NORTHEAST NOW (Assamese)

অসমত ৮৭৫ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.৭ শতাংশ

September 27, 2020 10:45 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

৮৭৫গৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ১৫,৩৪৭টা ক’ভিড টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.৭ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২১৪ আৰু যোৰহাটৰ ১৫৯গৰাকী ব্যক্তি।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড ৰোগীৰ সংখ্যা ১,৬৯,৯৮৫লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১৭গৰাকী ক’ভিড১৯ ৰোগীয়ে দেওবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৬৫৫লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত শনিবাৰলৈকে ৬৩৮গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৩৮,৩০৭গৰাকী ব্যক্তিয়ে শনিবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

Related News