অৰুণাচলৰ জয়ৰামপুৰত এন ডি এফ বি(এছ)ৰ ৯জন কেডাৰ আটক

ndfb-2

প্ৰতিনিধিত্বমূলক চিত্ৰ

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰত যোৱা ১২ ডিচেম্বৰত আছাম ৰাইফলছৰ এটা দলে অভিযান চলাই ৯জন এন ডি এফ বি(এছ)ৰ কেডাৰক আটক কৰে।

নিষিদ্ধ ঘোষিত সংগঠনটোৰ সদস্য কেইজনক আটক কৰাৰ প্ৰসংগত শোনিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নুমল মহত্তাই জানিবলৈ দি কয় যে আটকাধীন সদস্য কেইজনে চিকিৎসা গ্ৰহণৰ বাবে ম্যানমাৰস্থিত তাগা শিৱিৰৰ পৰা আহিছিল। আৰু তেতিয়াই সদস্য কেইজনক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ৯জন সদস্যৰ ভিতৰত দুগৰাকী মহিলা সদস্য বুলিও জানিবলৈ দিয়ে। সদস্য কেইজন ক্ৰমে ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত শোনিতপুৰ বতাসিপুৰৰ ৰিতা স্বৰ্গিয়াৰী আৰু বিশ্বনাথ আৰক্ষী থানাৰ বালিচাঙৰ মনিৰাম বসুমতাৰী। আনহাতে বাকী কেইজন সদস্য হৈছে শুলেখা ব্ৰহ্ম, চুমুৰীয়া নাৰ্জাৰী, ৰাজেশ বসুমতাৰী, ৰবছানা বসুমতাৰী, লাওডাং মুছাহাৰী, দিলীপ নাৰ্জাৰী আৰু বিনাৰাম নাৰ্জাৰী।

ইফালে আটকাধীন সদস্য কেইজনে ম্যানমাৰত প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়।

ইয়াৰ উপৰি তেওঁ কয় যে অসম-অৰুণাচল সীমান্তত নিষিদ্ধ ঘোষিত সংগঠনৰ গতিবিধিৰ ওপৰত সুৰক্ষা কৰ্মীয়ে চোকা নজৰ ৰাখিছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।