স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

স্ত্ৰী শিক্ষাৰ বিৰোধিতা! প্ৰাচ্যৰ ইৰাণৰ দৰেই মধ্যপ্ৰাচ্যৰ তালিবান শাসিত আফগানিস্তানতো স্ত্ৰী শিক্ষাৰ বিৰোধিতাৰ ঢৌ উঠিছে। তালিবান শাসিত দেশখনত স্কুলীয়া ছাত্ৰীক বিষাক্ত খাদ্য খোৱাই হত্যা কৰাৰ চেষ্টা চলোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

জানিব পৰা মতে, সংকটজনক অৱস্থাত ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। একেৰাহে দুদিন উত্তৰ আফগানিস্তানৰ দুখন বিদ্যালয়ত ভালেসংক্যক ছাত্ৰী অসুস্থ হৈ পৰে। ছাত্ৰীসকলক বিষাক্ত দ্ৰব্য সেৱন কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰসংগক্ৰমে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ইৰাণৰ বিদ্যালয়ত ছাত্ৰীক বিষাক্ত দ্ৰব্য সেৱন কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

অৱশ্যে, আফগানিস্তানৰ স্থানীয় প্ৰশাসনে এই অভিযোগ অস্বীকাৰ কৰি বিষয়টো ব্যক্তিগত আক্ৰোশৰ ফল বুলিহে দাবী কৰিছে।

প্ৰকাশ পোৱা মতে, যোৱা শনি আৰু দেওবাৰে সঞ্চাৰক জিলাৰ দুগৰাকী প্ৰাথমিক বিদ্যালয়ৰ ছোৱালী অসুস্থ হৈ পৰে। এই বিদ্যালয় দুখন ওচৰা-ওচৰি। ততাতৈয়াকৈ দুখন বিদ্যালয়ৰ অসুস্থ ছাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

অৱশ্যে, ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিলেও আটাইকেইগৰাকী সুস্থ বুলি স্থানীয় শিক্ষা বিষয়াগৰাকীয়ে জনায়। ঘটনাৰ তদন্ত চলি থকা বুলিও তেওঁ কয়। তৃতীয় পক্ষৰ ব্যক্তিগত আক্ৰোশৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰশাসনে অনুমান কৰিছে বুলিও প্ৰকাশ কৰিছে।

২০২১ চনত আফগানিস্তানত ক্ষমতা দখল কৰাৰ পিছত তালিবানে মহিলাৰ শিক্ষাৰ ওপৰত প্ৰতিবন্ধকতা স্থাপন কৰি আহিছে। ছোৱালীৰ বাবে স্কুল-কলেজ বন্ধ কৰি দিয়া হৈছে। কিন্তু বিভিন্ন পক্ষৰ হেঁচাত কিছুদিনৰ পাছত ছোৱালীৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ দুৱাৰ পুনৰ মুকলি কৰিবলৈ বাধ্য হয় তালিবান প্ৰশাসন। 

তেতিয়াৰ পৰা আফগান ছোৱালীয়ে ষষ্ঠ শ্ৰেণীলৈকে পঢ়িব পাৰে। এতিয়া অভিযোগ উঠিছে যে ছোৱালীসকলৰ শিক্ষা গ্ৰহণৰ সেই বাট বন্ধ কৰিবলৈ বিষ প্ৰয়োগ কৰা হৈছে। কাৰণ সাধাৰণ তালিবানীয়ে স্ত্ৰী শিক্ষাৰ এতিয়াও বিৰোধিতা কৰি আহিছে।

উল্লেখ্য, তালিবানৰ শাসন পুনঃপ্ৰতিষ্ঠাৰ পিছত আফগানিস্তানত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত এইটোৱেই প্ৰথম আক্ৰমণ।

প্ৰসংগক্ৰমে কেইমাহমানৰ আগতে ইৰাণৰ মহিলা ছাত্ৰ-ছাত্ৰীকো একে ধৰণে আক্ৰমণ কৰা হৈছিল। ইৰাণৰ কেইবাখনো চহৰৰ বিভিন্ন বিদ্যালয়ত শ শ  ছাত্ৰী অসুস্থ হৈ পৰিছিল। বিষাক্ত দ্ৰব্য সেৱন কৰা বুলি অভিযোগ উত্থাপন হৈছিল। ইৰাণৰ উপ-স্বাস্থ্যমন্ত্ৰীয়ে নিজেই এই কথা স্বীকাৰ কৰিছিল।

তেওঁ আৰু কৈছিল যে, মহিলা শিক্ষাৰ বিৰোধীসকলেহে এনে কাম কৰিছে। ইৰাণৰ গৃহ মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছিল যে, “মূলতঃ অভিযুক্তই ছাত্ৰ-ছাত্ৰীৰ মনত ভয়ৰ সৃষ্টি কৰিবলৈ কম ক্ষতিকাৰক উপায় বাছি লৈছিল।”

ইৰাণৰ পৰা অণুপ্ৰাণিত হৈ স্ত্ৰী শিক্ষা বিৰোধীসকলে আফগানিস্তানত এই পন্থা গ্ৰহণ কৰা বুলি এতিয়া চৰ্চা লাভ কৰিছে।