• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বজুৰি কৰ’নাৰ কালসংহাৰী ৰূপ; অসমত অভাৱ পৰ্যাপ্ত চিকিৎসকৰ!

কৰ’নাত আক্ৰান্ত ৰোগীক চিকিৎসা কৰিবলৈ সাজু চিকিৎসা মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 27, 2020 11:50 am
medical_college_201307012_571_855

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বতে কাল সংহাৰী ৰূপ ধাৰণ কৰা কৰ’নাক প্ৰতিহত কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO য়ে অহৰহ চেষ্টা অৱ্যাহত ৰাখিছে।

কৰ’নাত আক্ৰান্ত ৰোগীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰতো চিকিৎসকসকলেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

Apply Now

চীনৰ পাছতে উন্নত দেশ বিশেষকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ, ইটালী, স্পেইন, ব্ৰিটেইনত এই ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ কিৰিলী পৰা পৰিলক্ষিত হৈছে। চীন, ইটালী, স্পেইন আৰু আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ চিকিৎসা ব্যৱস্থা ভাৰতৰ তুলনাত যথেষ্ট উন্নত যদিও তাত দিনক দিনে এই মাৰাত্মক ভাইৰাছৰ কবলত পৰি হাজাৰ হাজাৰ লোকে মৃত্যুক আকোৱালি লৈছে।

চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত উন্নয়নশীল ৰাষ্ট্ৰ ভাৰতবৰ্ষ ১৪১ নম্বৰত আছে। ভাৰতত বৰ্তমানলৈকে সাত শতাধিক লোক এই মাৰাত্মক ভাইৰাচত আক্ৰান্ত হৈছে। বাতৰি লিখা সময়লৈকে ২০ জন লোকে ইতিমধ্যে মৃত্যুক সাবটি লৈছে।

এনে পৰিস্থিতিত অসমৰ জ্যেষ্ঠ অভিজ্ঞ চিকিৎসক সকলৰ সমান্তৰালকৈ অসমৰ সমূহ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীয়ে কৰ’ণা আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰিবৰ বাবে সাজু হৈ উঠিছে। নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ডি এম ই ডাঃ অনুপ বৰ্মণে এই কথা জনায়।

‘আমি অনুভৱ কৰিছো যে অত্যাধিক হাৰত কৰ’নাত আক্ৰান্ত ৰোগী চিকিৎসালয়ত আহি যাব পাৰে। আমি নহাটো আশা কৰো। যদিও অসমত তেনেকুৱা ধৰণৰ পজিটিভ কেচ নাই বা জৰুৰীকালীন দেখা নাই তথাপি আমি চিকিৎসকসকলে নিজকে সাজু কৰি ৰাখিব লাগিব। ইটালীত যি হাৰত মৃত্যুৰ হাৰ বাঢ়িছে তাত তেওঁলোকে মেডিকেলত পঢ়ি থকাসকলক ডাক্তৰ বনাই চিকিৎসা সেৱা আৰম্ভ কৰি দিছে। গতিকে আমিও আণ্ডাৰ গ্ৰেজুৱেট শিক্ষাৰ্থীসকলক সষ্টম কৰি থৈছো,‘-বৰ্মণে আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

তেওঁ আৰু কয়, ‘আমি প্ৰথম অৱস্থাত তেওঁলোকক চিকিৎসা সেৱাৰ কামত ব্যৱহাৰ নকৰো। যদি প্ৰয়োজন হয় বা ডাক্তৰ নাইকিয়া হৈ যায় তেতিয়া তেওঁলোকক এই সেৱাৰ লগত নিয়োগ কৰিম। কিয়নো চিকিৎসক সকলৰ এটা নিয়ম আছে যে তেওঁলোকে পাঁচদিন চিকিৎসা সেৱা আগবঢ়ালে ১৪ দিনৰ বাবে কুৱাৰেইনটেন্টত যাব লাগে।‘

তাৎপৰ্য্যপূৰ্ণভাৱে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত ‘অজস্ৰ চিকিৎসক নাই’ বুলি সদৰী কৰি বৰ্মণে লগতে কয়, ‘আমাৰ চিকিৎসকৰ সংখ্যা কমি গ’লে চূড়ান্ত বৰ্ষৰ মেডিকেলৰ শিক্ষাৰ্থীসকলক চিকিৎসা সেৱাত নিয়োগ কৰিম। কিয়নো চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই ক্ষেত্ৰখনত বহুখিনি অভিজ্ঞতা হৈ যায়। গতিকে তেওঁলোকৰ বাবে বিশেষ অসুবিধা নহ’ব বুলি ভাবিয়েই চৰকাৰে এই সিদ্ধান্ত লৈছে।‘

‘এই ৰোগ অন্য ৰোগৰ দৰে নহয় তথা চিকিৎসকৰ সুৰক্ষাৰ দিশটোও চালি-জাৰি চাব লাগিব,‘-বৰ্মণে লগতে কয়।

অসমত মুঠ ৬ খন চিকিৎসা মহাবিদ্যালয়ত প্ৰায় ৭০০ গৰাকী চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী থকা বুলি বৰ্মণে জানিবলৈ দিয়ে।

পৰ্যাপ্ত চিকিৎসক নথকা অসমত কৰ’নাই যাতে মহামাৰী ৰূপ ল’ব নোৱাৰে তাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণে লকডাউনকে ধৰি চৰকাৰী নিয়ম-নিৰ্দেশনাসমূহ আন্তৰিকতাৰে পালন কৰা উচিত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd