সমগ্ৰ ৰাষ্ট্ৰৰ লগতে আজি বোকাখাতৰ ৰাজহুৱা খেল পথাৰতো বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ৷ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে ৷
অনুষ্ঠানত বোকাখাত আৰক্ষী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষা বাহিনী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজত অংশগ্ৰহণ কৰে ৷
বোকাখাতৰ সংবাদ ক্ষেত্ৰত অৰিহনা যোগোৱাৰ বাবে সাংবাদিক মহেশ আগৰৱালা, কাজিৰঙাৰ সাংবাদিক স্বপন নাথ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সাংস্কৃতিক ক্ষেত্ৰত বোকাখাতৰ শিল্পী বিজয় শর্মা আৰু নামটেমেৰাৰ ললিত লইং, সাহিত্য ক্ষেত্ৰত কমাৰগাওঁৰ পূৰৱী গগৈ ঢেকিয়াল ফুকন, কাজিৰঙাৰ কবি চেনীৰাম গগৈ, গড়মুৰৰ ধনীৰাম কুর্মীক সম্বৰ্দ্ধনা জনোৱা হয়।
সেইদৰে, সামাজিক ক্ষেত্ৰত মহুৰামুখৰ সুৰেণ বড়ি, বোকাখাতৰ কেশৱ চন্দ্র উপাধ্যায়, কৃষিৰ ক্ষেত্ৰত ধনশিৰিমুখৰ নবীন বৰা, বোকাখাতৰ বিকাশ ভৰালী, কুৰুৱাবাহীৰ ললিত দত্ত আৰু সুৰেন দাস, ক্ৰীড়া ক্ষেত্ৰত কমাৰগাওঁৰ সমৰ ক’লাবিদ তৰুণ কাকতি, বোকাখাতৰ নিহাল সিং ৰাজা, ৰাচেন অলম, কমাৰগাওঁৰ অভিষেক শইকীয়াক মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷
অনুষ্ঠানতে অসম অসামৰিক সেৱা পৰীক্ষাত সুক্ষাতিৰে উত্তীর্ণ হোৱা বেদব্ৰত পেগুকো ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় ৷
ইয়াৰ উপৰিও বোকাখাত আৰক্ষীৰ ১২ গৰাকী, কহঁৰা আৰক্ষীৰ ২ গৰাকী, কমাৰগাওঁ আৰক্ষীৰ ৪ গৰাকী, গাওঁৰক্ষী বাহিনীৰ ৩ গৰাকী আৰু কাজিৰঙাৰ গঁড় সুৰক্ষা বাহিনীৰ ১১ গৰাকী জোৱান আৰু বিষয়াক নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয় ৷
গণৰাজ্য দিৱসৰ কাৰ্যসুচীত বোকাখাতৰ নিউ হৰাইজন একাডেমি, জে ডি এছ জি মহাবিদ্যালয়, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ উপৰিও আৰ্চিতা গগৈৰ দলৰ সাংস্কৃতিক কাৰ্যসুচীৰ লগতে সঞ্জিত বৰাই বাঁহী বাদন পৰিবেশন কৰে ৷
গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনলাইন ৰচনা প্ৰতিযোগিতাৰ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীকো আজিৰ অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয় ৷
পুৱা৫-৩০বজাৰে পৰা দেশপ্রেমমূলক গীতেৰে আৰম্ভ হোৱা গণৰাজ্য দিৱসৰ কাৰ্যসুচীত মহাত্মা গান্ধীৰ আৱক্ষ মূর্তিত মহকুমাধিপতি বিপুল দাসে পুষ্পমাল্য অপর্ণ কৰাৰ উপৰিও জে.ডি.এছ.জি মহাবিদ্যালয়ৰ প্রাক্তন প্রবক্তা গোবিন দলেই নগৰ খনত থকা শ্বহীদ কমলা মিৰি উদ্যানৰ শ্বহীদ বেদীত পুষ্পমাল্য অর্পণ কৰে।
ইয়াৰ উপৰিও বোকাখাত মহকুমা প্রশাসনৰ দ্বাৰা চিকিৎসালয়ৰ ৰোগী, অনাথ আশ্রম, বিকলাঙ্গ কেন্দ্ৰৰ ছাত্র-ছাত্রীৰ মাজত ফলমূল বিতৰণ কৰা হয়।