• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2023 7:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্ত্ৰী শিক্ষাৰ বিৰোধিতা! প্ৰাচ্যৰ ইৰাণৰ দৰেই মধ্যপ্ৰাচ্যৰ তালিবান শাসিত আফগানিস্তানতো স্ত্ৰী শিক্ষাৰ বিৰোধিতাৰ ঢৌ উঠিছে। তালিবান শাসিত দেশখনত স্কুলীয়া ছাত্ৰীক বিষাক্ত খাদ্য খোৱাই হত্যা কৰাৰ চেষ্টা চলোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

জানিব পৰা মতে, সংকটজনক অৱস্থাত ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। একেৰাহে দুদিন উত্তৰ আফগানিস্তানৰ দুখন বিদ্যালয়ত ভালেসংক্যক ছাত্ৰী অসুস্থ হৈ পৰে। ছাত্ৰীসকলক বিষাক্ত দ্ৰব্য সেৱন কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰসংগক্ৰমে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ইৰাণৰ বিদ্যালয়ত ছাত্ৰীক বিষাক্ত দ্ৰব্য সেৱন কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

অৱশ্যে, আফগানিস্তানৰ স্থানীয় প্ৰশাসনে এই অভিযোগ অস্বীকাৰ কৰি বিষয়টো ব্যক্তিগত আক্ৰোশৰ ফল বুলিহে দাবী কৰিছে।

Apply Now

প্ৰকাশ পোৱা মতে, যোৱা শনি আৰু দেওবাৰে সঞ্চাৰক জিলাৰ দুগৰাকী প্ৰাথমিক বিদ্যালয়ৰ ছোৱালী অসুস্থ হৈ পৰে। এই বিদ্যালয় দুখন ওচৰা-ওচৰি। ততাতৈয়াকৈ দুখন বিদ্যালয়ৰ অসুস্থ ছাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

অৱশ্যে, ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিলেও আটাইকেইগৰাকী সুস্থ বুলি স্থানীয় শিক্ষা বিষয়াগৰাকীয়ে জনায়। ঘটনাৰ তদন্ত চলি থকা বুলিও তেওঁ কয়। তৃতীয় পক্ষৰ ব্যক্তিগত আক্ৰোশৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰশাসনে অনুমান কৰিছে বুলিও প্ৰকাশ কৰিছে।

২০২১ চনত আফগানিস্তানত ক্ষমতা দখল কৰাৰ পিছত তালিবানে মহিলাৰ শিক্ষাৰ ওপৰত প্ৰতিবন্ধকতা স্থাপন কৰি আহিছে। ছোৱালীৰ বাবে স্কুল-কলেজ বন্ধ কৰি দিয়া হৈছে। কিন্তু বিভিন্ন পক্ষৰ হেঁচাত কিছুদিনৰ পাছত ছোৱালীৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ দুৱাৰ পুনৰ মুকলি কৰিবলৈ বাধ্য হয় তালিবান প্ৰশাসন। 

তেতিয়াৰ পৰা আফগান ছোৱালীয়ে ষষ্ঠ শ্ৰেণীলৈকে পঢ়িব পাৰে। এতিয়া অভিযোগ উঠিছে যে ছোৱালীসকলৰ শিক্ষা গ্ৰহণৰ সেই বাট বন্ধ কৰিবলৈ বিষ প্ৰয়োগ কৰা হৈছে। কাৰণ সাধাৰণ তালিবানীয়ে স্ত্ৰী শিক্ষাৰ এতিয়াও বিৰোধিতা কৰি আহিছে।

উল্লেখ্য, তালিবানৰ শাসন পুনঃপ্ৰতিষ্ঠাৰ পিছত আফগানিস্তানত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত এইটোৱেই প্ৰথম আক্ৰমণ।

প্ৰসংগক্ৰমে কেইমাহমানৰ আগতে ইৰাণৰ মহিলা ছাত্ৰ-ছাত্ৰীকো একে ধৰণে আক্ৰমণ কৰা হৈছিল। ইৰাণৰ কেইবাখনো চহৰৰ বিভিন্ন বিদ্যালয়ত শ শ  ছাত্ৰী অসুস্থ হৈ পৰিছিল। বিষাক্ত দ্ৰব্য সেৱন কৰা বুলি অভিযোগ উত্থাপন হৈছিল। ইৰাণৰ উপ-স্বাস্থ্যমন্ত্ৰীয়ে নিজেই এই কথা স্বীকাৰ কৰিছিল।

তেওঁ আৰু কৈছিল যে, মহিলা শিক্ষাৰ বিৰোধীসকলেহে এনে কাম কৰিছে। ইৰাণৰ গৃহ মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছিল যে, “মূলতঃ অভিযুক্তই ছাত্ৰ-ছাত্ৰীৰ মনত ভয়ৰ সৃষ্টি কৰিবলৈ কম ক্ষতিকাৰক উপায় বাছি লৈছিল।”

ইৰাণৰ পৰা অণুপ্ৰাণিত হৈ স্ত্ৰী শিক্ষা বিৰোধীসকলে আফগানিস্তানত এই পন্থা গ্ৰহণ কৰা বুলি এতিয়া চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd