অভূতপূৰ্ব মেচ! শূন্য ৰাণতে আউট ৯গৰাকী বেটছমেন; দলৰ স্ক’ৰ ৮ ৰাণ

cricket_web

প্ৰতিনিধিত্বমূলক ফটো

ক্ৰিকেটত পৰিণতিৰ বিষয়ে কোৱাটো জটিল। মুহূৰ্ততে সলনি হৈ যায় মেচৰ ৰূপ। এনেকুৱা এক অভূতপূৰ্ব মেচ দেখা পোৱা গ’ল দক্ষিণ এছিয়া ক্ৰীড়াত।

মেচখনত ৯গৰাকীকৈ বেটছমেন শূণ্য হাতেৰে পেভলিয়নলৈ উভতিল। দলৰ মুঠ ৰাণ সংখ্যা হ’লগৈ মাত্ৰ ৮ ৰাণ।

ক্ৰিকেট মেচত সাধাৰণতে বহু অঘটন ঘটা দেখা যায়। বহুত অভিলেখো সৃষ্টি হয়। কিন্তু নেপালত যিটো ঘটিল সেইটোৱে পূৰ্বৰ সকলো ঘটনাকে ম্লান কৰি দিলে।

দক্ষিণ এছিয়া ক্ৰীড়াত মালদ্বীপৰ মহিলা ক্ৰিকেট দলৰ এনে এক অৱস্থা হ’ব সেয়া হয়তো কোনোৱে সপোনতো ভাবিব নোৱাৰে।

শনিবাৰে নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা মেচখনত মালদ্বীপৰ দলটো ৮ ৰাণতে অল আউট হৈ যায়। ইয়াৰে ৯গৰাকী বেটছমেনে কোনো ৰাণ কৰিবলৈ সমৰ্থ নহ’ল।

কিন্তু এয়া বিপক্ষৰ দুৰ্দান্ত বলিং নে বেটছমেনসকলৰ চূড়ান্ত ব্যৰ্থতা সেয়া অৱশ্যেই চৰ্চাৰ বিষয়। তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ পাছতো কেনেকৈ দলটোৱে ৮ ৰাণ কৰিবলৈ সক্ষম হ’ল?

আপুনি হয়তো ভাবিব পাৰে বাকী দুগৰাকী বেটছমেনে ৰাণখিনি কৰিছে। কিন্তু নহয়, সেয়া আন এক চমৎকাৰ।

অ’পেনাৰ আইমা আছাথে ১২ টা বলত মাত্ৰ ১ ৰাণ কৰে। আনগৰাকী বেটছমেন শূন্য ৰাণত অপৰাজিত হৈ থাকে। বাকী সাত ৰাণ আহে অতিৰিক্ত হিচাপে।

প্ৰত্যুত্তৰত নেপালে কোনো উইকেট নেহেৰুৱাকৈ মাত্ৰ সাতটা বল খেলি বিজয়ৰ বাবে ৰামখিনি সংগ্ৰহ কৰে।

টী-২০ৰ ইতিহাসত চতুৰ্থ দ্ৰুতভাৱে ৰাণ কৰি বিজয় সাৱ্যস্ত কৰাৰ অভিলেখো গঢ়ে নেপালে। মহিলা টী-২০ ক্ৰিকেটত এইটো হ’ল দ্বিতীয় সৰ্বনিম্ন স্ক’ৰ।

উল্লেখযোগ্য যে ২০১৭চনত মালদ্বীপ মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলক আইচিচিয়ে স্বীকৃতি প্ৰদান কৰিছিল।

যোৱা সপ্তাহত দলটোৱে নেপালৰ বিৰুদ্ধে প্ৰথমখন টী-২০ মেচ খেলিছিল। মেচখনত দলটো ১১৫ৰাণত পৰাজিত হয়।

ইয়াৰ কেইদিনমান পূৰ্বে গ্ৰুপৰ এখন মেচত মালদ্বীপৰ দলটো নেপালৰ হাতত ২৪৯ ৰাণত পৰাজিত হৈছিল। ২৫৬ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৬ ৰাণতে অল আউট হৈছিল দলটো।

ইয়াৰ পাছতো মালদ্বীপৰ মহিলা ক্ৰিকেট দলটোৱে আই চি চিৰ স্বীকৃত টুৰ্ণামেন্টত ক্ৰিকেট খেলাৰ ধৃষ্টতা দেখুৱাব পাৰিবনে? সেয়া এক প্ৰশ্ন হৈ উঠিছে।