ৰাজ্যৰ বিদ্যালয় সমূহৰ দৰে মহাবিদ্যালয় সমূহৰো একত্ৰীকৰণ কৰিব খুজিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। ৫০০ তকৈ কম শিক্ষাৰ্থী থকা ৭৯ খনকৈ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিৰে হোৱা এখন বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰিছে ৰণোজ পেগুৱে। লগতে এই শিক্ষানুষ্ঠান সমূহত খালী হৈ থকা পদসমূহ পূৰণ নকৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে মহাবিদ্যালয়সমূহ একত্ৰীকৰণৰ বাবে খচৰা প্ৰস্তুত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
উল্লেখ্য যে শেহতীয়া বছৰকেইটাত ছয় সহস্ৰাধিক অসমীয়া মাধ্যমৰ চৰকাৰী স্কুল বন্ধ কৰি দিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। এইবাৰ একেবোৰ কাৰণকে দোহাই দি মহাবিদ্যালয় সমূহতো তলা ওলমোৱাৰ ব্যৱস্থা কৰিছে বিজেপি চৰকাৰে।
কিছুদিন আগতে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত ৰাজ্যখনৰ ৮০০ খন চৰকাৰী আৰু বেচৰকাৰী উচ্চ শিক্ষা প্রতিষ্ঠানক লৈ হোৱা এক তিনিদিনীয়া কৰ্মশালাত শিক্ষা মন্ত্ৰী ৰণোজ পেণুৱে কৈছিল যে উচ্চ শিক্ষা খণ্ডত অসমত মুঠ নামভৰ্তিৰ হাৰ হ’ল ১৬.৯ শতাংশ। আনহাতে ইয়াৰ ৰাষ্ট্ৰীয় হাৰ হ’ল ২৮.৪ শতাংশ।