গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কোভিড১৯ৰ হটস্পষ্টলৈ পৰিণত হৈছে নেকি?
ইতিমধ্যে কেবাজনো কাৰাবন্দীৰ শৰীৰত কোভিড১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছত এই প্ৰশ্নৰ উদ্ৰেক কৰিছে।
কাৰাগাৰ কৰ্তৃপক্ষই কাৰাগাৰৰ ভিতৰৰ কোভিড১৯ৰ প্ৰকৃত প্ৰতিচ্ছবি লুকুৱাই ৰাখিছে নেকি?
এই লৈ ৰাইজৰ মাজত চৰ্চা চলিছে থকাৰ সময়তে এগৰাকী কোভিড১৯ পজিটিভ কয়দীৰ বিস্ফোৰক পত্ৰই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইতিমধ্যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ এই পত্ৰৰ দুটা পৃষ্ঠা পৰিছে আমাৰ সাংবাদিকৰ হাতত।
কোভিড-১৯ পজিটিভত আক্ৰান্ত জেইলৰ কয়দীয়ে তেওঁলোকক নিয়া বাহনৰ পৰা জেইলৰ প্ৰবেশদ্বাৰত পেলাই থৈ যায় দুই পৃষ্ঠাৰ সেই বিশেষ পত্ৰখন।
য’ত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ ভয়ংকৰ পৰিবেশৰ বিষয়ে সংক্ষেপে বৰ্ণনা কৰিছে দোদুল দাস নামৰ এজন কয়দীয়ে।
য’ত স্পষ্টকৈ লিখা আছে “জেইলৰ ভিতৰত ৯৫ শতাংশৰ কোভিড-১৯ হৈছে। এতিয়ালৈকে সকলোৰে টেষ্ট কৰোৱা নাই। আমাৰ পজিটিভ অহাৰ last ৪০ ঘণ্টা ধৰি পেলাই থৈছিল। কোনো treatment আৰু diet দিয়া নাই।”
“জেইল authority ক কৈছিলো তেওঁলোকে একো নাজানো বুলি কয়। আজি আমি বন্ধ কোঠাত জুই লগাই দিয়াৰ পাছত আমাক এতিয়া মেডিকেললৈ পঠাই আছে।” চিঠিখনত দাসে লিখি কয়।
তেওঁ লগতে কয় “কাৰাগাৰৰ ভিতৰত পজিটিভ নিগেটিভ একেলগে আছে। ২ ফুট দূৰত্বত দুজন মানুহকৈ এটা ৰুমত ৫০ জন মানুহক শুব দিয়ে।”
চিঠিখনৰ শেষত কয়দীজনে লিখি কয় “PLEASE SAVE US, WE ARE ALSO HUMAN BEING NOT BLUDDY GHOST”।
কয়দীৰ এই পত্ৰখনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ কোভিড১৯ৰ প্ৰকৃত ছবিখন কিমান ভয়াৱহ হ’ব পাৰে তাৰে এক ইংগিত প্ৰদান কৰিছে।