সম্পূৰ্ণ নিৰ্ভাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন গাঁও। গাঁওখনত প্ৰায় ৩,০০০লোকে বাস কৰে। আৰ্থিকভাৱে পিছপৰা এই গাঁওখন এতিয়া বিশ্ববাসীৰ বাবে পৰিচিত হৈ পৰিছে।
ইয়াৰ কাৰণটো হ’ল গাঁওখনৰ প্ৰায় সকলোৱে বধিৰ অৰ্থাৎ কাণেৰে নুশুনে। ইয়াৰ প্ৰতিজন লোকে ইজনে-সিজনৰ সৈতে এক সাংকেতিক ভাষাৰে কথা পাতে।
গাঁওখনৰ লোকসকলে যিটো সাংকেতিক ভাষাত কথা পাতে সেয়া ‘কাটা কোলক’ নামেৰে পৰিচিত।
অৱশ্যে, গাঁওখনৰ সকলো লোকেই বধিৰ নহয়। কিন্তু অধিকাংশ লোকেই বধিৰ হোৱাৰ বাবে এই ‘কাটা কোলক’ সাংকেতিক ভাষাৰে ইজনে-সিজনৰ সৈতে কথা পাতে।
ইন্দোনেছিয়াৰ বালি দ্বীপৰ উত্তৰে অৱস্থিত এই বিশেষ গাঁওখনৰ নাম হৈছে বেংকালা। বিশ্বৰ অজস্ৰ লোকৰ মাজত গাঁওখন ‘The Village Of Deaf’ নামেৰে পৰিচিত।
ইয়াৰ বাসিন্দাসকলে মূলত কৃষি আৰু পশুপালনকে জীৱিকা হিচাপে গ্ৰহণ কৰি আহিছে। তদুপৰি,গাঁওখনলৈ অহা বিদেশী পৰ্যটকৰ পৰাও কিছু উপাৰ্জন হয়। বেংকালা গাঁৱৰ বাসিন্দাসকলে বিদেশী পৰ্যটকসকলৰ সৈতেও ইংগিতেৰেই ভাৱ-বিনিময় কৰে।
গাঁওখনৰ বাসিন্দাসকলে তেওঁলোকৰ সাংকেতিক ভাষা ‘কাটা কোলক’ৰ উপৰি আন্তৰ্জাতিক সাংকেতিক ভাষাও শিকিবলৈ আৰম্ভ কৰিছে।
বিদেশী পৰ্যটকসকলৰ বাবে ইয়াৰ মূখ্য আকৰ্ষণ হ’ল ‘জাঞ্জেৰ কোলক’ বা বধিৰসকলৰ নৃত্য।
গাঁওখনৰ অধিকাংশ লোকেই বিৰল জিনগত ত্ৰুটীৰ চিকাৰ হোৱা বুলি দাবী কৰিছে বিজ্ঞানীসকলে। এই ত্ৰুটীক বিজ্ঞানীসকলে DFNB3 নামেৰে চিহ্নিত কৰিছে।