NORTHEAST NOW (Assamese)

চিৰাঙৰ ধালাইগাঁৱত ৭১৭.১৫ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ ২জন

March 15, 2019 2:11 pm · অৰোজ খুংগুৰ গয়াৰী
ফটো : নৰ্থ-ইষ্ট নাও

গাঞ্জা সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা অসম আৰক্ষীয়ে আজি লাভ কৰিছে আন এক বৃহৎ সফলতা। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই চিৰাং জিলাৰ ধালাইগাঁও গেটৰ সমীপৰ পৰা ধালাইগাঁও আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমানৰ গাঞ্জা।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে এটা দুষ্ট চক্ৰই এন এল ০২ এল ২৪৮১ পঞ্জীয়নকৃত এখন ট্ৰেইলাৰ ট্ৰাকত ৭১৭.১৫ কেজি ওজনৰ গাঞ্জাখিনি বিহাৰৰ পৰা পাটনালৈ বুলি আনি থাকোতেই আৰক্ষীয়ে অভিযান চলাই ট্ৰাকখনৰ সৈতে গাঞ্জাখিনি জব্দ কৰে।

আৰক্ষীয়ে উক্ত গাঞ্জাখিনি সৰবৰাহৰ অভিযোগত দুজন লোকক আটক কৰাৰ লগতে জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব বুলি অনুমান কৰিছে।

গাঞ্জা সৰবৰাহৰ অভিযোগত আটক হোৱা যুৱক

আটকাধীন লোকজনে এই পৰ্যন্ত নিজৰ নাম আৰু ঠিকনা প্ৰকাশ কৰা নাই যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related News