NORTHEAST NOW (Assamese)

দিল্লীত এদিনতে ক’ৰ’না প’জিটিভ ৯৩ গৰাকী; সকলোৰে তবলিগী জামাতৰ সৈতে সম্পৰ্ক

April 9, 2020 9:40 am · এন ই নাও নিউজ

দিল্লীত ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। বুধবাৰে দিল্লীত নতুনকৈ ৯৩ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত নিশ্চিত হয়।

এদিনতে নতুনকৈ ক’ৰ’না প’জিটিভ হোৱা ৯৩ গৰাকী লোকৰ আটাইকেইগৰাকী লোকৰে তাবলিগী জামাতৰ সৈতে সম্পৰ্ক থকা বুলি দিল্লী চৰকাৰে প্ৰকাশ কৰিছে।

দেশৰ ৰাজধানী দিল্লীত বৰ্তমানলৈ মুঠ ৬৬৯ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৯ গৰাকী লোকৰ মৃত্যু হৈছে।

বৰ্তমানলৈ দিল্লীত ক’ৰ’না আক্ৰান্ত ৬৬৯ গৰাকী লোকৰ ভিতৰত ২৮ গৰাকী আই চি য়ুত থকাৰ লগতে ছয় গৰাকী লোক ভেণ্টিলেটৰত আছে।

আনহাতে, দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনিশ চিছোদিয়াই বুধবাৰে দিল্লীৰ মুঠ ২০ টা অঞ্চল ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণৰূপে চীল কৰি দিয়া হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে।

‘‘চীল কৰি দিয়া অঞ্চল সমূহত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰে আৰু তাৰপৰা কোনো লোক বাহিৰলৈ ওলাই আহিব নোৱাৰে,’’ চিছোদিয়াই লগতে কয়।

Related News