• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2026 3:11 pm
227
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়া নিজৰ কঠোৰ জৈৱ সুৰক্ষা নীতি আৰু বন্যপ্ৰাণী সংৰক্ষণ আইনৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত। কৃষি, পৰিৱেশ আৰু স্থানীয় প্ৰজাতিসমূহক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ দেশখনে দীৰ্ঘদিন ধৰি বিদেশী জীৱ-জন্তু, পোক-পৰুৱা আৰু উদ্ভিদৰ অবৈধ প্ৰৱেশ ৰোধ কৰাৰ বাবে কঠোৰ নিয়ম প্ৰযোজ্য কৰি আহিছে। ইয়াৰ মাজতে নিউ চাউথ ৱেলছ ৰাজ্যৰ বাথাৰ্ষ্ট চহৰত বিষয়াসকলে এতিয়ালৈকে আটাইতকৈ ডাঙৰ অভিযান চলাই ১ লাখৰো অধিক জীৱন্ত পঁইতাচোৰা জব্দ কৰিছে। এই অবৈধ পোকবোৰৰ আনুমানিক মূল্য প্ৰায় ২ লাখ অষ্ট্ৰেলিয়ান ডলাৰ বুলি কোৱা হৈছে, যিয়ে দেশখনত অবৈধ বিদেশী পোক-পৰুৱাৰ ব্যৱসায়ৰ ওপৰত এক নতুন তৰ্কৰ সৃষ্টি কৰিছে।

🇦🇺 🪳 Australia Wildlife officers have busted an illegal cockroach-breeding operation in rural Australia, seizing a skin-crawling haul of 100,000, worth some $140,000 on the black market for exotic bugs. They found Madagascar "hissing" cockroaches and dubia cockroaches. pic.twitter.com/522PFdVGJZ

— Kenya News Centre🇰🇪 (@KenyaNewsCentre) June 5, 2026

অষ্ট্ৰেলিয়াৰ জলবায়ু পৰিৱৰ্তন, শক্তি, পৰিৱেশ আৰু জল বিভাগৰ মতে, মে’ মাহত এজন বাণিজ্যিক ব্যৱসায়ীৰ তাত অভিযান চলাই মাদাগাস্কাৰ হিচিং পঁইতাচোৰা আৰু ডুবিয়া পঁইতাচোৰাৰ এক বৃহৎ পৰিমাণ জব্দ কৰা হয়। মাদাগাস্কাৰ হিচিং পঁইতাচোৰাক পৃথিৱীৰ আটাইতকৈ ডাঙৰ পঁইতাচোৰা প্ৰজাতিৰ ভিতৰত গণ্য কৰা হয় আৰু ইয়াৰ দৈৰ্ঘ্য ৫ ৰ পৰা ৮ চেণ্টিমিটাৰলৈকে হয়। বিভাগটোৱে প্ৰকাশ কৰা ছবিত এই জিলিকি থকা মুগা ৰঙৰ বিশাল পোকবোৰ মানুহৰ আঙুলিতকৈও ডাঙৰ দেখা গৈছিল। বিষয়াসকলে স্পষ্ট কৰি দিছে যে এই দুয়োটা বিদেশী প্ৰজাতিৰ আমদানি, পালন, প্ৰজনন আৰু বিক্ৰী অষ্ট্ৰেলিয়াত সম্পূৰ্ণৰূপে অবৈধ।

Apply Now

স্থানীয় সাপ ধৰা বিশেষজ্ঞ ষ্টেফানী লেচাৰে অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্পোৰেচনক জনাইছে যে এই ডাঙৰ আকাৰৰ পঁইতাচোৰাবোৰ সম্ভৱতঃ সৰীসৃপ বা বগাই ফুৰা জীৱ-জন্তুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল। তেওঁ কয় যে আকাৰত ডাঙৰ হোৱাৰ বাবে কম পোকতেই জেঠী আৰু আন সৰীসৃপৰ পেট ভৰি যায়, সেয়েহে এই ব্যৱসায়টো সস্তীয়া হয়। বিষয়াসকলে পোহনীয়া সৰীসৃপ ৰখা লোকসকলক অনুৰোধ কৰিছে যে তেওঁলোকে খাদ্যৰ বাবে ক্ৰিকেট বা উড ৰোচৰ দৰে আইনী প্ৰজাতিসমূহ ব্যৱহাৰ কৰে। বিভাগটোৱে সতৰ্ক কৰি দিছে যে বিদেশী পঁইতাচোৰাই বেমাৰ বিয়পাব পাৰে আৰু স্থানীয় বন্যপ্ৰাণীৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে।

অষ্ট্ৰেলিয়াই দীৰ্ঘদিন ধৰি সীমান্ত সুৰক্ষা আৰু জৈৱ সুৰক্ষা নিয়ন্ত্ৰণক অতি গুৰুত্বসহকাৰে প্ৰণয়ন কৰি আহিছে। দেশখনে বিশ্বাস কৰে যে বাহিৰা পোক-পৰুৱা আৰু জীৱ-জন্তুৱে কৃষি তথা উদ্যান শস্য উদ্যোগৰ ব্যাপক ক্ষতি কৰিব পাৰে। বিভাগটোৱে কয় যে জব্দ কৰা পঁইতাচোৰাবোৰে পৰিৱেশগত বিপদাশংকা মূল্যায়নৰ মাজেৰে পাৰ হোৱা নাছিল, সেয়েহে এইবোৰৰ প্ৰভাৱক লৈ অনিশ্চয়তা আছিল। বিষয়াসকলে জনাইছে যে এই গোচৰত বৰ্তমানলৈকে কাৰো ওপৰত অভিযোগ উত্থাপন কৰা হোৱা নাই, কিন্তু জব্দ কৰা আটাইবোৰ পঁইতাচোৰা ধ্বংস কৰা হ’ব। লগতে বিভাগটোৱে এইটোও জনাইছে যে অবৈধ বিদেশী জীৱৰ সৈতে ধৰা পৰিলে লোকসকলৰ ওপৰত হাজাৰ হাজাৰ ডলাৰৰ জৰিমনা বিহা হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

July 23, 2026 10:17 am
প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

July 23, 2026 9:02 am
যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

July 23, 2026 8:50 am
সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

July 23, 2026 10:17 am
প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

July 23, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd