• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ৰ জালান বাগিচাৰ গছ কটাৰ প্ৰতিবাদত সংবাদমেল প্ৰকৃতিপ্ৰেমীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 27, 2024 7:33 pm
65
VIEWS
Share on FacebookShare on Twitter

যোৱা ০৬/১০/২০২৩ তাৰিখে ডিব্ৰুগড়ৰ জেউতি মৰল সংঘ প্ৰাঙ্গণত ডিব্ৰুগড় চহৰৰ ক্ৰমবৰ্ধমান পাৰিপাৰ্শ্বিক পৰিৱেশ ধ্বংসৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ ওপৰত আলোচনা কৰিবলৈ ডিব্ৰুগড়ৰ মহানগৰৰ বিভিন্নক্ষেত্ৰত জড়িত একাংশ সচেতন নাগৰিকৰ আহ্বানত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়৷

উক্ত আলোচনা চক্ৰখনত বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন নীতি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা নগৰ সেউজীয়া অঞ্চলৰ সংৰক্ষণ, উন্নয়ন আৰু পৰিচালনাৰ বাবে নিৰ্দেশনা (Urban Greening Guidelines, 2014) তথা অসমৰ চহৰ আৰু গ্ৰামাঞ্চল পৰিকল্পনা বিভাগে প্ৰস্তুত কৰা ডিব্ৰুগড়ৰ  খচৰা সংশোধিত মাষ্টাৰপ্লানৰ বিশদ আলোচনা কৰা হৈছিল৷

উক্ত সভাত ক্ৰমবৰ্ধমান ডিব্ৰুগড় মহানগৰৰ সেউজীয়া আচ্ছাদন ধ্বংস কৰা তথা জলাশয়বোৰ নোহোৱা কৰি পেলোৱা কাৰ্যত সচেতন নাগৰিকে উদ্বিগ্নতা প্ৰকাশ কৰে৷

উক্ত সভাত ডিব্ৰুগড়ৰ বিভিন্ন সামাজিক তথা পৰিৱেশ সংগঠন ক্ৰমে আৰণ্যক , অলগ্ৰীণ চচাইটি, বৃহত্তৰ ডিব্ৰুগড় নাগৰিক সভা , বৃহত্তৰ ডিব্ৰুগড় সাংবাদিক সন্হা,চয়নিকা,জেউতি মৰল সংঘ, নৱৰূপা সংঘ, সেউজ বন্ধন, ডিব্ৰুগড় আৰ্ট প্লেয়াৰচ্‌ চচাইটি, চিকিৎসক সন্হা, খোজ , নিজ বৈৰাগীমঠ বৰনামঘৰ পৰিচালনা সমিতি, ট্ৰেন্সপাৰেন্সি নৰ্থ ইষ্ট ফাউণ্ডেচন আৰু ইষ্টাৰ্ণ অসম চেম্বাৰছ অৱ কমাৰ্চৰ বিষয়ববীয়া তথা প্ৰতিনিধিয়ে ডিব্ৰুগড়ৰ সেউজ আচ্ছাদনৰ সুৰক্ষা তথা অন্যান্য পৰিৱেশজড়িত সমস্যাৰ বিষয়ে আলোকপাত কৰাৰ  লগতে সমাধানৰ বাবেও পৰামৰ্শ আগবঢ়াইছিল৷

উক্তসভাত এই বিষয়সমূহ আগুৱাই নিবলৈ “বহনক্ষম সেউজীয়া ডিব্ৰুগড় (Sustainable Green Dibrugarh )” নামৰ এক উমৈহতীয়া মঞ্চৰ গঠন কৰা হয়৷

উক্ত সভাৰ সিদ্ধান্ত অনুযায়ী ডিব্ৰুগড়ৰ বিদ্যমান নগৰীয়া সেউজীয়া অঞ্চল ( ২০২০ বৰ্ষ অনুসৰি ০.৭৫ বৰ্গ কিঃমিঃ  এলেকা) সংৰক্ষণ আৰু সুৰক্ষিত কৰা ,

জালান গ্ৰুপৰ অধীনস্থ দক্ষিণ জালান নগৰ চাহবাগিছাখনক ভূমিনীতিৰ অধীনত অধিগ্ৰহণ কৰি সমগ্ৰ সেউজীয়া অঞ্চলক “নগৰৰ জংঘল( Urban Jungle) হিচাপে ঘোষণা কৰা,  অসমৰ চহৰ আৰু গ্ৰামাঞ্চল পৰিকল্পনা বিভাগে প্ৰস্তুত কৰা ডিব্ৰুগড়ৰ খচৰা সংশোধিত মাস্টাৰ প্লানত উল্লেখ কৰা প্ৰকল্প নং ৩৫ স্থানান্তৰিত কৰা, অসম চহৰ আৰু গ্ৰামাঞ্চল পৰিকল্পনা আইন, ১৯৫৯ (সংশোধিত) অনুসৰি ধাৰা ১০ৰ উপ-ধাৰা ১ ৰ অধীনত প্ৰকল্পসমূহৰ অধীনত ‘আন্তঃৰাষ্ট্ৰীয় কনভেনচন চেন্টাৰক (ICC) প্ৰস্তাৱিত দক্ষিণ জালান চাহ বাগিচাৰ কনভয় পথৰ ২৫ হেক্টৰ চাহ খেতি অঞ্চলৰ পৰিবর্তে ডিব্ৰুগড়ৰ অন্য অঞ্চললৈ স্হানান্তৰিত কৰা,ডিব্ৰুগড়ৰ জলাশয়সমূহ (২০২০ বৰ্ষ অনুসৰি ০.৪৩ বৰ্গ কিঃমিঃ) সংৰক্ষণ আৰু সুৰক্ষিত কৰা, ডিব্ৰুগড় সংহতি এলেকাৰ জলাশয়সমূহ ( ২০২০ বৰ্ষ অনুসৰি ২.৭৪ বৰ্গ কিঃমিঃ) সংৰক্ষণ আৰু সুৰক্ষিত কৰা,  ডিব্ৰুগড় সংহতি এলেকাৰ বিদ্যমান চাহ বাগিচাৰ এলেকা (২.৩০ বৰ্গ কিঃমিঃ) সংৰক্ষণ আৰু সুৰক্ষিত কৰা,  বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন নীতি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা নগৰ সেউজীয়া অঞ্চলৰ সংৰক্ষণ, উন্নয়ন আৰু পৰিচালনাৰ বাবে দিয়া নিৰ্দেশনা (Urban Greening Guidelines, 2014) অতি সোনকালে  ডিব্ৰুগড় মহানগৰত কাৰ্যকৰী কৰা আদি বিষয় সন্নিৱিষ্ট কৰি মাননীয় মুখ্যমন্ত্ৰীকে ধৰি ডিব্ৰুগড় জিলা প্ৰশাসন, ডিব্ৰুগড় পৌৰনিগম আৰু সংশ্লিষ্ট সকলো বিভাগক   “বহনক্ষম সেউজীয়া ডিব্ৰুগড় (Sustainable Green Dibrugarh )”ৰ দ্বাৰা স্মাৰকপত্ৰ প্ৰদান  কৰা হয়৷

ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে দক্ষিণ জালান নগৰ চাহবাগিছাৰ চলি থকা চাহগছৰ উঘলা আৰু গছ কটা ৰোধ কৰিবলৈ অতি জৰুৰীভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ জৰুৰী আৱেদন পত্ৰ প্ৰেৰণ কৰা হয়৷ লগতে কি ব্যৱস্থাৰ আধাৰত বৰ্তমানৰ এই গছ উঘলা কাম চলি আছে তাৰ তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইন-২০০৫ ৰ অধীনত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় বন বিভাগলৈ “বহনক্ষম সেউজীয়া ডিব্ৰুগড় (Sustainable Green Dibrugarh )”ৰ দ্বাৰা আবেদন পত্ৰ প্ৰেৰণ কৰা হৈছে৷

সদ্যহতে ঘোষিত ডিব্ৰুগড় মহানগৰৰ বহনক্ষম উন্নয়ন (Sustainable development) কৰাৰ সময়ত মহানগৰত অৱশিষ্ট সেউজীয়াখিনি সংৰক্ষণ কৰাটো Atal Mission for Rejuvenation and Urban Transformation (AMRUT) ৰ লগতে বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন নীতি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা নগৰ সেউজীয়া অঞ্চলৰ সংৰক্ষণ, উন্নয়ন আৰু পৰিচালনাৰ বাবে দিয়া নিৰ্দেশনাৰ (Urban Greening Guidelines, 2014) ভিত্তিত অত্যন্ত প্ৰয়োজন বুলি “বহনক্ষম সেউজীয়া ডিব্ৰুগড় (Sustainable Green Dibrugarh)” য়ে পোষকতা কৰি এক প্ৰেছবিজ্ঞপ্তিৰ জৰিয়তে ৰাইজক অৱগত কৰিছে৷

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd