ৰাজ্যত অপৰিৱৰ্তিত কোভিড পৰিস্থিতি : যোৱা ২৪ ঘণ্টাত মৃত্যু ৯২ গৰাকী কৰোনাক্ৰান্তৰ

Covid19-and-Media-750x375

ৰাজ্যৰ কোভিড পৰিস্থিতিৰ এতিয়াও উদ্বেগজনক হৈয়েই আছে।

ৰাজ্যখনত নতুনকৈ কোভিডে কাঢ়ি নিছে গৰাকী ৯২ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৫৭৬৭ গৰাকী লোক ।

মংগলবাৰেৰে ৰাজ্যখনত মুঠ ১,১৪,৩১৫ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৬২৪ গৰাকী লোক । কোভিড পজিটিভিটিৰ হাৰ হৈছে ৫.০৮ শতাংশ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৪.৮৪ শতাংশ ।

ইতিমধ্যে ৰাজ্যত আন্তঃজিলা ভ্ৰমণত নিষেধাজ্ঞা অব্যাহত আছে। ইয়াৰ ফলত কোভিডৰ সংক্ৰমণৰ হাৰ ভালে খিনি নিম্নগামী হোৱাৰ আশা কৰা হৈছে।

ৰাজ্যত অক্সিজেনো প্ৰচুৰ মাত্ৰাত মজুত থকাৰ কথাও মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে।

সেইদৰে, ব্লেক ফাংগাছৰ সংক্ৰমণো এতিয়ালৈকে ৰাজ্যত নিয়ন্ত্ৰণৰ ভিতৰতে আছে।