পশ্চিম খাচি পাহাৰীয়া জিলা আৰক্ষীৰ এণ্টি নাৰ্কোটিক টাস্ক ফোৰ্চে মঙলবাৰে সন্ধিয়া চলোৱা দুটা সফল অভিযানত ৮৫০ কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰে।
প্ৰথমটো অভিযানত এম এল ০৫ জে ৫৮৮৬ নম্বৰৰ চুইফ্ট ডিজেয়াৰ গাড়ী এখনে ড্ৰাগছ লৈ মাওলাই অভিমুখে আহি থকাৰ খবৰ লাভ কৰে আৰক্ষীয়ে। উক্ত খবৰৰ ভিত্তিত মাওলাই আৰক্ষীৰ এটা বাহিনীয়ে গাড়ীখন জব্দ কৰে আৰু চীটৰ তলত লুকুৱাই থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনাৰ লগতে জড়িত জন ফিচকাল লিংখোই আৰু ৰিচাৰ্ড ৱাহলাঙক আৰক্ষীয়ে আটক কৰে।
আটকাধীন দুয়োগৰাকী ব্যাক্তিৰ নামত ইতিমধ্যে হত্যা, অপহৰণকে আদি কৰি ছয়টা গোচৰ ৰুজু হৈ আছে।
মাওলাই আৰক্ষীয়ে এন ডি পি এছ আইনৰ ধাৰা ২১(বি)ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।
অন্য এটা অভিযানত এ এন টি এফৰ দলে বুধবাৰে নিশা ১ মান বজাত এন এল ০১ কে ৭৪৯৮ নম্বৰ যুক্ত এখন ট্ৰাক মাওলিংগদ গাঁওত গাঁৱবাসীৰ সহযোগত জব্দ কৰে।
ট্ৰাকখনৰ গতিবিধিৰ ওপৰত গাঁৱবাসীৰ সন্দেহ ওপজাত তেওঁলোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে আৰু গাঁৱবাসীৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ট্ৰাকখন জব্দ কৰে।
ট্ৰাকখনৰ পৰা ৮৫০ কিলোগ্ৰাম ওজনৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয় বুলি মেঘালয় আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।
ট্ৰাকখনৰ চালক আৰু সহযোগী জনক আৰক্ষীয়ে আটক কৰি জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।