দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে চি বি এছ ইৰ কঠোৰ নিৰ্দেশনা

8c1a2dc46fc519f144daf644bb60f076

প্ৰতিনিধিত্বমূলক চিত্ৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চি বি এছ ই)ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ হ’লে এতিয়াৰে পৰা শ্ৰেণীকোঠাত উপস্থিতিৰ শতকৰা হাৰ ৭৫ শতাংশ থকাটো বাধ্যতামূলক।

চি বি এছ ইয়ে নতুন বছৰৰ প্ৰথম দিনটোতে দেশৰ সকলো শিক্ষানুষ্ঠানলৈ এই জৰুৰী নিৰ্দেশ প্ৰেৰণ কৰিছে।

যিসকল ছাত্ৰ-ছাত্ৰীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব সেই সকল পৰীক্ষাৰ্থীৰ উপস্থিতিৰ হাৰ ২০২০ চনৰ ১ জানুৱাৰিলৈ ৭৫ শতাংশ হ’ব লাগিব বুলি নিৰ্দেশটোত কোৱা হৈছে।

এই নতুন নিয়ম অনুসৰি যিসকল ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীকোঠাত উপস্থিতিৰ হাৰ ৭৫ শতাংশতকৈ কম সেই সকল ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ’ব।

উল্লেখ্য যে অহা ১৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’বলগীয়া ব’ৰ্ড পৰীক্ষাৰ বাবে যি সকল শিক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিব সেই সকলকহে এডমিট কাৰ্ড প্ৰদান কৰিব।

ইফালে যিসকল ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীত উপস্থিত থাকিব নোৱাৰাৰ কাৰণ দৰ্শাব বিচাৰে তেন্তে তেওঁলোকে আঞ্চলিক কাৰ্যালয়ৰ সৈতে ৭ জানুৱাৰিৰ পূৰ্বে যোগাযোগ কৰিব লাগিব।

কিয়নো চি বি এছ ইয়ে ৭ জানুৱাৰিত অৱতীৰ্ণ হ’ব লগীয়া পৰীক্ষাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব।

এই নিয়মৰ উপৰি চি বি এছ ইয়ে পৰীক্ষাৰ্থী সকলৰ বাবে আন কেইবাটাও নতুন নিয়ম প্ৰযোজ্য কৰাৰ সিদ্ধান্ত লৈছে।