• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ চাহ শ্ৰমিকৰ দুৰ্বল আৰ্থিক অৱস্থা আৰু বাগিচাত নিৰৱ ঘাটক উচ্চ ৰক্তচাপৰ বিভীষিকা

মহেশ ডেকা by মহেশ ডেকা
April 29, 2021 10:47 am
Tea Garden
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চাহ শ্ৰমিকসকলৰ এক বৃ্হৎ অংশৰ উচ্চ ৰক্তচাপৰ সমস্যা (hypertension) আছে আৰু প্ৰতি বছৰে এক বুজন সংখ্যক শ্ৰমিকৰ উচ্চ ৰক্তচাপ জনিত ষ্ট্ৰোক আৰু হাৰ্ট এটেকত প্ৰাণহানি হয়।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) অধীনৰ ডিব্ৰুগড়ৰ জিলাৰ লাহোৱালত থকা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ (RMRC) তথ্যমতে ৰাজ্যখনৰ প্ৰায় ৬০.৮ শতাংশ চাহ শ্ৰমিক উচ্চ-ৰক্তচাপ জনিত সমস্যাত আক্ৰান্ত ।

Apply Now

তেওঁলোকৰ অধ্যয়ন মতে, ধূমপান সেৱন, সুৰাপান, খাদ্যত অত্যধিক নিমখৰ পৰিমাণ আদি শ্ৰমিকসকলৰ উচ্চ-ৰক্তচাপৰ সমস্যা বৃদ্ধি পোৱাৰ কাৰণ।

চাহ শ্ৰমিকসকল উচ্চ-ৰক্তচাপৰ দৰে ৰোগত আক্ৰান্ত হ’লেই চৰম বিপৰ্যয়ৰ সন্মুখীন হয়। বিশেষকৈ টকা-পইচাৰ সমস্যাই তেওঁলোকক বিমোৰত পেলায়। বেছিভাগ শ্ৰমিকৰে যিহেতু সাঁচতীয়া ধন নাথাকে, অসুখৰ কাৰণে এদিন কামলৈ যাব নোৱাৰিলেই তেওঁলোকৰ হাহাকাৰ লাগে। যিবোৰ পৰিয়ালত মাত্ৰ এজনেই উপাৰ্জনকাৰী শ্ৰমিক থাকে আৰু তেওঁ যদি এনে ৰোগত আক্ৰান্ত হয়, গোটেই পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা হয়।

আনহাতে, চিকিৎসাৰ বেলিকাও অৰ্থৰ অভাৱত তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হয়। যদিও প্ৰতিখন চাহ বাগিচাত একোখনকৈ চিকিৎসালয় থাকে, তাত ষ্ট্রোক বা হাৰ্ট এটাকৰ দৰে সমস্যাৰ চিকিৎসা কৰিব পৰাকৈ অত্যাধুনিক সা-সুবিধা নাই।

আনকি এনে ৰোগীক প্ৰাথমিক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে চাহ বাগিচাৰ বহুতো চিকিৎসালয়ত নিয়মীয়া চিকিৎসক নাই।

উল্লেখ্যেযোগ্য যে এই লেখকে ডিব্ৰুগড় জিলাৰ কেইখনমান চাহ-বাগিচা ভ্ৰমণ কৰোতে জানিব পাৰিছিল যে জিলাখনৰ আসাম কোম্পেনী ইণ্ডিয়া লিমিটেডৰ অধীনত থকা ৯ খন বাগিচাৰ ভিতৰত মাত্ৰ চাৰিজন স্থায়ী চিকিৎসক আছে। সেইদৰে প্ৰায় এহাজাৰ শ্ৰমিক থকা জিলাখনৰ ডিকম চাহ বাগিচাৰ চেচা শাখাৰ চিকিৎসালয়ত কোনো স্থায়ী চিকিৎসক নাই। আসাম প্লানটেচন লেবাৰ এক্ট, ১৯৫৬ মতে চাহ বাগিচাৰ প্ৰতিখন চিকিৎসালয়ত এজন স্থায়ী চিকিৎসক থাকিব লাগে যদিও বেছিভাগ বাগিচাই এই আইন কাৰ্যকৰী কৰা নাই।

চাহ বাগিচাৰ মালিসকলে অসমৰ চাহ উদ্যোগ সংকটৰ সম্মুখীন হোৱাৰ দোহাই দি এই আইন কাৰ্যকৰী কৰাৰ পৰা বিৰত থাকে।

তেনে অৱস্থাত তেওলোকে বাগিচাৰ পৰা আঁতৰৰ নগৰৰ চিকিৎসালয়লৈ যাবলগীয়া হয়। কিন্তু যিবোৰ বাগান নগৰৰ হাস্পতালৰ পৰা দূৰৈত অৱস্থিত, তেনে বাগিচাৰ শ্ৰমিকসকল চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত চিকিৎসালয়লৈ যাব নোৱাৰে। কিয়নো বাগানৰ পৰা চিকিৎসালয়লৈ যোৱাৰ বাবে প্ৰয়োজন হোৱা গাড়ী ভাৰা, খোৱা-বোৱাৰ খৰচ তেওঁলোকে যোগাৰ কৰিব নোৱাৰে। সাধাৰণতে বাগিচাৰ হাস্পতালসমূহত এম্বুলেঞ্চৰ ব্যৱ্স্থা থাকিব লাগে যদিও বহুতো বাগিচাত এই ব্যৱ্স্থা নাই। আৰু থাকিলেও কেৱল জৰুৰী অৱস্থাতহে ব্যৱহাৰ কৰিবলৈ দিয়া হয়।

ইয়াৰ লগতে ৰোগীজন যিহেতু অকলে চিকিৎসালয়লৈ যাব পৰা অৱস্থাত নাথাকে, পৰিয়ালৰ আনলোক লগত যাবলগীয়া হ’লে তেওঁৰ কাম খতি হয় আৰু মজুৰিৰ পৰা বঞ্চিত হয় আৰু পৰিয়ালত চলোৱাত আহুকালে দেখা দিয়ে।

ইফালে, যদিও চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱা বিনামূলীয়া, ৰোগীৰ বিভিন্ন পৰীক্ষা যেনে— চি টি স্কেন, এম আৰ আই আদি কৰিবলগীয়া হ’লে ধনৰ প্ৰয়োজন হয়। যিখিনি যোগাৰ কৰিবলৈ অধিকাংশ শ্ৰমিকৰ সামৰ্থ্য নাথাকে।

তদুপৰি বেছিভাগ চৰকাৰী চিকিৎসালয়তে উচ্চ ৰক্তচাপ সৃষ্ট ষ্ট্ৰোক বা হাৰ্ট এটাকৰ দৰে সমস্যাৰ সঠিক চিকিৎসা পোৱাৰ আশা কম থাকে। ফলস্বৰূপে বহুসময়ত ৰোগীজনৰ জীৱন বচাবলৈ হ’লে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়। কিন্তু দিনে মাত্ৰ ১৬৭ টকাকৈ মজুৰি পোৱা অসমৰ এজন চাহ শ্ৰমিকৰ বাবে লাখ টকা খৰচ কৰি ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা সেৱা লাভ কৰা প্ৰায় অসম্ভৱ হৈ পৰে। তেনে অৱস্থাত সম্বলহীন অসহায় শ্ৰমিকসকলে আক্ৰান্ত শ্ৰমিকৰ জীৱন নিয়তিৰ হাতত তুলি দিয়াৰ বাহিৰে অন্য পথ খোলা নাথাকে।

আনহাতে চিকিৎসকসকলে উচ্চ ৰক্তচাপৰ ৰোগীক নিয়মীয়াকৈ টেবলেট খাবলৈ পৰামৰ্শ দিয়ে যদিও বেছিভাগ চাহ শ্ৰমিকৰ বাবে সেয়া সম্ভৱ নহয়। কাৰণ চাহ বাগিচাৰ চিকিৎসালয়বোৰত পৰ্যাপ্ত পৰিমাণে দৰৱ পোৱা নাযায় আৰু ফাৰ্মাচীৰ পৰা নিয়মীয়াকৈ কিনি আনি খাবলৈও শ্ৰমিকসকলৰ হাতত ধন নাথাকে।

“মোৰ উচ্চ ৰক্তচাপ ধৰা পৰাৰ পিছত ডাক্তৰে দিনে এটাকৈ পিল (বড়ি) খাবলৈ কৈছিল যদিও, সদায় খাবলৈ আমাৰ লগত ঔষধ নাথাকে। বাগিচাৰ চিকিৎসালয়ত দৰব বিচাৰি গ’লে মাত্ৰ দুটা পিল দি পঠিয়াই দিয়ে। সদায় কিনি খাবলৈও পইচা নাপাও,” গ্ৰীণউদ চাহ বাগিছাৰ মহিলা শ্ৰমিক পাৰ্বতী ৰাজপুটে কয়।

উল্লেখ্য যে যোৱা বছৰ পাৰ্বতী ৰাজপুট উচ্চ ৰক্তচাপজনিত ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি আহিছে।

বিশেষজ্ঞ চিকিৎসকসকলৰ মতে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি থকা লোকসকলে পটেছিয়ামযুক্ত খাদ্য খোৱাৰ দৰকাৰ। পটেছিয়ামযুক্ত খাদ্য যেনে কল, কমলা, ব্ৰকলি আদি খালে ৰক্তচাপৰ পৰিমাণ হ্ৰাস পায়। কিন্তু বাগিচাৰ বেছিভাগ শ্ৰমিকেই অৰ্থাভাৱৰ বাবে তেনে খাদ্য যোগাৰ কৰাত সমস্যা হয়।

ইউনিচেফ আৰু অসম চিকিৎসা মহাবিদ্যালয়ে কেইবছৰমান পূৰ্বে চলোৱা এক অধ্যয়্নমতে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে সপ্তাহটোত গ্ৰহণ কৰা ১৪ সাঁজ ভাতৰ মাত্ৰ দুসাঁজ আহাৰতহে পুষ্টিদায়ক উপাদান থাকে।

“সাধাৰণতে আমি ভাত, দাইল, আলু পিটিকা আদি বেছিকে খাওঁ। মাছ-মাংস কেতিয়াবাহে খাওঁ। ফল-মূল বা মাছ-মাংস আদি সদায় খাবলৈ আমাৰ হাতত পইচাই জমা নাথাকে,” ডিব্ৰুগড়ৰ জিলাৰ ডিকম (চেচা) চাহ বাগিছাৰ শ্ৰমিক সঞ্জয় পাটৰে এই লেখকক কয়।

আনহাতে ডিব্ৰুগড়ৰ জিলাৰ লাহোৱালৰ গ্ৰীণউদ চাহ বাগিচাৰ মুখ্য কাৰ্যবাহী বিষয়া বিজয় সিং দাবী কৰে যে শ্ৰমিকসকলে লাভ কৰা মজুৰিৰ ভালেখিনি ধন দেশীয় সুৰাপানৰ নামত খৰচ কৰাৰ ফলত তেওলোকৰ হাতত পুষ্টিকৰ খাদ্য খোৱাৰ বাবে ধন ৰাহি নহয়।

উচ্চ ৰক্তচাপৰ সমস্যাই ৰাজ্যখনৰ চাহ শ্ৰমিকৰ মাজত একপ্ৰকাৰ বিভীষিকা সৃষ্টি কৰি আহিছে যদিও ইয়াক নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ নীতিগত ব্যৱ্স্থা (Policy measures) লোৱা চকুত পৰা নাই।

বিশেষকৈ শ্ৰমিকসকলৰ উচ্চ ৰক্তচাপৰ সমস্যাৰ অন্যতম কাৰক হিচাপে চিহ্নিত খাদ্যত অত্যধিক নিমখৰ পৰিমাণ হ্ৰাসৰ বাবে কোনো কাৰ্যকৰী পদক্ষেপ আজিলৈকে লোৱা হোৱা নাই।

উল্লেখ্য যে আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ (RMRC) মতে চাহ শ্ৰমিকসকলৰ উচ্চ-ৰক্তচাপ বৃদ্ধিৰ এটা মূল কাৰণ হৈছে তেওঁলোকে গ্ৰহণ কৰা অতিৰিক্ত নিমখ।

কেন্দ্ৰৰ অধ্যয়নত দেখা গৈছিল বাগিচাত কাম কৰোতে তেওঁলোকক যি চাহ (চাই পানী) দিয়া হয়, তাত যথেষ্ট পৰিমাণে নিমখ থাকে আৰু ই শ্ৰমিকসকলৰ উচ্চ-ৰক্তচাপ বৃদ্ধিত অৰিহণা যোগায়। কিন্তু এই ‘চাই পানীৰ’ কোনো বিকল্প পানীয় তেওঁলোকক দিব পৰা যায় নেকি সেই বিষয়ে বাগিচা কিম্বা চৰকাৰ কোনেও চিন্তা-চৰ্চা কৰা চকুত পৰা নাই।

(এই লেখাটো ৰিটছ্ মিডিয়া ফেল’শ্বিপৰ অংশ)

মহেশ ডেকা

মহেশ ডেকা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd