শিৱসাগৰত দিন ডকাইতি : মহিলাৰ পৰা কাঢ়ি নিলে নগদ ৮৩ হাজাৰ টকা

IMG-20180918-WA0001

আজি দিনৰ ১২ মান বজাত শিৱসাগৰ নগৰৰ মাজমজিয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। শিৱসাগৰ নগৰৰ সমীপৰ ঢুলীয়াপাৰৰ ৰংপুৰ নগৰৰ মীৰা বেগম নামৰ মহিলা গৰাকীয়ে আজি পুৱা ষ্টেইট বেংকৰ অ এন জি চি কলনি শাখাৰ পৰা উলিয়াই অনা নগদ ৮৩ হাজাৰ টকা বাইকত অহা কোনো অচিনাক্ত দুৰ্বৃত্তই লুটি লৈ যায়।

উল্লেখ্য যে বেংকৰ পৰা টকা উলিয়াই মহিলাগৰাকীয়ে বেটেৰী ৰিক্সাৰে নগৰৰ দিশে আহিছিল। নগৰৰ দ’লমুখ চাৰি আলিত থকা হোটেল ৰসৰাজত মিঠাই কিনিবলৈ বুলি বেটেৰী ৰিক্সাৰ পৰা নামোতেই তীব্ৰ বেগত বাইক লৈ অহা দুজন দূৰ্বৃত্তই মহিলাগৰাকীৰ হাতৰ পৰা বেগটো কাঢ়ি লৈ যায়। মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰে যদিও ঘটনাস্থলৰ পৰা নিমিষতে উধাও হয় ডকাইত দুজন।

উল্লেখ্য যে,  আজি বহু বছৰৰ আগৰে পৰা শিৱসাগৰ  নগৰৰ বেংক সমুহৰ পৰা  গ্ৰাহকে নগদ ধন উলিয়াই অনাৰ পাছতে এনেদৰে বাহিৰত ৰৈ থকা দূৰ্বৃত্তই টকা কাঢ়ি লৈ যোৱাৰ দৰে ঘটনা বহুবাৰ সংঘটিত হৈছে যদিও আৰক্ষীয়ে আজিলৈকে একো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই।

শিৱসাগৰ নগৰত গিজগিজাই থকা বিয়াগোম আৰক্ষী বাহিনীৰ সন্মুখৰ পৰা এইদৰে দিনদুপৰতে ডকাইতি কৰা ঘটনা সহজভাৱে লব পৰা নাই স্থানীয় জনসাধাৰণে।

উল্লেখ্য যে কিছুদিন পূৰ্বে নগৰৰ এলাহাবাদ বেংকৰ ভিতৰৰ পৰা এগৰাকী মহিলাৰ পৰা নগদ ৪৬ হাজাৰ টকা অতি কৌশলেৰে কাঢ়ি লৈ গৈছিল।