প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে ৮৫জন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ

WhatsApp-Image-2019-12-11-at-1.43.56-PM-1140x570-1-1024x512

গুৱাহাটীত বুধবাৰে নাগৰিকত্ব আইনৰ বিৰুদ্ধে হোৱা উত্তাল প্ৰতিবাদ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ সময়ছোৱাত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত ৰাজ্যখনত মুঠ ৮৫জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

শনিবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে।

মহন্তই লগতে জানিবলৈ দিয়ে যে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন হৈ আছে। আৰক্ষীয়ে হিংসাত্মক কাৰ্যক উচটনি দিয়া যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ডিজিপিগৰাকীয়ে সকীয়াই দিয়ে।

তেওঁ কয় যে শিলাবৰ্ষণ কৰা, বাহনত জুই জ্বলাই দিয়া তথা জীৱন আৰু সম্পত্তিত আক্ৰমণ চলোৱা ঘটনাৰ ভিডিঅ’ ৰখা হৈছে। এনে ঘটনাত জড়িত লোকক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

তদুপৰি, অস্থিৰতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতিবাদত জড়িত হৈ পৰা “দুষ্ট চক্ৰ’ক গ্ৰেপ্তাৰ কৰা হৈছে।

ডিজিপিগৰাকীয়ে লগতে কয় যে হিংসাত্মক কাৰ্যক উচটনি দিয়া যিকোনো ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আনহাতে, আৰক্ষীয়ে প্ৰতিবাদৰ সময়ত সংযম ৰক্ষা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰু কেবল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ সময়তে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মহন্তই কয়।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৰাইজক উৰা বাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনাই কোনো উৰা বাতৰি প্ৰচাৰিত হোৱাৰ সম্ভেদ পালেই স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায়।