বৰ্তমান প্ৰেক্ষাপটত কালসৰ্পৰূপী কভিড ১৯ মহামাৰিত সমগ্ৰ বিশ্ব নিৰবিচ্ছিনভাৱে আক্ৰান্ত হৈ আছে। অনাকাংক্ষিত হাজাৰ–বিজাৰ মানুহৰ মৃত্যুৰ লগতে এই সময়ছোৱাত বিশ্বৰ অৰ্থনৈতিক অৱস্থা ক্ৰমান্বয়ে অৱনমিত হোৱা পৰিলক্ষিত হৈছে। অৱনমিত স্বাস্থ্য আৰু অৰ্থনীতিৰ এই কঠিন পৰিস্থিতিয়ে ভৱিষৎ সময়ছোৱালৈও কঢ়িয়াই আনিছে যেন অচিন শংকা আৰু অনিশ্চয়তা। সমগ্ৰ বিশ্বই এতিয়া কভিড ১৯ৰ পৰা হোৱা ক্ষতি আৰু অৱনমিত অৰ্থনীতি পুৰনাৱস্থালৈ উভতাই আনিবলৈ যথোপযোগ্য প্ৰয়াস কৰি আছে।
বিশ্বৰ এনে দুৰ্যোগপূৰ্ণ সময়তে অসমৰ এচাম ক্ষুদ্ৰ কৃষকে অন্য এক প্ৰত্যাহবানৰ বিৰূদ্ধে নিৰৱে যুঁজি থাকিব লগীয়া হৈছে। এয়া হ‘ল “আফ্ৰিকান ছোৱাইন ফিভাৰ“।এই ভাইৰাচে ক্ষুদ্ৰ গাহৰি পালকসকলৰ প্ৰতি এক তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।
আফ্ৰিকান ছোৱাইন ফিভাৰ বা আফ্ৰিকান গাহৰিৰ জ্বৰ হ‘ল কভিদ ১৯ সদৃশ গাহৰিৰ এক দুৰাৰোগ্য মহামাৰি যাৰ এতিয়ালৈকে কোনো প্ৰতিকাৰ উলিয়াব পৰা হোৱা নাই। ইয়াৰ লক্ষ্যণসমূহৰ ভিতৰত প্ৰধান হ‘ল গাহৰিৰ অতিমাত্ৰা জ্বৰ, দুৰ্বলতা,থিয় হ‘ব নোৱাৰা,বমি,কাঁহ আৰু উশাহ লোৱাত কষ্ট পোৱা ইত্যাদি। উপৰোক্ত লক্ষণ দেখা দিয়া গাহৰিৰ সান্নিধ্যত অন্য গাহৰিলৈও খুব সোনকালে এই জ্বৰ বিয়পিব পাৰে আৰু এনেকৈয়ে অসমত ই এক মহামাৰিৰ ৰূপ লৈছে। বিভিন্ন জিলাত অস্বাভাৱিক ভাৱে ব্যাপক ৰূপত গাহৰি মৃত্যু হোৱা বিগত দিন বোৰত পৰিলক্ষিত গৈছে। সংক্ৰমিত জিলাসমূহৰ ভিতৰত লক্ষীমপুৰ আৰু ধেমাজী জিলাও অন্যতম। বৃত্তি হিচাপেই হওক বা জীৱন নিৰ্বাহৰ বাবেই হওক, বছৰ বছৰ ধৰি গাহৰি পালন কৰি অহা ক্ষুদ্ৰ কৃষক সকলক এই মহামাৰিৰ সংক্ৰমনে কিংকৰ্তব্যবিমূঢ় কৰি পেলাইছে।
ধেমাজি জিলাৰ ৩৮ বছৰীয়া তিলোত্তমা দ‘লে– যি জীৱন নিৰ্বাহৰ বাবে প্ৰতি বছৰে অবিৰাম ভাৱে গাহৰি পালন কৰি আহিছে। ঘৰৰ বজাৰ, ল‘ৰা ছোৱালী কেইটাক পঢ়োৱা, কাপোৰ কিনা ইত্যাদি সকলো প্ৰয়োজনীয় কাম–কাজ গাহৰি পালনৰ ওপৰত ভিত্তি কৰিয়েই চলি থাকে। কিন্তু এইবাৰ গাহৰি জ্বৰ মহামাৰীত আক্ৰান্ত আৰু সংক্ৰমিত হৈ তেওঁৰ মুঠ ১২ টা গাহৰিৰ ভিতৰত এটাও নাবাচিল। তেওঁৰ বাবে এই সময় অতি জটিল হৈ পৰিছে। উল্লেখনীয় কথা এইয়ে যে বিয়পি থকা এই মহামাৰীয়ে তিলোত্তমা দ‘লেৰ দৰে হাজাৰ জনৰ পেতৰ ভাত মুঠি মাৰি নিছে। বানপানীৰ কালছোৱাত গাহৰি বিক্ৰী কৰিয়েই বহু পৰিয়ালে জীৱিকা আৰ্জন কৰি আহিছে। গাহৰিৰ এই জ্বৰে এতিয়া অসমৰ এই অঞ্চলসমূহৰ কৃষকসমাজলৈ চূড়ান্ত বিপৰ্যয় নমাই আনিছে।
বৰ্তমান দেশৰ প্ৰেক্ষাপটত আজিৰ দিনত অসমত প্ৰায় ২০ লাখ গাহৰি আছে আৰু ৭.৫ লাখ মানুহে গাহৰি পালনৰ লগত জড়িত হৈ আছে।ইমানবোৰ মানুহ একেলগে এই কাৰ্য্যত জড়িত হোৱাৰ বাবেই আজি অসম সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক গাহৰি উৎপাদনৰ প্ৰতিযোগিতাত শীৰ্ষ স্থান দখল কৰিছে। তদুপৰি দেশজুৰি গাহৰি মাংসৰ চাহিদা দিনক দিনে বৃদ্ধি পাব ধৰিছে। সেয়েহে ৰাষ্ট্ৰীয় পৰ্য্যায়ত গাহৰি উৎপাদন আৰু ইয়াৰ মাংসৰ চাহিদাৰ ওপৰত হোৱা আলোচনাত অসম তথা উত্তৰপূৰ্বাঞ্চলৰ নাম শীৰ্ষ স্থানত থকা দেখিব পোৱা যায়।
বাঢ়ি অহা মাংসৰ চাহিদাৰ ওপৰত ভিত্তি কৰি বহু কৃষকে বিজ্ঞানসন্মত আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ ব্যৱহাৰে “গাহৰি পালনক” ব্যৱসায়িক বৃত্তি হিচাপে লবলৈ ধৰিছে। ইয়াৰ ফলস্বৰূপে শেহতীয়া গণনা অনুসৰি অসমত প্ৰায় ২ লক্ষাধিক গাহৰিৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। এয়া এক ভাল ইংগিত। আজিৰ বহুতো নামবিহীন ক্ষুদ্ৰ কৃষক আৰু নৱপ্ৰজন্মই ব্যৱসায়িকভাৱে গাহৰি পালন বৃত্তিক আঁকোৱালি লৈছে আৰু কিছু সংখ্যকে বহু গাহৰি একলগ কৰি ফাৰ্ম আকাৰেৰে গাহৰি পালন কাৰ্য্যও আৰম্ভ কৰিছে। মন কৰিবলগীয়া বিষয় এইয়ে যে, গাহৰি পালনেৰে জীৱন নিৰ্বাহ কৰা অসমৰ সেইচাম নামবিহীন ক্ষুদ্ৰ কৃষকক উৎসাহ আৰু সহযোগিতা যোগাবলৈ হয়তো আমি বৰ্তমান সময়ত অতিকৈ জনপ্ৰিয় ছচিয়েল মেডিয়া বা জনসংযোগ গণমাধ্যম সমূহত অলপ কম গুৰুত্ত্ব দিছোঁ। অসমে ৰাষ্ট্ৰীয় পৰ্য্যায়ত গাহৰি উৎপাদনত এখন ভাল আসন পোৱাটো এই লক্ষ্য লক্ষ্য নামবিহীন ক্ষুদ্ৰ কৃষকৰ বাবেই সম্ভৱপৰ হৈ উঠিছে যিয়ে দিন ৰাতি,ৰ‘দ বৰষুণ, ঠাণ্ডা গৰম আওকান কৰি এই কাৰ্যৰ নামত নিজৰ সৰ্বোচ্চ দি গাহৰি পালন পেচাৰ উন্নতি সাধন কৰিছে।
আফ্ৰিকান ছোৱাইন ফিভাৰত অনাকাংক্ষিত ভাৱে হাজাৰ হাজাৰ গাহৰিৰ মৃত্যুয়ে গাহৰি পালক তথা পেচাটোৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে। বহু সংখ্যক মানুহে কভিড ১৯ৰ বাবে চৰকাৰি জাননি মানি ওচৰতে থকা পশুচিকিৎসালয়লৈও যাব নোৱাৰিলে। হয়তো পশুচিকিৎসালয়ত উপলব্ধ চিকিৎসকৰ লগত বেমাৰ হৈ থকা গাহৰিৰ লক্ষণ সমূহ আলোচনা কৰিব লাগে বুলি অজ্ঞাত আছিল।যদি আমি তুলনামুলকভাৱে ইয়াক বিশ্লেষণ কৰোঁ, দেখিবলৈ পাম যে ডাঙৰ ডাঙৰ গাহৰিৰ ফাৰ্মৰ মালিক সকলৰ গাহৰিৰ বীমা কৰি লোৱাৰ সুবিধা আৰু ক্ষমতা আছিলে। কিন্তু, ক্ষুদ্ৰ ফাৰ্ম কৰি জীৱন নিৰ্বাহৰ বাবে গাহৰি পালন কৰা কৃষক সকলৰ লগত হয়তো এইটো সুবিধা নাই যাৰ ফলত তেওঁলোকৰ ক্ষতিৰ পৰিমাণ আৰু বেছি হোৱা দেখা গৈছে। ডাঙৰকৈ ফাৰ্ম কৰি ব্যৱসায় ভিত্তিত গাহৰি পালন কৰা সকলৰ হয়তো মূলধনো পৰ্যাপ্ত পৰিমানে আছে, তেওঁলোকৰ ব্যৱসায় কেৱল লাভ লোকচানৰ ওপৰত নিৰ্ভৰশীল। আনহাতে জীৱন নিৰ্বাহৰ বাবে গাহৰি পালন কৰা সকলৰ এতিয়া সৰগ ভাগি পৰাৰ দৰে অৱস্থা।
কিন্তু এই মহামাৰি ইমানতে শেষ হৈ যোৱা নাই। এতিয়াও বহু কৃষকে স্বাস্থ্যসন্মত পদ্ধতিৰে মৃত গাহৰিৰ দহন বা পুতি পেলোৱা কাৰ্য ভালদৰে কৰিবপৰা নাই। মৃত গাহৰিৰ পৰাও এই ভাইৰাচ বিয়পিব পাৰে। সেয়েহে কৃষক সকল মৃত গাহৰিসমূহ উপযুক্ত নিয়মানুৱলীৰে পুতি নথ‘লে অনাগত বৰ্ষত আকৌ এই মহামাৰী হোৱাৰ আশংকা থাকিব।
এনেকুৱা পৰিস্থিতিত সঘনাই মনলৈ কিছু প্ৰশ্ন আহে। গাহৰি জ্বৰ মহামাৰীত বহু কৃষকৰ বহু ক্ষতি হ‘ল। কিছু সংখ্যকৰ ব্যৱসায় বন্ধ হোৱাৰ উপক্ৰম হৈছে। বহুতৰ জীৱন নিৰ্বাহৰ দুৱাৰ বন্ধ হ‘ল। লক্ষ্য লক্ষ্য নামবিহীন কৃষকৰ আপ্ৰাণ চেষ্টা, কষ্ট আৰু ধৈৰ্য্যৰ ফলতেই অসমৰ নাম গাহৰি উৎপাদনত আন্তঃৰাষ্ট্ৰীয় বুকুত জিলিকি আছে। এই আসন অক্ষুন্ন ৰাখিবলৈ হ‘লে ক্ষুদ্ৰ কৃষক সকল পুনৰ ঠন ধৰি উঠিবই লাগিব। এনে দুৰৱস্থাৰ সময়ত সেই কৃষক সকলৰ প্ৰতি চৰকাৰে কিবা ক্ষতিপূৰণ হিচাপে সহায়ৰ হাত আগবঢ়াবনে? নে অৰ্থসম্পন্ন প্ৰভাৱশালী গাহৰিৰ ব্যৱসায়ী সকলেই কেৱল লাভান্বিত হ‘ব? এইবোৰ প্ৰশ্নৰ উত্তৰ আমাক সময়েহে দিব।
লেখক : মৈত্ৰেয় গোস্বামী
ফোন : ৮০১১৭২০৫৩২