প্ৰত্যাৱৰ্তনৰ তালিকাত থকা হাজাৰ হাজাৰ ৰহিঙীয়াৰ পৰা মাত্ৰ কেইশ মানকহে স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত অনুমোদন জনাইছে ম্যানমাৰ চৰকাৰে।
বাংলাদেশ আৰু ম্যানমাৰৰ মাজত নৱেম্বৰ মাহত স্বাক্ষৰিত এটা চুক্তি অনুসৰি ১০ লাখৰ ভিতৰত তিনি চতুৰ্থাংশ ৰহিঙীয়া শৰণাৰ্থীক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ ক্ষেত্ৰত দুয়োখন দেশ সহমতত উপনীত হৈছিল যদিও এই চুক্তি অনিৰ্দিষ্ট কালৰ বাবে ৰৈ আছে। প্ৰস্তুতিৰ অভাৱৰ বাবে ইটো পক্ষই সিটো পক্ষক দোষ দিছে।
এতিয়ালৈকে ম্যানমাৰে ৮,০০০তকৈও অধিকৰ পৰা মা্ত্ৰ ৬,০০মান ৰহিঙীয়া শৰণাৰ্থীক প্ৰত্যাৱৰ্তনত অনুমোদন জনাইছে। দক্ষিণ এছিয়াৰ এই দুখীয়া দেশ বাংলাদেশে প্ৰায় ১০ লাখ ৰহিঙীয়াক আশ্ৰয় দিছে। ম্যানমাৰৰ সৈতে দক্ষিণ-পূব সীমাত থকা অস্বাস্থ্যকৰ শিবিৰত ৰহিঙীয়া শৰণাৰ্থীক আশ্ৰয় দিয়া হৈছে।
প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো চোৱা-চিতাৰ দায়িত্বত থকা বাংলাদেশৰ শীৰ্ষস্থানীয় বিষয়া মহম্মদ আবুল কৰিমে কৈছে যে এই বিতৰ্কিত প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াটো কেতিয়া আৰম্ভ কৰা হ’ব তাৰ কোনো বিতং তথ্য জনোৱা নাই।
কালামে কৈছে যে প্ৰত্যাৱৰ্তনৰ কোনো তাৰিখ স্থিৰ হোৱা নাই।
এই বিতৰ্কিত চুক্তিখন জানুৱাৰিৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল ইয়াৰ সময়সীমা উকলি যোৱাৰ পিছত দেশখনে প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো পিছুৱাই আছে।
ৰহিঙীয়াসকলৰ এই দুৰ্দশাৰ হেতুকে মানৱাধিকাৰ গোটসমূহ সমালোচনা মুখৰ হৈ পৰিছে আৰু আশংকা ব্যক্ত কৰিছে যে ম্যানমাৰত সংখ্যালঘূ মুছলমান নিৰাপদ নহয়।
চুক্তি অনুসৰি, শৰণাৰ্থীসকলক প্ৰত্যাৱৰ্তন কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰা হৈছে যদিও ম্যানমাৰৰ অশান্তি-জৰ্জৰ ৰাখিনি ৰাজ্যখনলৈ উভতি যোৱাৰ বাবে বহুতেই অস্বীকাৰ কৰিছে।
ম্যানমাৰৰ ৰাখিনি ৰাজ্যত ৰহিঙীয়াসকলক বহু প্ৰজন্ম ধৰি উৎপীড়ণ চলাই অহা হৈছে আৰু যি হিংসাত্মক ঘটনাৰ বলি হৈ তেওঁলোক বাংলাদেশলৈ পলাই আহিবলৈ বাধ্য হৈছে তাৰেই পুনৰাবৃত্তি ঘটাৰ ভয়ে তেওঁলোকক শংকিত কৰি ৰাখিছে।
কালামে কৈছে যে অহা কেই সপ্তাহৰ ভিতৰতে বাংলাদেশে প্ৰায় ১০,০০০ শৰণাৰ্থীৰ এখন তালিকা ম্যানমাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব। তেওঁ আৰু জানিবলৈ দিছে যে দুয়োখন দেশৰে বিষয়াবৰ্গই প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো আলোচনা কৰাৰ বাবে এপ্ৰিল মাহত এখন আলোচনাত মিলিত হ’ব।
কিন্তু প্ৰত্যাৱৰ্তনৰ চুক্তি বাস্তৱায়িত হোৱা বিষয়ত বাংলাদেশ আৰু অন্যন্য দেশতো এটা সন্দেহে উক দিছে।
উল্লেখ্য যে ৰহিঙীয়াক ম্যানমাৰে অবৈধ অনুপ্ৰবেশকাৰী হিচাপে দীৰ্ঘকাল ধৰি নিকৃষ্ট ব্যৱহাৰ কৰি আহিছে। এই বিপুল সংখ্যক শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি ম্যানমাৰত এতিয়াও গঢ়ি তোলা হোৱা নাই।
এই বিৰাট প্ৰক্ৰিয়াটো যোৱা বছৰৰ নৱেম্বৰৰ আগতে সম্পূৰ্ণ কৰাৰ বাবে বাংলাদেশ আৰু ম্যানমাৰ সহমতত উপনীত হৈছিল। জানিব পৰা গৈছে যে বাংলাদেশৰ এজন শীৰ্ষস্থানীয় কেবিনেট মন্ত্ৰী, প্ৰখ্যাত অৰ্থনীতিবিদ এ এম এ মুহিথে ‘শৰণাৰ্থীসকল আৰু প্ৰত্যাৱৰ্তন কৰাৰ কোনো আশা নাই আৰু ম্যানমাৰে ইচ্ছাকৃতভৱে প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটোত বাধা প্ৰদান কৰিছে’ বুলি দোষাৰোপ কৰিছিল।