সংঘ পৰিবাৰ আৰু বিজেপিৰ সমৰ্থকে দেশৰ স্বাধীনতাকলৈ দুটা নেৰেটিভ সৃষ্টি কৰিছে। এটা ২০১৪ চনতহে ভাৰত স্বাধীন হৈছে আনটো হৈছে ৯৯ বছৰৰ বাবে ভাৰতক ব্ৰিটিছে লিজত দিছে।
২০১৪ চনৰ পৰা এনে নেৰেটিভ ভাৰতত অতি সুলভ হৈ আহিছে। এনে এক শ্বাসৰুদ্ধকৰ পৰিৱেশতে আমি আজি এগৰাকী স্বাধীনতা সেনানিৰ কথা আপোনালোকৰ ওচৰলৈ লৈ আহিছো। যিগৰাকী বীৰ যোদ্ধাক এতিয়াও ভাৰতীয় মূলসুঁতি স্বাধীনতা সেনানি বুলি স্বীকাৰ কৰিবলৈ ভাৰতীয় সমাজ সাজু হ’ব পৰা নাই। তেওঁ হ’ল বীৰচা মুণ্ডা।
উল্লেখ্য যে ১৯৫৭ চনৰ চিপাহী বিদ্ৰোহক ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুদ্ধ বুলি আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হৈছে।
কিন্তু এই সংগ্ৰামৰ বহু পূৰ্বেই ভাৰতত আদিবাসী অৰ্থাৎ জনজাতীয় বিদ্ৰোহীসকলে আৰম্ভ কৰিছিল। এই বিদ্ৰোহ আৰম্ভ কৰিছিল তেতিয়াৰ বেংগল প্ৰভিন্স তথা বৰ্তমানৰ পশ্চিমবংগ, ঝাড়খণ্ড, ছট্টিশগড়, ওড়িশা মহাৰাষ্ট্ৰ আদিৰ সীমান্ত অঞ্চলৰ জনজাতীয় আদিবাসীসকলে।
১৭৬৯ চনতে ৰঘুনাথ মাহাটোৰ নেতৃত্বত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে জনজাতীয় মানুহে আৰম্ভ মুক্তি সংগ্ৰাম। আনহাতে ১৭৪৮ চনত আদিবাসী চাওতাল তিলকা মাঝিয়ে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। এই বিদ্ৰোহেই হৈছে ব্ৰিটিছৰ বিৰুদ্ধ হোৱা প্ৰথম সশস্ত্ৰ বিদ্ৰোহ।
ছহীদ ভগত সিঙৰতকৈ প্ৰায় ৭০ টা বছৰৰ পূৰ্বেই অৰ্থাৎ ১৭৮৪ চনতেই ছহিদ হৈছিল তিলকা মাঝিয়ে। ইফালে ১৮৫৫ চনত আৰম্ভ হৈছিল ইতিহাস প্ৰসিদ্ধ চাওতাল বিদ্ৰোহ, যি বিদ্ৰোহ হুল নামেও জনাজাত। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বলৱৎ কৰা নতুন ৰাজহ প্ৰণালীৰ আৰু জমিদাৰী প্ৰথাৰ বিৰুদ্ধে আৰম্ভ হৈছিল এই বিদ্ৰোহ।
ইষ্ট ইণ্ডিয়া কোম্পানীৰ নতুন ব্যৱস্থাই জনজাতীয় বেষ্টনীৰ পৰম্পৰাগত ব্যৱস্থাক উৎখাত কৰিছিল। ১৮৫৫ চনৰ ৩০ জুনত চাৰি সিদ্ধু মুৰ্মু, কানহু মুৰ্মু, চান্দ মুৰ্মু আৰু ভৈৰৱ মুৰ্মু চাৰি মুৰ্মু ভাতৃৰ নেতৃত্বত প্ৰায় ৬০ হাজাৰ চাওতালে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ভাৰতত আৰম্ভ হৈছিল গেৰিলা যুদ্ধৰ।
কিন্তু মূলসুঁতিয়ে ভাৰতীয় ইতিহাসে এতিয়াও যেন এই জাতীয় মুক্তি আন্দোলনক স্বীকৃতি দিবলৈ সংকোচিত হৈয়ে আছে।
ব্ৰিটিছৰ বিৰুদ্ধে এই ধাৰাৰ সৰ্বাত্মক বিদ্ৰোহ আগুৱাই নিয়া আটাইতকৈ প্ৰভাৱশালী ব্যক্তিত্ব আছিল বীৰচা মুণ্ডা। আদিবাসী জনজাতীৰ এই বীৰ পুৰুষগৰাকী আজিও ভাৰতীয় মূলসুঁতিয়ে সহৃদয়েৰে গ্ৰহণ কৰিব পৰা নাই। কিন্তু এই বীৰচা মুণ্ডাই বৰ্তমানৰ দক্ষিণ ঝাৰখণ্ডত ১৮৯০ দশকতে ব্ৰিটিছ সম্ৰাজ্যৰ শক্তি কঁপাই তুলিছিল আৰু লগতে জাৰ্মান খ্ৰীষ্টিয়ান মিছনেৰীৰ প্ৰৱঞ্চনা জালখনো নেফানেফ কৰিছিল।
বেলি মাৰ নোযোৱা ব্ৰিটিছ সম্ৰাজ্যৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ আদিবাসী তথা জনজাতীয় অঞ্চলসমূহত অধিকাৰ কৰি তাৰ কৃষি অৰ্থনীতিৰ ওপৰত মোক্ষম আঘাত দিছিল, নতুন ৰাজহ কৰ বলৱৎ কৰি হাৰত ব্ৰিটিছে কৰ সংগ্ৰহ কৰিছিল।
ব্ৰিটিছে শোষণৰ স্বাৰ্থত তাত ভূস্বামী নিয়োগ কৰি জনজাতীয় লোকসকলৰ ওপৰত শোষণ কৰাই নহয় ভূমিও কাঢ়ি নিছিল। ইয়াৰ ফলত বহু জনজাতীয় লোক ভূমিহীন হৈ পৰিছিল। ইফালে জাৰ্মান মিছনেৰীসকলে সহজ সৰল জনজাতীয় লোকসকলক ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া চলাই ধৰ্মীয় প্ৰৱঞ্চনাৰ জাল পেলাইছিল। তথ্য মতে উক্ত অঞ্চলটোত ১৮৪৫ চনৰ পৰা জাৰ্মান মিছনেৰীসকলে ধৰ্মান্তকৰণ আৰম্ভ কৰি ১৮৬৮ চনলৈ ১১,০০০ হাজাৰ লোকক ধৰ্মান্তৰ কৰিছিল।
ইফালে তেওঁলোকৰ ওপৰ ব্ৰিটিছে নিয়োগ কৰা ভূস্বামীসকলে আৰম্ভ কৰিছিল অকথ্য অত্যাচাৰ। ব্ৰিটিছে নিয়োগ কৰা ভূস্বামীসকলৰ প্ৰভাৱত ধৰ্মীয় সংকটৰ লগতে আৰম্ভ হৈছিল সাংস্কৃতিক সংকটৰ। ব্ৰিটিছৰ নিৰ্দেশত ভূস্বামীসকলে দৰিদ্ৰ জনজাতীয় লোকসকল দাসলৈ ৰূপান্তৰ কৰিছিল।
তেনে ঘোৰ অন্ধকাৰ দিনতে তেওঁলোকৰ মাজত আবিৰ্ভাৱ ঘটিছিল বীৰচা মুণ্ডাৰ। ১৮৭৫ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১৫ নৱেম্বৰত তেতিয়াৰ বেংগল প্ৰভিন্সৰ লোহাৰডাগা জিলাৰ উলিহাটুত জন্ম লাভ কৰে বীৰচা মুণ্ডাই। বীৰচা মুণ্ডাই জাৰ্মান মিছনেৰী স্কুলত স্কুলীয়া জীৱন আৰম্ভ কৰে। মিছনেৰী স্কুলে শিক্ষাদানৰ লগতে বীৰছা মুণ্ডাৰ পৰিয়ালটোক খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰা হয়।
খ্ৰীষ্টান মিছনেৰী স্কুলত পঢ়ি থকাৰ সময়ৰে পৰা অন্যায়-অত্যাচাৰ-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদী বীৰচা মুণ্ডা সত্বাৰ জাগ্ৰত হয়। প্ৰথমাৱস্থাত খ্ৰীষ্টান মিছনেৰীৰ প্ৰতি সামান্য অনুকম্পা থাকিলেও পৰৱৰ্তী সময়ত মিছনেৰী স্কুল ত্যাগ কৰে। আনকি তেওঁৰ পৰিয়ালটোৱেই খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰে। ইয়াৰ পিছতে সমাজ সংস্কাৰ লাগে বীৰছাই। লগতে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজতখনতো জড়িত হৈ পৰে।
নিজৰ জন্মভূমিত ব্ৰিটিছ আৰু ব্ৰিটিছে সংস্থাপন কৰা ভূস্বামীসকলে কেৱল ভূমি অধিকাৰতে নহয় তেওঁলোকৰ হাজাৰ বছৰীয়া সংস্কৃতিৰ ওপৰতো কুঠাৰাঘাত কৰে। দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি অত্যাচাৰ চলোৱাৰ উপৰিও তেওঁলোকৰ প্ৰাকৃতিক ভূমি অধিকাৰ হৰণ কৰে ব্ৰিটিছে। নতুন নতুন কৰ আৰোপ কৰি সেয়া বৃদ্ধি কৰিবলৈও ধৰে। এনে পৰিস্থিতিত নিজৰ অধিকাৰৰ প্ৰতি সজাগ হৈ উঠে বীৰছা মুণ্ডা। ইয়াৰ পিছতে বীৰছা মুণ্ডাই ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ হোৱা সংগ্ৰামখনৰ হাজাৰ হাজাৰ জনজাতীয় মানুহক নেতৃত্ব দিয়ে। বীৰছা মুণ্ডাৰ নেতৃত্বত তেতিয়া বেংগ প্ৰভিন্সৰ জনজাতীয় অঞ্চলসমূহত ব্ৰিটিছ বিৰোধী সংগ্ৰামখন বিস্তাৰিত হয়।
আদিবাসী মানুহৰ বন আৰু ভূমি অধিকাৰৰ প্ৰতি সজাগ হৈ উঠাৰ সময়তে ১৮৯৩-৯৪ত ব্ৰিটিছে ছুট্টাগনাগপুৰ অৰণ্যত নতুন বন আইন বলৱৎ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই খবৰ বিয়পি পৰাৰ লগে লগে বীৰছা মুণ্ডাৰ নেতৃত্বত আদিবাসী লোকসকল জাঙুৰ খাই উঠে। বীৰচা মুণ্ডাৰ নেতৃত্ব সমগ্ৰ অঞ্চলটোৰ পাহাৰ আৰু ভৈয়ামৰ জনজাতীয় মানুহবোৰ ব্ৰিটিছৰ বিৰুদ্ধে গৰ্জন কৰি উঠিল। পৰম্পৰাগত ধনু-কাড়ৰেৰে আৰক্ষী তথা ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰে বীৰচা মুণ্ডাৰ গেৰিলাসকলে।
ইফালে বীৰচাই নিজৰ ৰাজ্য উদ্ধাৰ কৰিবলৈ ভগৱানে তেওঁক দূত হিচাপে পঠাইছে বুলি ঘোষণা কৰি আধিয়াৰ কৃষকক কৰ দিবলৈ মানা কৰে। বীৰচাৰ এই ঘোষণাই আদিবাসীসকলক আৰু অধিক উদ্বুদ্ধ কৰি তোলে। ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ অপৰাধত ব্ৰিটিছে বীৰচা মুণ্ডাক ১৮৯৫ চনৰ ২৪ আগষ্টত দুবছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰে। ১৮৯৮ চনৰ ২৮ জানুৱাৰীৰ কাৰাগাৰৰ পৰা মুকলি হৈ পুনৰ আন্দোলনত নামি পৰে বীৰচাই।
১৯০০ চনৰ ৫ জানুৱাৰীত বীৰচা মুণ্ডাৰ অনুগামীয়ে দুগৰাকী আৰক্ষীক হত্যা কৰে আৰু ৭ জানুৱাৰীত খুণ্টী নামৰ আৰক্ষী থানাত আক্ৰমণ কৰে। ইয়াৰ পিছতে বীৰচাই আত্মগোপন কৰে আৰু তেওঁৰ বিৰুদ্ধে ৫০০ টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰে ব্ৰিটিছ প্ৰশাসনে। ১৯০০ চনৰ ৩ ফেব্ৰুৱাৰিত আৰক্ষীয়ে চক্ৰধৰপুৰৰ জামক’পাই অৰণ্যত বীৰচা মুণ্ডাক গ্ৰেপ্তাৰ কৰে। বিভিন্ন গোচৰত অভিযুক্ত কৰি বীৰচা মুণ্ডাৰ বিৰুদ্ধে বিচাৰ চলি থকাৰ মাজতে ১৯০০ চনৰ ৯ জুনত কাৰাগাৰত তেওঁৰ মৃত্যু হয়।
মূলসুঁতি ভাৰতীয়ই উপেক্ষা কৰা এই বীৰ ছহিদগৰাকীৰ আজি হৈছে ১৪৬ বছৰীয়া জন্ম বাৰ্ষিকী। দেশৰ এই বৰণ্যে ছহিদগাৰীকৰ জন্ম বাৰ্ষিকীত নৰ্থইষ্ট নাও পৰিয়ালে সশ্ৰদ্ধাৰ প্ৰণামেৰে স্মৰণ কৰিছো।