• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 21, 2025 2:25 pm
144
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। ঘৰৰ পৰা উদ্ধাৰ হৈছে এহাল আদবয়সীয়া দম্পতী আৰু তেওঁলোকৰ ২৪ বছৰীয়া পুত্ৰৰ ক্ষতবিক্ষত আৰু ৰক্তাক্ত মৃতদেহ। পৰিয়ালটোৰ আন এজন সদস্য সন্ধানহীন।

প্ৰাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে ঘৰৰ সৰু পুত্ৰই পিতৃ, মাক আৰু ককায়েকক হত্যা কৰি আত্মগোপন কৰিছে।

Apply Now

দিল্লীৰ মৈদাংগাৰীৰ খৰাক গাঁৱত সংঘটিত হৈছে এই ঘটনা। বন্ধ ঘৰৰ পৰা পৰিয়ালৰ তিনিজন সদস্যৰ এনে ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত এক বৃহৎ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বন্ধ ঘৰৰ পৰা দুৰ্গন্ধ শুনি চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘৰৰ দুৱাৰ ভাঙি পেলোৱাত দুৱাৰৰ কাষতে মজিয়াত পৰি থকা ৫০ বছৰীয়া প্ৰেম সিং আৰু তেওঁৰ ২৪ বছৰীয়া পুত্ৰ ঋত্বিকৰ মৃতদেহ দেখিবলৈ পায়। ঘৰৰ দ্বিতীয় মহলাৰ পৰা ৪৫ বছৰীয়া ৰজনী সিঙৰ মৃতদেহো উদ্ধাৰ কৰে।

তিনিওটা মৃতদেহ ৰক্তাক্ত আৰু নিৰ্মমভাৱে ক্ষতবিক্ষত। স্থানীয় লোকে জনোৱা মতে, দম্পতীহালৰ কনিষ্ঠ পুত্ৰ সিদ্ধাৰ্থ সিংও তেওঁলোকৰ সৈতে বাস কৰিছিল। কিন্তু আৰক্ষীয়ে এতিয়াও সিদ্ধাৰ্থৰ কোনো সন্ধান পোৱা নাই।

মৃতদেহৰ অৱস্থাৰ পৰা অনুমান কৰা হৈছে যে প্ৰেম সিং, ঋত্বিক সিং আৰু ৰজনী সিঙক গোটেই শৰীৰত ছুৰীৰে আঘাত কৰাৰ পিছত ইটা-শিলেৰে একাধিকবাৰ থেতেলিয়াইছিল। তাৰমাজতে হাত মুখ বন্ধা অৱস্থাত উদ্ধাৰ হয় ৰজনীৰ মৃতদেহ।

মৃতদেহৰ কাষৰ পৰা ইটা আৰু শিলৰ টুকুৰা উদ্ধাৰ কৰা হৈছে। ফৰেনছিক বিভাগেও সেইবোৰৰ পৰা আঙুলিৰ ছাপ সংগ্ৰহৰ চেষ্টা চলাইছে। ফৰেনছিক বিষয়াসকলে ঘটনাস্থলীৰ পৰা বাকী নমুনাও সংগ্ৰহ কৰিছে। ঘৰটো ছীল কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

স্থানীয় সূত্ৰ অনুসৰি, সিদ্ধাৰ্থৰ মানসিক সমস্যা আছিল। ইয়াৰ বাবে তেওঁ যোৱা ১২ বছৰ ধৰি ইনষ্টিটিউট অৱ হিউমেন বিহেভিয়াৰ এণ্ড এলাইড চাইন্সেছ (আই এইচ বি এ এছ)ত চিকিৎসাধীন হৈ আছিল।

আৰক্ষীয়ে জনোৱা মতে, ঘৰৰ পৰা সিদ্ধাৰ্থ সিঙৰ কিছু প্ৰেছক্ৰিপচন উদ্ধাৰ কৰা হৈছে। সেই অনুসৰি সিদ্ধাৰ্থৰ অব্ছেছিভ কম্পলছিভ ডিছঅৰ্ডাৰৰ সমস্যা আছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁ পিতৃ, মাতৃ আৰু ককায়েকক হত্যা কৰি নিজকে আত্মগোপন কৰি ৰাখিছে।

স্থানীয় এজন ব্যক্তিৰ তথ্যই তেওঁলোকৰ ধাৰণাটোক আৰু অধিক শক্তিশালী কৰি তুলিছিল। ব্যক্তিজনে দাবী কৰে যে সিদ্ধাৰ্থই শেহতীয়াকৈ তেওঁক কৈছিল যে তেওঁ নিজৰ পিতৃ, মাতৃ আৰু ককায়েকক হত্যা কৰিছে। তেওঁ আৰু মৈদাংগৰীৰ ঘৰত নাথাকে। সন্দিগ্ধ সিদ্ধাৰ্থ সিঙৰ সন্ধান অব্যাহত আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd