মহাৰাষ্ট্রৰ উপ-মুখ্যমন্ত্রী একনাথ শিন্ডেৰ বিৰুদ্ধে কমেডিয়ান কুণাল কামৰাই কটাক্ষ কৰি কৌতুক কৰাৰ পিছত সৃষ্টি হোৱা বিতৰ্কৰ পাছত মৌনতা ভাঙিলে শিন্ডে। কামৰাই এটা লাইভ অনুষ্ঠানত শিন্ডেক বিশ্বাসঘাতক বুলি কৈ মহাৰাষ্ট্রৰ ৰাজনীতিৰ ভাঙনৰ কথা উল্লেখ কৰি দৰ্শকক হাঁহিৰ খোৰাক যোগাইছিল। তেওঁ শিৱসেনা আৰু এনচিপিৰ বিভাজনৰ কথা কৈ এটা জনপ্রিয় হিন্দী গানৰ পেৰ’ডি গায়, য’ত শিন্ডেক দলবাগৰা আৰু স্বাৰ্থপৰ বুলি কটাক্ষ কৰা হয়।
ইয়াৰ পিছত মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবিশৰ পৰোক্ষ হুমকিৰ পিছত মুম্বাই পৌৰসভাই কামৰাৰ হেবিটেট ষ্টুডিঅ’ অবৈধ ভাবে নিৰ্মাণৰ অভিযোগত ভাঙি পেলোৱাৰ চেষ্টা কৰে। কিন্তু কামৰাই তেওঁৰ মন্তব্যৰ বাবে ক্ষমা নিবিচাৰো বুলি উল্লেখ কৰে আৰু তেওঁ এই মন্তব্যৰ বাবে কোনোধৰণৰ অনুশোচনা কৰা নাই বুলি মত প্ৰকাশ কৰে।
ইয়াৰ প্ৰত্যুত্তৰত শিন্ডে কয়, তেওঁ বালাসাহেব ঠাকৰেৰ আদৰ্শ মানি চলে। ৮০ শতাংশ সমাজসেৱা আৰু ২০ শতাংশ ৰাজনীতি কৰে বুলি উল্লেখ কৰে। তেওঁ নিজৰ কামৰ জৰিয়তে মিত্ৰজোটৰ জয়ৰ কথা উল্লেখ কৰি কয় যে তেওঁ জনগণৰ বাবে কাম কৰি যাব আৰু নিজকে ‘সাধাৰণ মানুহ’ বুলি গণ্য কৰে। তেওঁৰ ৰাজ্যৰ সাধাৰণ মানুহক ‘চুপাৰমেন’ কৰি তুলি তেওঁলোকৰ জীৱন উন্নত কৰাই লক্ষ্য বুলি উল্লেখ কৰে।