প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষিত যাত্ৰা আৰু নিৰাপত্তাৰ বাবে ৮.৫ হাজাৰ কোটি টকীয়া বিলাসী বিমান

ModiAirIndiaOne

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰিক্ষত যাত্ৰা আৰু নিৰাপত্তাৰ বাবে এইবাৰ আমেৰিকাৰ পৰা ক্ৰয় কৰা হৈছে ৮.৫ হাজাৰ কোটি টকীয়া বিমান।

সকলো ঠিকে ঠাকে থাকিলে অহা সপ্তাহৰ ভিতৰতে এই বিলাসী ভিভিআইপিৰ বিমান এখন দিল্লীত অৱতৰণ কৰিবহি।

উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিসহ বিশেষ পদমৰ্যাদা সম্পন্ন ব্যক্তিৰ বাবে চৰকাৰে বিপুল আকাৰৰ অত্যাধুনিক দুখন বিশষে ব’য়িং বিমান ক্ৰয় কৰিছে।

ইয়াৰে এখন ব’য়িং বিমান অহা সপ্তাহত দিল্লীত অৱতৰণ কৰিব আৰু আনখন চলত বছৰৰ শেষৰফালে দিল্লী পোৱাহি কথা।

এই দুখন বিমানৰ এখন দেশৰ প্ৰধানমন্ত্ৰীৰ বাবে আনখন ৰাষ্ট্ৰপতিৰ বাবে ক্ৰয় কৰা হৈছে।

এই দুখন ব’য়িং বিমানৰ মূল্য হৈছে ৮,৪৫৮ কোটি টকা।

এয়াৰ ইণ্ডিয়া ৱান নামৰ এই দুখন বিমানক মাৰ্কিন ৰাষ্ট্ৰপতিৰ বিমান এয়াৰ ফ’ৰ্ছ ৱানৰ দৰে নিৰ্মাণ কৰা হৈছে।

এই বিশেষ ব’য়িং বিমানকেইখন চলাব বায়ু সেনাৰ বিশেষভাৱে প্ৰশিক্ষণ প্ৰাপ্ত পাইলটে।

আমেৰিকাৰ ফ্ল’ৰিডাৰ পৰা আনিব লগা এই ব’য়িং বিমান দুখনে ৭৭৭ ক্ষেপনাস্ত্ৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে।

অত্যাধুনিক সুৰিক্ষত আৰু যোগাযোগ সংক্ৰান্ত্ৰীয় অডিঅ’ আৰু ভিডিঅ’ ব্যৱস্থা উপলব্ধ হ’বলগীয়া এই ব’য়িং বিমান দুখনত মেডিকেল চেন্টাৰ, ভিভিআইপিৰ বাবে কনফাৰেঞ্চ হল আদিও থাকিব।

একেৰাহে ১৭ ঘন্টা সময় উৰিব পাৰিব এই দুয়োখন অত্যাধুনিক ব’য়িং বিমানে।