অসমৰ দৰে ৰাজ্যত আঞ্চলিকতাবাদী ৰাজনীতিৰ গুৰুত্ব অধিক। কিন্তু এই আঞ্চলিকতাবাদী ৰাজনীতিৰ স্বৰূপ, কাৰ্যসূচী, লক্ষ্য ইত্যাদিবোৰ কেনে হোৱা উচিত সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আঞ্চলিকতাবাদৰ কথা কোৱা মানুহ, দল, সংগঠনৰ অভাৱ অসমত মুঠেও নাই। আনহে নালাগে, কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলে আঞ্চলিকতাবাদৰ কথা কয়, ‘ৰাষ্ট্ৰবাদী’ বিজেপিয়েও নিৰ্বাচনৰ আগে আগে আঞ্চলিকতাবাদৰ সাধু শুনায়। অগপৰ কথা নক’লোৱেই যেনিবা ! কৃষক মুক্তিৰ দৰে বাওঁপন্থী জাতীয়তাবাদীয়েও কয়, স্বাভিমানী অসমীয়া জাতীয়তাবাদীয়েও কয় আৰু সোঁপন্থী জাতীয়তাবাদীয়েও আঞ্চলিকতাবাদৰে কথা কয়। বহুতে আকৌ অসমীয়া জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক একাকাৰ কৰিও পেলায়।
২০১৬ চনত কংগ্রেছক শাসনৰ পৰা আঁতৰ কৰিবলৈ ৰাজ্যৰ গৰিষ্ঠসংখ্যক আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ প্ৰৱক্তাই বিজেপিক পূৰ্ণ সমৰ্থন দিছিল। শাসনত বহিয়েই বিজেপিয়ে নিজৰ আচল ৰং দেখুৱাই দিয়াৰ পিছত জানোচা কেইবাগৰাকী বিশিষ্ট প্ৰৱক্তাৰ চকু মেল খালে আৰু তেওঁলোকে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰা আৰম্ভ কৰি দিলে। সমালোচনা চলি থাকিল, বিজেপি-অগপৰ অসমবিৰোধী কামবোৰো চলি থাকিল। এতিয়া আকৌ নিৰ্বাচন আহিছে। এইবাৰ আকৌ শ্লোগান দিয়া হৈছে- অসমবিৰোধী বিজেপিক উৎখাত কৰিব লাগিব।
কিন্তু কেনেকৈ? আপোচহীন আঞ্চলিকতাবাদী ৰাজনীতিৰে। সেয়ে ৰাজ্যখনত নিতৌ গণ্ডাই গণ্ডাই নতুন নতুন আপোচহীন আঞ্চলিক দল গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। (এই অধমে অসমত থকা হ’লে দুই-চাৰিজন মান ‘তালুকদাৰ’ক লগত লৈ এটা আপোচহীন আঞ্চলিক দল খোলাৰ কথা ভাবিলোঁহেঁতেন! এনেও দেশত চাকৰি-বাকৰিৰ যিহে আকাল !) জাৰ্মানীৰ পৰা দূৰবীণেৰে অসমৰ ৰাজনৈতিক দৃশ্যপট চাই ভাবিছোঁ- আকৌ অসমবিৰোধী, সাম্প্ৰদায়িক বিজেপিয়ে আহিব শাসনলৈ। হয়, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধসম্পন্ন বিৰোধী দলকেইটাই ‘ন্যূনতম যৌথ কৰ্মসূচী’ প্ৰস্তুত কৰি বিজেপি আৰু ইয়াৰ সহযোগী দলবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ নুযুঁজিলে ২০২১চনত অসমত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত। একাংশ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ মুখাধাৰী প্ৰৱক্তাই মনে মনে সেইটোকে বিচাৰে। সেয়ে বিৰোধী ভোটবোৰৰ বিভাজন কৰি বিজেপিৰ বিজয়ৰ পথ মসৃণ কৰিবলৈ ইতিমধ্যে পথাৰত নামিছে। যেন অসমৰ সাধাৰণ ‘স্বাভিমানী’, ‘খিলঞ্জীয়া’ জনগণ পুনৰ প্ৰতাৰিত হোৱাৰ ‘স্ক্ৰীপ্ট’ সাজু হৈ উঠিছে, অসম পুনৰ শোষণ-বঞ্চনাৰ বলি হোৱাৰ বাবে এটা শক্তিশালী পৰিস্থিতিতন্ত্ৰ গঢ়ি উঠিছে ! এই পৰিস্থিতিতন্ত্ৰত অসমখনৰ উশাহ-নিশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে। কোৱা বাহুল্য মাথোন যে এই অসমবিৰোধী পৰিস্থিতিতন্ত্ৰ নিৰ্মাণতো আঞ্চলিকতাবাদৰ ধাপ্পা ব্যৱহৃত হৈছে বা হ’ব। সেয়ে অসমৰ সৰ্বসাধাৰণ ৰাইজ আজি অধিক বিভ্ৰান্ত হৈ পৰিছে।
আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ ঔৰসত ‘অসম জাতীয় পৰিষদ’ (‘অসম গণ পৰিষদ’ৰ সৰু ভাই?) নামৰ নতুন আঞ্চলিক দল গঠন হৈছে। ১২ ছেপ্টেম্বৰৰ ‘আমাৰ অসম’ৰ প্ৰথম পৃষ্ঠাত বাতৰি এটা প্ৰকাশ পাইছে: “মাছ ধৰিব, পানী নোচোৱে আছুৱে। অখিলৰ একত্ৰিত দলৰ প্ৰস্তাৱ নাকচ।” আছুৰ বক্তব্য শুনি মোৰ হঠাৎ আৰ এছ এছলৈ মনত পৰি গ’ল। হওঁতে আৰএছএছও অৰাজনৈতিক সংগঠন। এই অৰাজনৈতিক, সাংস্কৃতিক সংগঠনেই বিজেপি দলৰ জন্ম দিলে আৰু ভাৰতীয় ৰাজনীতিত সেই অৰাজনৈতিক সংগঠনে আজি কিদৰে নিয়ন্ত্ৰণ চলাইছে সকলোৱে জানে। আছুও তেনেকুৱা অৰাজনৈতিক সংগঠন? সি যি কি নহওক, ডঃ নগেন শইকীয়া ছাৰৰ দৰে গণতান্ত্ৰিক জাতীয়তাবাদী চিন্তাবিদ এগৰাকী পৰামৰ্শদাতা হিচাপে থকাৰ পাছতো আছুৰ প্ৰস্তাৱিত ৰাজনৈতিক দলে সমভাৱাসম্পন্ন দলবোৰৰ সৈতে একত্ৰিত হৈ এটা শক্তিশালী আঞ্চলিক মৰ্চা গঠনৰ পোষকতা কৰা নাই কিয় ? আনহাতে, ‘কা’-বিৰোধী আছুৰ পৰামৰ্শদাতাৰ তালিকাত ‘কা’-সমৰ্থনকাৰী ব্যক্তিও অন্তৰ্ভুক্ত হৈছে ! এয়া আছুৰ আপোচহীনতাৰ স্বৰূপ? আছুৰ আপোচহীনতাৰ ইতিহাস আমিও পঢ়িছোঁ। আছুৰ বুজনসংখ্যক সদস্য আৰু একাংশ নেতৃত্বৰ নিভাঁজ অসমপ্ৰেম আৰু আদৰ্শৰ দৃঢ়তাক আমি অস্বীকাৰ নকৰোঁ। কিন্তু গৰিষ্ঠসংখ্যক আছু নেতাই কিদৰে অসম আৰু অসমীয়াক প্ৰতাৰণা আৰু শোষণ কৰি আহিছে আমি দেখিছোঁ।
বৰ্তমানৰ অসমবিৰোধী চৰকাৰখনত ‘আপোচহীন’ আছুৰ গৰ্ভৰ পৰা ওলোৱা নেতা-পালিনেতাৰ তালিকা এখন প্ৰস্তুত কৰকচোন, সকলো বুজি পাব। অখিল গগৈয়ে একত্ৰিত হৈ যুঁজিবলৈ আছুক বাৰে বাৰে আহ্বান জনাই আহিছে, সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠিত আঞ্চলিক গণ মৰ্চাইও মৰ্চাৰ অংশীদাৰ হ’বলৈ বাৰম্বাৰ প্ৰস্তাৱ দিছে। কিন্তু আদৰ্শৰ আপোচহীনতাৰ বাহানা দি আছুৱে মিত্ৰতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে। সঁচা কথাটো হ’ল, আছুই আপোচহীনতাৰ বচন আওৰালে অসমৰ গৰিষ্ঠসংখ্যক মানুহৰ আজি হাঁহি উঠে। আৰু এটা কথা। অখিল গগৈ বা গণ মৰ্চাই আছুৰ আদৰ্শৰ আপোচহীনতাত মুগ্ধ হৈ মিত্ৰতাৰ প্ৰস্তাৱ দিয়া নাই। ডঃ হীৰেন গোহাঁয়ে আছুৰ প্ৰতি মোহগ্ৰস্ত হৈ আছুৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল, অসমৰ প্ৰতি থকা নিভাঁজ প্ৰেম আৰু দায়বদ্ধতাৰ বাবেহে ঐক্যবদ্ধ হৈ ‘কা’ৰ আৰু বিজেপিৰ বিৰোধ কৰিবলৈ আছুক অনুৰোধ জনাইছে। দেশ, জনতা আৰু গণতন্ত্ৰৰ স্বাৰ্থত বিভিন্ন ৰাজনৈতিক দলে ‘ন্যূনতম যৌথ কৰ্মসূচী’ৰ আধাৰত একত্ৰিত হৈ গণবিৰোধী, গণতন্ত্ৰবিৰোধী শক্তিৰ বিৰুদ্ধে যুঁজে, যুঁজা উচিত। কথা সিমানেই। এই কথা নুবুজিবলৈ আছু ইমান অবুজ শিশু নহয়। অৰূপ বৰবৰাৰ নৱগঠিত ৰাজনৈতিক দলেও কথাবোৰ নুবুজে বুলি মনে নধৰে।
আজিৰ তাৰিখত ভাৰতবৰ্ষৰ প্ৰতিগৰাকী সচেতন আৰু দায়বদ্ধ নাগৰিকৰ প্ৰধান কৰ্তব্য হ’ল দেশৰ সংবিধান আৰু গণতন্ত্ৰক সুৰক্ষিত কৰি ৰখা৷ কিয়নো শাসকীয় বিজেপিয়ে ভাৰতীয় সংবিধানৰ আমূল পৰিৱৰ্তন কৰি দেশত গণতন্ত্ৰ হত্যা কৰাৰ দিশে আগবাঢ়িছে৷ ভাৰতীয় গণতন্ত্ৰ ইতিমধ্যে গভীৰ সংকটত বুলি বিশ্বৰ চিন্তাশীলমহল পতিয়ন গৈছে৷ দেশত গণতন্ত্ৰ বাচি নাথাকিলে, সংবিধান সুৰক্ষিত হৈ নাথাকিলে অসম চুক্তি, সাংবিধানিক ৰক্ষাকৱচ, অসমীয়া মানুহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, সম্পদৰ অধিকাৰ ইত্যাদি কথাবোৰ অসাৰ হৈ পৰিব৷ ধনবল, বাহুবল, জনবলৰ ফালৰ পৰা বহুত শক্তিশালী হৈ থকা বিজেপিয়ে দেশত গণতন্ত্ৰ নিঃশেষ কৰি থকাৰ ভয়ংকৰ সময়ত ৰাজনৈতিক বিশুদ্ধতাবাদৰ বচন আওৰাই থকাটো এক ডাঙৰ মূৰ্খামি৷ ভাৰতৰ সংবিধানখন আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধ সুৰক্ষিত হৈ নাথাকিলে কোনো আপোচহীন, বিশুদ্ধ আঞ্চলিকতাবাদীয়ে অসম আৰু অসমীয়াক সুৰক্ষিত কৰি ৰাখিব নোৱাৰে৷
মই ভাবোঁ, সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণ মৰ্চাৰ প্ৰচেষ্টা অধিক বাস্তৱসন্মত। কিন্তু এই প্ৰচেষ্টা বোধহয় সফল হ’বলৈ দিয়া নহ’ব। কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা ইতিমধ্যে ৰাজহুৱা হৈছে। বাওঁপন্থী দলকেইটাই এক বিজেপিবিৰোধী মৰ্চাৰ পোষকতা কৰিছে। সেয়ে অজিত কুমাৰ ভূঞা, অখিল গগৈ, আছু, অৰূপ বৰবৰা আদিয়ে যদি কংগ্ৰেছ মিত্ৰজোঁটৰ লগত একেখন মঞ্চত থিয় হ’ব নোখোজে বা নোৱাৰে, তেন্তে তেওঁলোকে অন্ততঃ তেওঁলোকৰ মাজতে এখন আঞ্চলিক ৰাজনৈতিক মঞ্চ গঠন কৰা উচিত। অৱশ্যে এই মঞ্চই কংগ্ৰেছ মহাজোঁটৰ বিজয়ৰ সম্ভাৱনা থকা সমষ্টিত নিজৰ প্ৰাৰ্থী দি বিজেপিবিৰোধী ভোটসমূহ বিভাজিত কৰাৰ পৰা বিৰত থাকিব লাগিব। অন্যথা অসমবিৰোধী বিজেপিক সহায় কৰাহে হ’ব। বিজেপিয়ে ‘কা’ আনিলে, ই আই এ ২০২০ আনিলে, অসমৰ জাতি-মাটি-ভেটি-সম্পদ বিক্ৰী কৰিলে। সম্প্ৰীতিৰ মিলনতীৰ্থ অসমভূমিত বিজেপিয়ে সাম্প্ৰদায়িকতা আৰু বিদ্বেষৰ বীজ সিঁচিলে। অসমীয়া জাতিৰ প্ৰাণপুৰুষ শংকৰদেৱ গুৰুজনাক অপমান আৰু বিকৃত কৰা হ’ল। ছৈয়দ আব্দুল মালিকৰ দৰে বৰেণ্য সাহিত্যিকক অপমান কৰা হ’ল। বাঘজান জ্বলি আছে। অসমৰ ৰাইজে আৰু কি চাবলৈ জীয়াই আছে ?
পৰিশেষত, অসমৰ আঞ্চলিক আৰু জাতীয়তাবাদী শক্তিসমূহলৈ আমাৰ এটা প্ৰশ্ন: অসমৰ ভাষা-সাহিত্য-সংস্কৃতি-বজাৰ-পথাৰ-পৰিৱেশৰ সুৰক্ষা আৰু অসমীয়া সমাজৰ উত্তৰণৰ বাবে কাম কৰিবলৈ আপোনালোকৰ হাতত কি বিজ্ঞানসন্মত পৰিকল্পনা-কৰ্মসূচী আছে ? বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ বাবে কিবা road map আছে জানো ? আমাৰ কিন্তু চকুত পৰা নাই। কেৱল ‘খিলঞ্জীয়াৰ প্ৰভুত্ব (দাদাগিৰি?)’ আৰু ‘বাংলাদেশী’ৰ প্ৰসংগহে বাৰে বাৰে উত্থাপিত হৈছে। একবিংশ শতিকাৰ ৰাজনীতিতো কুৰি শতিকাৰ সেই একেই শ্লোগান, সেই একেই আওপুৰণি চিন্তা। অসমৰ প্ৰগতিৰ বাটত এনেবোৰ আওপুৰণি চিন্তা বোধহয় হেঙাৰ বুলিহে বিবেচিত হ’ব ! অসমৰ ৰাইজে, দল-সংগঠনে কথাটো কেতিয়া বুজি পাব? বিজ্ঞান-প্ৰযুক্তিৰ উত্তৰণ অবিহনে জাতি ৰক্ষাৰ সপোন ভঙুৱাৰ কল্পনাত বাদে আন একো নহয়৷
◆ লেখক, গৱেষক, ফিলিপ্ছ বিশ্ববিদ্যালয়, মাৰবুৰ্গ, জাৰ্মানী
ই-মেইল: [email protected]