NORTHEAST NOW (Assamese)

মহাৰাষ্ট্ৰৰ নিৰ্বাচন : মুঠ ভোটতকৈ ভোটগণনাত বেছিকৈ ওলাল ৫,০৪,৩১৩ টা ভোট

November 27, 2024 7:56 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ই কেনে কথা কেনে কাণ্ড হব পাৰে? যদি এটা EVM ত ১০ টা ভোট থাকে বা ১০ গৰাকী ভোটাৰে ভোটদান কৰে তেন্তে গণনাটো নিশ্চয়কৈ ১০ টাই ওলাব. নিশ্চয়কৈ ১ টাও বেছি নোলায়। কিন্তু নাশ্ৰুত নাভূত ঘটনাই ঘটিছে মহাৰাষ্ট্ৰৰ নিৰ্বাচনী ফলাফলত। এক আজৱ তথ্য পোহৰলৈ আহিছে। যিমান ভোটাৰ ৰাইজে মহাৰাষ্ট্ৰত ভোট দিলে তাতকৈ ১ লাখ ২ লাখ নহয় ৫ লাখতকৈও বেছি ভোট ওলাল। তেন্তে ভাবি চাওঁক কি কথা কি কাণ্ড হৈ আছে? গণতন্ত্ৰত এয়া কি হবলৈ ধৰিছে? ভাবি চাওঁকচোন ভোটদান কৰা ভোটাৰৰ সংখ্যা বেলেগ আৰু গণনা হোৱা ভোটৰ সংখ্যা বেলেগ….. বেলেগ মানে এক বৃহৎ পাৰ্থক্য। ‎সদ্যসমাপ্ত নির্বাচনত ভোটদান কৰা মুঠ ভোটাৰৰ বিপৰীতে ওলাল ৫,০৪,৩১৩ ‎টা অতিৰিক্ত ভোট। মানে মুঠ ভোটদাতাতকৈ বেছি ভোট ওলাল… কোনোবা আত্মাই আহিয়ে সেই ভোট দিলেহি নেকি?

ভাৰতৰ নিৰ্বাচন আয়োগে দাঙি ধৰা তথ্যৰ ওপৰত ভিত্তি কৰি মই এই কথা কৈছো। কেৰাহিত শিলগুটি ভজা বা কণাৰ ফৰমুটি মাৰি এই কথা কোৱা নাই। ভাৰতৰ নির্বাচন ‎আয়োগৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰত চূড়ান্ত ভোটাৰৰ উপস্থিতি আছিল ৬৬.০৫%। অৰ্থাত্ মুঠ ৬,৪০,৮৮,১৯৫ গৰাকী ভোটাৰে ভোটদান কৰিছিল। কিন্তু অতি ৰহস্যজনকভাৱে গণনাৰ পাছত মুঠ ভোটাৰৰ সংখ্যা হলগৈ ৬,৪৫,৯২,৫০৮ টা। অৰ্থাৎ পুনৰ কৈছো ৫,০৪,৩১৩ ‎টা অতিৰিক্ত ভোট ওলাল ভোটদাতাতকৈ।

ভাবকচোন কেনে আচৰিত ঘটনা ঘটিছে। কিন্তু এই বিয়াগোম খেলিমেলিৰ পাছতো নিশ্চুপ নিৰ্বিকাৰ ভাৰতীয় নিৰ্বাচন আয়োগ। দেশজুৰি ইয়াক লৈ চাঞ্চল্যই বিৰাজ কৰিছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেই। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নিচিনাকৈ নিৰ্বাচনত বেলট পেপাৰৰ দাবী কৰি এক যাত্ৰা উলিয়াব কংগ্ৰেছে।

উল্লেখ কৰি থওঁ, আটাইতকৈ ডাঙৰ বিসংগতি দেখা গৈছিল মহাৰাষ্ট্ৰৰ আসতি আৰু ‎ওছমানাবাদ কেন্দ্রত। আসতি কেন্দ্রত গণনা কৰা ভোটৰ সংখ্যা দিয়া ভোটতকৈ ৪,৫৩৮ ‎টা বেছি আৰু ওছমানাবাদ কেন্দ্রত এই ভোটৰ পাৰ্থক্য আছিল ৪,১৫৫ টা।

উল্লেখ কৰি থওঁ এই ধৰণৰ ‎বিসংগতি ২০২৪ চনৰ মেমাহত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ সময়তো দেখা গৈছিল। সেই সময়ত এছচিয়েচন ফৰ ডেমক্রেটিক ‎ৰিফৰ্মছ চমুকৈ (এ ডি আৰ)-এ উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল, যাতে প্রতিটো ভোটপর্ব ‎শেষ হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত ভোটকেন্দ্ৰভিত্তিক ভোটাৰৰ উপস্থিতিৰ তথ্য প্রকাশ ‎কৰা হয়। এ ডি আৰ-এ এই আবেদনত উল্লেখ কৰিছিল যে প্রাথমিক আৰু চূড়ান্ত ‎উপস্থিতিৰ তথ্যৰ মাজত প্রায় ৫-৬% ৰ পাৰ্থক্য আছিল। কিন্তু উচ্চতম ন্যায়ালয়ে এই ‎অনুৰোধ প্রত্যাখ্যান কৰিছিল। ন্যায়ালয়ে কৈছিল যে এই ব্যৱস্থা বাস্তৱিকভাৱে জটিল ‎হব পাৰে আৰু তথ্য অপব্যৱহাৰৰ আশংকা বৃদ্ধি কৰিব। পুনৰ এবাৰ একেই কথা একেই কাণ্ডই সংঘটিত হৈছে। কিন্তু মোদী চৰকাৰৰ হাতৰ পুতলাত পৰিণত হোৱা ভাৰতীয় নিৰ্বাচনী  আয়োগ এইবোৰ দেখি শুনিও নিমাত আৰু চকু মুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছে।

আকৌ এবাৰ শেষত ভাবি চাওঁকচোন… এটা EVM ত যদি ১০ হাজাৰ ভোট পুলিং হয়, গণনাৰ সময়ত সেই ভোটৰ সংখ্যা একেই ওলাব, কমি যাব নে বাঢ়িব? এই সহজ প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ এৰিলো। আকৌ জনাই থৈছো…. মহাৰাষ্ট্ৰত ভোটদাতাতকৈ ৫,০৪,৩১৩ ‎টা অতিৰিক্ত ভোট ওলাল।

Related News