলি সংবাদমেলত সদৰী কৰে কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই।

“কংগ্রেছৰ ৫ গেৰাণ্টি” শীৰ্ষক অভিযানৰ অংশস্বৰূপে অসমৰ নিবনুৱা যুৱক যুৱতী সকলৰ বাবে কংগ্ৰেছে চাকৰিৰ গেৰাণ্টি দিছে বুলি দাবী কৰি শৰ্মাই লগতে কয় “মাত্ৰ কেইদিনমানৰ ভিতৰতে এই অভিযানত www.Congressor5Guarantee.in ৱেবচাইটত এতিয়ালৈ ৭০০০০ তকৈ অধিক পঞ্জীয়নভূক্ত হৈছে।”

কংগ্রেছ দলে বছৰি এক লাখকৈ পাঁচ বছৰত সৰ্বমুঠ পাঁচ লাখ নিৱনুৱাক চৰকাৰী চাকৰি দিয়াৰ গেৰাণ্টি দিছে বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় “অসমৰ ৰাইজে কংগ্রেছ দলৰ লক্ষ্য আৰু উদ্দেশ্যক আন্তৰিকতাৰে সমৰ্থন জনাই নিবনুৱা সকলৰ বাবে চৰকাৰী চাকৰিৰ গেৰাণ্টি অভিযানত পঞ্জীয়ন কৰিছে।”

“জ্যেষ্ঠ কংগ্রেছ নেতাই সামাজিক মাধ্যমত “Congressor 5 Guarantee” অভিযানৰ ব্যাপক প্ৰচাৰ চলাইছে।” শৰ্মাই লগতে কয়।

সামাজিক মাধ্যমত Assam Bachao অফিচিয়েল হেণ্ডেলৰ জৰিয়তেও কংগ্রেছৰ চাকৰি গেৰাণ্টি অভিযানৰ প্ৰতি সমৰ্থন কৰিছে।

৭০০০০ ৰো অধিক পঞ্জীয়নে কংগ্রেছ দলৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি অসমবাসীৰ বিশ্বাস আৰু আস্থাক প্ৰতীয়মান কৰিছে বুলি শৰ্মাই দাবী কৰে।

ইয়াৰোপৰি, কংগ্রেছৰ চাকৰি গেৰাণ্টিয়ে অসমৰ যুৱক সকললৈ নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বুলিও তেওঁ কয়।

“দ্ৰুতগতিত পঞ্জীয়ন বৃদ্ধিয়ে নিশ্চিত কৰিছে যে কংগ্রেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হ’ব আৰু চৰকাৰ গঠন হোৱাৰ লগে লগে অসমৰ নিবনুৱা যুৱক-যুৱতী সকলৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব।” শৰ্মাই দাবী কৰি কয়।