NORTHEAST NOW (Assamese)

৮ বছৰীয়া ছাত্ৰীৰ সৈতে অপকৰ্ম কৰি হত্যা; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১২-১৩বছৰীয়া তিনি নাবালক অভিযুক্তক

July 11, 2024 4:18 pm · এন ই নাও নিউজ, গুৱাহাটী

একবিংশ শতিকাত সংঘটিত এক নাৰকীয় কাণ্ড! ৮ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে!ইতিমধ্যে আৰক্ষীয়ে ১২-১৩ বছৰ বয়সৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। জেৰাত অভিযুক্তই অপৰাধ স্বীকাৰ কৰি ছোৱালীজনীক হত্যা কৰি খালত পেলাই দিয়া বুলি জানিবলৈ দিয়ে। অন্ধ্ৰ প্ৰদেশৰ নন্দিয়ালা জিলাত সংঘটিত এই ঘটনাত এতিয়াও কিশোৰীগৰাকীৰ মৃতদেহ পোৱা নাই।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰৰ পৰা তৃতীয় শ্ৰেণীৰ ছোৱালীজনী নিৰুদ্দেশ হৈ আছে। দেউতাকে স্থানীয় থানালৈ গৈ এখন নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰে। তেওঁ আৰক্ষীক জনোৱা মতে, ছোৱালীজনীয়ে ঘৰৰ ওচৰৰ মুচুমাৰী পাৰ্কত খেলিবলৈ গৈছিল আৰু তাৰ পৰা ঘৰলৈ উভতি অহা নাছিল। অভিযোগ লাভ কৰাৰ পাছতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। সকলো সম্ভাৱ্য ঠাইত সন্ধান কৰে যদিও ছোৱালীগৰাকীক পোৱা নগ’ল।

ইয়াৰ পাছত যেতিয়া স্নিফাৰ কুকুৰে অঞ্চলটোত তালাচী চলাবলৈ আৰম্ভ কৰে, তেতিয়া কুকুৰটোৱে আৰক্ষীক নেতৃত্ব দি নাবালক তিনিজন ছাত্ৰৰ ওচৰলৈ লৈ যায়। ইয়াৰে দুজনৰ বয়স ১২ বছৰ, দুয়ো ষষ্ঠ শ্ৰেণীত পঢ়ি আছে। আন এজন সপ্তম শ্ৰেণীৰ ১৩ বছৰীয়া ছাত্ৰ।তিনিও ছোৱালীজনীৰ লগত একেখন স্কুলতে পঢ়া-শুনা কৰিছিল। ধৰা পৰাৰ পাছত আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে ছোৱালীজনীক ধৰ্ষণ কৰি হত্যা কৰি মৃতদেহটো পানীত পেলাই দিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তই জানিবলৈ দিয়া মতে, পাৰ্কত খেলা দেখি তিনিজন ছাত্ৰই কিশোৰীগৰাকীৰ সৈতে গৈ কথা পাতিছিল। ইয়াৰ পিছত তেওঁক মুচুমাৰী বান্ধৰ সমীপৰ এটা নিৰ্জন অঞ্চললৈ লৈ যোৱা হয়। তাতেই কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। ইয়াৰ পাছত  ছোৱালীজনীয়ে তেওঁলোকৰ নাম কোৱাৰ ভয়ত হত্যা কৰে। তাৰ পাছত মৃতদেহটো কাষতে এটা খালত পেলাই দিয়ে।

আনকি তদন্তকাৰী নিজেই গোটেই ঘটনাটো শুনি কঁপি উঠিছে। অৱশ্যে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ নোহোৱাৰ পৰা আৰক্ষীয়ে এতিয়াও নিৰুদ্দেশৰ গোচৰ হিচাপে গণ্য কৰি আছে, হত্যাৰ গোচৰ ৰুজু হোৱা নাই।

Related News