চৰকাৰ সলনিৰে পৰিৱৰ্তন অনাৰ ফৰ্মুলাটো এটা গোকাট ফাঁকি । ইটো গুচাই সিটো পাৰ্টিক দিয়ক, সিটোক গুচাই আৰু এটা পাৰ্টিক শাসনভাৰ দিয়ক — সণ্ঢালনিকৈ চলা এই প্ৰক্ৰিয়াটোৱে ৰাইজক ৰাইজৰ দীৰ্ঘদিনীয়া যন্ত্ৰণাৰ পৰা সকাহ দিয়া নাই আৰু সকাহ দিয়াৰ কোনো লক্ষণো নাই । জনতাৰ চিঞৰে ৰাজনীতিকক স্পৰ্শয়ে কৰিব নোৱাৰে । স্বাধীনোত্তৰ ভাৰতীয়ৰ আটাইতকৈ বৃহৎ দুৰ্ভাগ্য এইটোৱেই ।
জনতাক ক্ষোভ-হতাশাত ক্ৰুদ্ধ এডাল সাপ বুলি যদি ভাবোঁ, এই সাপডালক ষাঠীৰে খুচি খুচি মাৰি পেলাবলৈ ষাঠীডালৰ মূৰটোত ধৰি থকা মানুহখিনিয়ে হ’ল পলিটিছিয়ানছ । সাপডালৰ সৰ্বাংগত ইমান বেছি বাৰম্বাৰ খোছ পৰে যে সাপডালে দীঘল ষাঠীডাল বগাই গৈ ষাঠীডালৰ মূৰটোত ধৰি থকা মানুহখিনিক ঢুকিবয়ে নোৱাৰে । খুটি বিষময় কৰাটোতো পাছৰ কথা । গতিকে ৰাইজে এই ষাঠীডালৰ ৰোগ নিৰাময়ৰ কথা প্ৰথমতে ভাবিব লাগিব । কিমান আৰু মালিক বদলাই থাকিব !
প্ৰদ্যুৎ বৰদলৈয়ে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ — গুণ্ডাৰাজ, প্ৰশাসনিক সন্ত্ৰাসবাদ — এনে কিছুমান শব্দ কৈছে আৰু এই কথাবোৰে ৰাইজক ক্ষতি কৰিছে বুলি কৈছে । যদিও তেওঁ ষাঠীডাল নহয়, ষাঠীডাল ধৰি থকা মানুহৰ শ্ৰেণীটোৰ এজন । ষাঠীডাল কোনডাল বৰদলৈৰ শব্দকেইটাত ওলাই পৰিছে । হয়তো প্ৰদ্যুৎ বৰদলৈহঁতে অভিজ্ঞতাৰ পৰা শিকিছে ।
প্ৰশাসনিক সন্ত্ৰাসবাদে কংগ্ৰেছৰ দিনত ইমান বেছি উৎপাত কৰিলে যে মানুহে কোনো দল-নেতালৈ ৰৈ নাথাকি ৰাকেশ পালকে ধৰি গোটেই এ পি এচ চিকে সাহসেৰে , প্ৰচণ্ড ক্ষোভেৰে ঠেকেচি পেলালে । এপিএচচি এটা মাত্ৰ জলজল-পটপট উদাহৰণ । আৰু বহু ঘটনা আছে । সেই ঠেকেচনিত কংগ্ৰেছৰ কঁকাল বৰ বেয়াকৈ ভাঙিল । পলিটিছিয়ানছ ক্লাছটোৰ যিসকলে কিঞ্চিত হ’লেও সেই কাণ্ডৰ পৰা শিক্ষা ল’ব পাৰিছে, তেওঁলোকে ভৱিষ্যতে অলপ হ’লেও সাৱধান হ’ব বা হৈছে । যিসকলে শিক্ষা লোৱা নাই, তেওঁলোকৰ পৰিণতিও একেই অৱশ্যাম্ভৱী । ভুল হ’লে কোনোৱেই কংগ্ৰেছৰ দৰে পোন্ধৰ বছৰীয়া দীৰ্ঘকাল এনে পৰিণতিৰ বাবে অপেক্ষা কৰিবলগীয়া যে নহয়, সেয়া ধ্ৰুৱ সত্য ।
বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যকালত ঈশ্বৰ ভক্তি বেছি হ’ল । good governance , দুৰ্নীতিৰ বিৰুদ্ধে zero tolerance এইবোৰ কেৱল শব্দৰ ফুলজাৰিৰ বাদে বাস্তৱত একো নহ’ল । দুই-চাৰিজনক জেলত ভৰাই দিয়াৰ নিচিনা উপৰুৱা কাম ৰাইজে দেখক বুলি হৈছে । কিন্তু ব্যৱস্থাৰ কেৰোণ আৰু বেমাৰ নিৰাময়ত মনোযোগ দিয়া হোৱা নাই । চৰকাৰী চাকৰিৰ নিযুক্তি সম্পৰ্কীয় পৰীক্ষাবোৰ চকুৰ পচাৰতে দিব পৰা এটা উদাহৰণ । অখিল গগৈক দীৰ্ঘদিন জেলত সুমুৱাই ৰখাটো গণতন্ত্ৰ আৰু ন্যায় ব্যৱস্থাৰ প্ৰতিয়েই প্ৰশ্নবোধক । স্বচ্ছ আৰু নিকা প্ৰশাসন এতিয়াও সুদূৰ পৰাহত । চৰকাৰে সকলোকে জোৰ যাৰ মুলুক তাৰ নিয়মেৰে নিজৰ পক্ষত লোৱাৰ প্ৰৱণতাত ভয়ংকৰভাৱে আক্ৰান্ত । মানুহৰ বাক স্বাধীনতা, মৌলিক চিন্তাৰ অধিকাৰ বাধাগ্ৰস্ত হৈ গণতন্ত্ৰৰ অপমৃত্যু ঘটিছে ইয়াতেই । চৰকাৰ সফল হৈছে একেবাৰে সাধাৰণ মানুহৰ মনত একধৰণৰ ভয় আৰু আতংক সুমুৱাই দিয়াত । কিন্তু এই ভয় আৰু আতংক জয় কৰিব পাৰিলে মানুহ কিমান অপ্ৰতিৰোধ্য হৈ উঠিব পাৰে, সেয়া বুজাজনেহে বুজে । সামাজিক পৰিৱেশ যে কিমান গভীৰলৈ প্ৰদূষিত , তাক মচি-কাচি নিৰ্মল কৰিবলৈ সাতামপুৰুষীয়া অসমীয়া সমাজখনক আৰু কে’বাটাও দশকৰ প্ৰয়োজন হ’ব । state machinery -ৰ mechanism টোৱেই সোণোৱালে নিজে ভালকৈ জানি বুজি আমোলা-বিষয়াবোৰে দেখুৱাই দিয়াৰ দৰেই নচলাই অলপ নিজস্ব চিন্তা আৰু আইডিয়াৰে চলাবলৈ চেষ্টা কৰাৰ প্ৰয়াস আমি নেদেখিলো । বৰং ইয়েছ বছ প্ৰশাসনিক মেনফোৰ্চ এটা পাছত পৰি থকাতহে যেন গুৰুত্ব দিলে ।
বস্ততঃ পূজা-অৰ্চনাৰ পয়োভৰখিনিৰ বাহিৰে আৰু অজস্ৰ প্ৰতিশ্ৰুতিৰ বন্যা বিয়পাই দিয়াৰ বাদে বিজেপিৰ পাঁচবছৰীয়া সময়ছোৱাত বৰ বিশেষ পৰিৱৰ্তন এটা দেখিবলৈ পোৱা নগ’ল । পৰিৱৰ্তন উপলব্ধ হ’ব লাগিছিল মানুহৰ মনস্তত্বত । মানুহৰ মনস্তত্বত যি পৰিৱৰ্তন হৈছে, সেয়া আধুনিক মানুহৰ নহয় , মধ্যযুগীয়হে । এই হতাশা মানুহৰ আহিছে আৰু এই হতাশায়ো মানুহক প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিমযাত্ৰা পথত গণ সমাৱেশত সমবেত হ’বলৈ টানি নিছে । ধৰ্মৰ, হিন্দুত্বৰ নিচা এটাত মানুহ মাতাল হৈ আছে আৰু বিজেপিৰ লগত মানুহখিনি আছে । হিন্দুত্বক লৈ ছিৰিয়াছ আচলতে কিমান লোক , এইটো উলিয়াবলৈ গ’লে বিজেপিয়ে নিজেই মূৰ্চা যাব।
ব্যক্তি হিচাপে সোণোৱাল এজন ভদ্ৰলোক । কিন্তু একবিংশ শতিকাত চৰকাৰৰ মূৰব্বীজনে প্ৰতিটো চুকে-কোণে প্ৰতিটো মুহূৰ্ততে নজৰ ৰখাটো জৰুৰী । এই minute observation, গণসংযোগ আৰু quick action সোণোৱালৰ নাই । এই দক্ষতা আছিল হিমন্ত বিশ্বৰ । ভালক ভাল, বেয়াক বেয়া বুলি মানি ল’ব পাৰিছিল তেখেতে — কোনে কৈছে, কোনে কৰিছে — সেইবোৰ নাচাইছিল । Action হৈছিল । নৰক একোখন কাৰপেটেৰে ঢাকি থৈ everything is fine বুলি মিছা প্ৰত্যয়েৰে নিশ্চিত হৈ থকা মানুহ তেওঁ নহয় । কিন্তু আজি-কালি He too seems tired with all these । আৰু লাহে লাহে তেওঁ next shelter এটা 2026-31 লৈ সাজু কৰি থকা অনুভৱ এটাও হয় । 2022 চনটো অসমৰ ৰাইজৰ বাবে 2012 চন আকৌ হ’ব পাৰে !
শাসকীয় দল এটাৰ প্ৰতি ৰাইজ বীতশ্ৰদ্ধ হৈ উঠাৰ প্ৰথম কাৰণটো কিন্তু শাসকীয় দলৰ বা দলটোৰ প্ৰতি আনুগত্য থকা দল-সংগঠনৰ নেতা-পালিনেতাৰ গুণ্ডাৰাজ —- আৰু প্ৰশাসনিক অকৰ্মণ্যতা, আওকণীয়া বা মদগৰ্বী আচৰণ বা প্ৰশাসনিক সন্ত্ৰাসবাদ — এইবোৰেই । জনসাধাৰণক দল-মতৰ উৰ্ধত আস্থাত লৈ stick and carrot measurement এটা নল’লে এই দুইটা বেমাৰৰ পৰা উদ্ধাৰৰ পথ নাই । অৱশ্যে পূৰ্বৰ মুখ্যমন্ত্ৰীসকলৰ দৰে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ কিবা এটা কৰোঁ বুলি নিজাকৈ পতককৈ কৰি দিব পৰাৰ যি স্বাধীনতা বা ক্ষমতা এটা থাকে, সেই ক্ষমতাটো নাই । কংগ্ৰেছৰ দিনত আমি হিমন্তক দেখিছোঁ যিকোনো কথা এটাত চবেই ৰৈ দিয়া ঠাইখিনিৰ পাছত beyond that চব barriers break কৰিও কিবা কৰিব পাৰি নেকি , তেওঁ সাহস কৰিছিল । তেতিয়া তেওঁ ডেকা আছিল । স্পিৰিট আছিল । মানুহেও ভাল পাইছিল । এতিয়া বয়সো হ’ল । এটা সুষম গতিত সময়ৰ লগত গৈ আছে । ঠিকেই আছে । He has done his share. আগতে কেৱল এজন তৰুণ গগৈ আছিল । বিজেপিত মিনি তৰুণ গগৈ বহুত । কিন্তু ভোটাৰ এজনেতো সেইটো নুবুজে আৰু বুজাৰ কথাও নাহে । মুখ্যমন্ত্ৰীয়ে কি কৰিছে, সেইটো ভোটাৰৰ সম্পূৰ্ণ নজৰত থাকে । যিকোনো কথা এটাত মানুহে সেইটোলৈ চাই কথাবোৰৰ মতামত একোটালৈ আহে । শাসকীয় চৰকাৰখনৰ দলটোক ভোট দিওতেও এই কথাটোৱে খুন্দিয়ায় ।
প্ৰদ্যুৎ বৰদলৈহঁতে গুণ্ডাৰাজ, প্ৰশাসনিক সন্ত্ৰাসবাদ এইবোৰৰ স্বৰূপ আৰু চৰিত্ৰ যদি চিনি পাইছে, এইটো ৰাইজৰ এক সফলতা । এজন ৰাজনীতিকেতো উপলব্ধি কৰিছে । প্ৰথম পাঁচবছৰতে বিজেপিৰ দিনত এইবোৰে উমি উমি এটা অশোভনীয় গতি পাইছে । তদুপৰি একৈশ শতিকাটো জ্ঞান-বিজ্ঞানৰ যুগ । অসম বিজেপিত পঢ়া-শুনা কৰা বা rational thinking -ৰ ৰাজনীতিকৰ সংখ্যা তুলনামূলকভাৱে কম । প্ৰশাসনিক সন্ত্ৰাসবাদীয়ে তাৰ সুযোগ লৈছে । কংগ্ৰেছত প্ৰদ্যুৎ বৰদলৈয়ে হওক, গৌৰৱ গগৈয়ে হওক একাডেমিকেলি ধনাঢ্য । মহিলা ৰাজনীতিকসকলৰ বেলিকাও জুৰি শৰ্মা বৰদলৈকে চাওক বা বিস্মিতা গগৈকেই চাওক —বিপৰীতে বিজেপিৰ আঙুৰলতাহঁতলৈ চাওক । বিদ্যোৎসাহ বিজেপিত কম । দুখলগাকৈয়ে কম । আভিজাত্যৰ বেলিকাও বাহিৰা ৰাজ্যৰ ৰাজনীতিকসলৰ দৰে সেই পাৰিবাৰিক বেকগ্ৰাউণ্ডো নাই, নেটৱৰ্কো নাই, আভিজাত্যও নাই । অসম আন্দোলনৰ পাছত ভুমুকি মৰা নতুন ৰাজনীতিকখিনিৰ আভিজাত্যটো দুৰ্নীতিৰ জৰিয়তেই গঢ়ি তোলা । আভিজাত্য আছে, মৰ্যাদা নাই । ধৰ্ম ধৰ্ম কৰি থাকিলেও ভাল পূজা এখন কৰিবলৈ বিশুদ্ধ দেউৱো অসমত নাই । নমামি, ৰুদ্ৰ অভিষেক পাতিবলৈয়ে উত্তৰ ভাৰত – দক্ষিণ ভাৰতৰ পূৰোহিত খোদ হিন্দুত্ববাদী দলটোৱেই আনিব লগা হৈছে । নিচুকণি বঁটা টাইপ হৈ কিমানদিন উশাহ লৈ থাকিব মিঞা মুছলমান ভাৰতীয় নাগৰিকৰ ক্ৰমবৰ্ধমান আওহাৱাত অসমীয়া হিন্দুত্ববাদে !
এটা mighty force -ৰ পৰা আন এটা mighty force-ৰ হাতলৈ কম সময়ৰ বিৰতিত পোনেই power shift নকৰে । গতিকে কংগ্ৰেছৰ হাতলৈ শাসন নোযোৱাটো এশ শতাংশয়ে খাটাং । ২০২১ টো ধৰি ৰাখিলেও বিৰোধী ঐক্যবদ্ধ হ’ব পাৰিলে ২০২৬ ত এখন অকংগ্ৰেছী বা আধা কংগ্ৰেছী আৰু অবিজেপি চৰকাৰ পাঁচবছৰলৈ আহিব । ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনটোকো যদি কা’ বিৰোধী আৰু কা’ সমৰ্থক মাত্ৰ দুটা পক্ষৰ যুদ্ধোন্মাদ নিৰ্বাচনলৈ ৰূপান্তৰ কৰিব পৰা হয়, ২০২১ চনতেই দিছপুৰত বিজেপিৰ বাবে বহি থকাটো সহজ নহ’ব পাৰে । আন্দোলনৰ তীব্ৰতাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ দৰে মুখ্যমন্ত্ৰী হৈ থাকিব নে নাথাকে তাকে সুধিবলৈ ৰাইজৰ মতামত বিচাৰি গণ আদালত নিজেই অনুষ্ঠিত কৰিবলগাও হ’ব পাৰে । হিমন্ত বিশ্ব শৰ্মায়েও এনেকুৱা এক সুবৰ্ণ সুযোগৰ সদ্ব্যৱহাৰেৰে তেওঁৰ প্ৰাচীন হেঁপাহটো পূৰোৱাৰ কৌশলো যে নল’ব, তাক মানি ল’ব পৰা নাযায় । ইতিমধ্যেই বিজেপি আৰু আৰ এছ এছ বহু বেছি পৰিমাণে নামনি অসম, বিশেষকৈ নলবাৰী কেন্দ্ৰিক হৈ পৰিছে আৰু এই বৃত্তায়তনত হিমন্ত বিশ্ব শৰ্মায়েই বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক বাইকৰ পাছত বহুৱাই নাগমণিটোৰ দৰে লাহে লাহে জিলিকিবলৈ লৈছে । সোণোৱালে এই কথাৰ গম নোপোৱাকৈ নিশ্চয় নাই । কৃষ্ণতকৈ কৰ্ম আৰু কৌশলক অগ্ৰাধিকাৰ দিব জানিলে কা’ আন্দোলনৰ সুযোগ লৈ সোণোৱালে পুনৰ জাতীয় নায়কৰ মৰ্যাদাও অক্ষুণ্ণ ৰাখিব পাৰিব আৰু দিছপুৰৰ বাঘজৰীও নিজৰ হাততেই ৰাখিব পাৰিব ।