NORTHEAST NOW (Assamese)

১৪ ঘন্টাত ৮০০ টা জোকাৰণি : ভূমিকম্পই কঁপাইছে আইচলেণ্ড

November 11, 2023 7:44 pm · এন ই নাও নিউজ, নতুন দিল্লী

শুকুৰবাৰৰ পৰা ধাৰাবাহিকভাবে অহা ভূমিকম্পৰ জোকাৰণিয়ে বিধ্বস্ত কৰিছে আইচলেণ্ডক।

প্ৰশাসনৰ সূত্ৰ অনুসৰি ১৪ ঘন্টাত ৮০০টা ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছে দেশখনত। চৰকাৰে আগ্নেয়গিৰিৰ সম্ভাৱনা প্ৰকাশ কৰি সতৰ্কবাণী জাৰি কৰিছে।

জানিব পৰা মতে, আইচলেণ্ডৰ ৰেইকজান্স মালভূমি এই ভূমিকম্পৰ উৎস। 

প্ৰশাসনিক বিষয়াসকলে কয়, “গ্ৰিণ্ডাভিকৰ উত্তৰ দিশৰ সুন্দাঞ্জুকাগিগাত কেইবাবাৰো তীব্ৰ ভূমিকম্পৰ জোকাৰণি অনুভৱ হৈছিল। তাত সৰ্বোচ্চ কম্পন আছিল ৫.২ ৰিখটাৰ।

বতৰ বিজ্ঞানীসকলে কয় যে আগ্নেয়গিৰিৰ বিস্ফোৰণৰ সম্ভাৱনা থাকিলে এনে কম্পন হয়। অহা কেইদিনমানৰ ভিতৰত অঞ্চলটোত আগ্নেয়গিৰিৰ লাভ নিৰ্গত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞানীসকলে। 

উল্লেখ্য যে এই গ্ৰীণ্ডাভিক গাঁৱত প্ৰায় ৪০০০ লোক বাস কৰে। এই অঞ্চল ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। সেই অঞ্চলৰ সকলো মানুহকে প্ৰশাসনে স্থানান্তৰিত কৰিছে। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে তেওঁলোকক নিৰাপদ স্থানত ৰখা হ’ব।

বতৰ বিজ্ঞানীসকলেও কয় যে ৰেজেন্স মালভূমি অঞ্চলত পৃষ্ঠৰ পৰা ৫ কিলোমিটাৰ গভীৰতাত মেগমা জমা হৈ আছে। যদি সেই মেগমা মাধ্যাকৰ্ষণ বলৰ বিপৰীতে ওপৰলৈ উঠি যায় তেন্তে আগ্নেয়গিৰিটো বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছে। 

লগতে কয় যে ভূমিকম্পৰ ফলত সকলোতে ফাট মেলিছে। সেই ফাটবোৰৰ মাজেৰে লাভা বাহিৰলৈ বৈ যাব পাৰে। 

মন কৰিবলগীয়া যে আইচলেণ্ডত এই ধৰণৰ ভূমিকম্প বা আগ্নেয়গিৰিৰ ঘটনা নতুন নহয়। ইয়াৰ পূৰ্বে ২০১০ চনত আগ্নেয়গিৰিৰ পৰা ভয়ংকৰ বিস্ফোৰণ ঘটিছিল। যাৰ বাবে ১ লাখ বিমান বাতিল কৰিবলগীয়া হৈছিল আৰু ১ কোটিৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছিল।

Related News