• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰুখুটিত মুকলি আকাশৰ তলত কণ কণ শিশু; ভয়-ভোকৰ মাজেৰে উচ্ছেদিত জনতাৰ হাহাকাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 20, 2021 4:42 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধলপুৰ-গৰুখুটিত মানৱতাৰ অপমৃত্যু ঘটিছে। গৰুখুটিত এতিয়া কেৱল হাহাকাৰ, হুমুনিয়াহ আৰু চকুপানীৰে ভৰা পৰিবেশ দেখা গৈছে। কণ কণ শিশুসহ উচ্ছেদিত জনতাই এতিয়া মুকলি আকাশৰ তলতেই আশ্ৰয় ল’বলগীয়া হৈছে। জীৱিকাৰ একমাত্ৰ পথটোও হেৰুৱাই তেওঁলোক এতিয়া দিশহাৰা হৈ পৰিছে। দৰং জিলাৰ চিপাঝাৰৰ ধলপুৰত উচ্ছেদ চলা স্থানত নৰ্থ-ইষ্ট নাও সাংবাদিক উপস্থিত হৈছিল।

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে দৰং জিলাৰ চিপাঝাৰৰ ধলপুৰ অঞ্চলত প্ৰশাসনে বেদখল উচ্ছেদ চলাইছিল। অঞ্চলটোৰ ৭৭,৪২০ বিঘা মাটিত স্থাপন কৰিবলগীয়া গৰুখুটি প্ৰকল্পৰ বাবে মাটি মুকলি কৰিবলৈ এই উচ্ছেদ অভিযান চলিছিল। এই উচ্ছেদ এতিয়াও অব্যাহত আছে।

অঞ্চলটোৰ ১ নং ধলপুৰ, ২ নং ধলপুৰ, ৩ নং ধলপুৰ আৰু নিজ শালমাৰা গাঁৱত প্ৰশাসনে চৰকাৰী ভূমিত বেদখল উচ্ছেদ চলাইছে। কিন্তু উচ্ছেদৰ সমান্তৰালকৈ সমগ্ৰ অঞ্চলটোত এটা দুখলগা পৰিবেশ দেখা গৈছে।

Apply Now

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ মাজতেই যোৱা ২৩ ছেপ্টেম্বৰত অঞ্চলটোত স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ মাজত ভয়াৱহ সংঘাতৰ পৰিস্থিতি সৃষ্টি হৈছিল। এই সংঘাতত দুজন লোকে প্ৰাণ হেৰুৱাৰ উপৰিও দুয়োপক্ষৰ বহুকেইজন লোক আঘাতপ্ৰাপ্ত হৈছিল। কিন্তু সেই পৰিবেশ এতিয়া শান্তিপূৰ্ণ। উচ্ছেদিত লোকসকলক প্ৰশাসনে নিজৰ ঘৰ ভাঙি নিবলৈ নিৰ্দেশ দিয়াৰ লগে লগে, তেওঁলোকে নিজেই নিজৰ ঘৰখন ভাঙি লৈ গৈছে। কিন্তু লোকসকলৰ অভিযোগ নতুন এঠাইলৈ যাবলৈ তেওঁলোকক সময় দিয়া হৈছে তেনেই তাকৰীয়া। নতুন ঠাইত গৈ তেওঁলোক কেনেকৈ থাকিব, তেওঁলোকৰ কন কন শিশুকেইটাক কেনেকৈ ৰাখিব, সম্পূৰ্ণ দিশহাৰা হোৱাৰ এটা অৱস্থা।

১ নং ধলপুৰত নিজৰ ঘৰটো ভাঙি থকা উচ্ছেদিত পৰিয়ালৰ এজন সদস্যই নৰ্থ-ইষ্ট নাওক ক’লে, ‘‘আমাক এতিয়া ওচৰতে থকা বৰবাৰীলৈ যাবলৈ কৈছে। তালৈ বাৰু আমি যাম, কিন্তু থাকিম কেনেকৈ? তাত বাৰিষাৰ কালত সাগৰৰ দৰে পানী হয়। আমাক ঘৰ ভাঙি নিবলৈ সদায় ভয় ভাবুকি আৰু ধমকি দি আছে। আমি বাধ্যত পৰি নিজেই নিজৰ ঘৰ ভাঙি নিছো। এতিয়া তালৈ গৈ আমি খাম কি, ল’ৰা ছোৱালী ক’ত ৰাখিম সেয়া এতিয়া আমি ভাবিয়ে পোৱা নাই’’।

উচ্ছেদিত লোকসকলক গৰুখুটি প্ৰকল্প ক্ষেত্ৰৰ সীমাৰ বাহিৰৰ ১ নং ধলপুৰ আৰু বৰবাৰী গাঁৱৰ কেতবোৰ অঞ্চলত আশ্ৰয় ল’বলৈ প্ৰশাসনে নিৰ্দেশ দিছে। প্ৰশাসনে উচ্ছেদিত লোকসকলক নিজৰ ঘৰ ভাঙি বয়-বস্তু নিবলৈ বাহনৰ ব্যৱস্থা কৰি দিছে। কিন্তু নতুন ঠাই লৈ গৈ শিশু-মহিলাসহ মুকলি পথাৰতেই তেওঁলোকে আশ্ৰয় ল’বলগীয়া হৈছে। এফালে ঠাণ্ডা, নৈপৰীয়া বতাহ, আনফালে তেওঁলোকৰ মুৰৰ ওপৰত চালি নাই। তেওঁলোকৰ খাবলৈও পৰ্যাপ্ত খাদ্য, খোৱা পানীৰ সুবিধা নাই। ধলপুৰ গৰুখুটিত এতিয়া এনে পৰিবেশতেই শ শ শিশু আৰু মহিলাসহ উচ্ছেদিত লোকসকলে কষ্টকৰ জীৱন কটাবলগীয়া হৈছে।

গৰুখুটি প্ৰকল্পৰ সীমাৰ বাহিৰত থকা যিবোৰ ঠাইত তেওঁলোকক থাকিবলৈ দিয়া হৈছে, সেইবোৰ ঠাইত ইতিমধ্যে খেতি আৰম্ভ কৰা হৈছিল। সেই ঠাইসমূহৰ সুন্দৰকৈ গজি উঠা খেতি নষ্ট কৰা হৈছে আৰু প্ৰশাসনৰ নিৰ্দেশমৰ্মে তাৰ ওপৰত এতিয়া উচ্ছেদিত লোকসকলে আশ্ৰয় ল’বলগীয়া হৈছে।

প্ৰাপ্ত তথ্য মতে, উচ্ছেদ চলা ধলপুৰ-গৰুখুটি অঞ্চলত ১৩ টা অংগনবাড়ী কেন্দ্ৰ, ১০ খন প্ৰাথমিক বিদ্যালয়, এখন মজলীয়া বিদ্যালয়, ৪ খন মাদ্ৰাছা আৰু এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় বন্ধ হৈ পৰিছে। বিদ্যালয় বন্ধ হোৱাত উচ্ছেদিত পৰিয়ালৰ বহু শিশুৱে এতিয়া পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। আনফালে, বাটকুৰিবাই বিদ্যালয়-মহাবিদ্যালয়লৈ যাবলগীয়া হোৱাত অঞ্চলটোৰ ছাত্ৰীসকলো এতিয়া বিপদত পৰিছে।

অঞ্চলটোৰ এজন কণমানি ছাত্ৰই আমাক ক’লে, ‘‘ আমাৰ স্কুলখন আছে, কিন্তু তাত পুলিচ-আৰ্মিৰ কেম্প হৈছে। আমি এতিয়া স্কুল যাব পৰা নাই।’’

দৰং জিলাৰ চিপাঝাৰৰ ঢলপুৰৰ এই চৰ অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱিকাৰ একমাত্ৰ উপায় আছিল খেতি। কিন্তু এইবাৰ তেওঁলোকৰ খেতি নাই। খেতি কৰা ঠাইসমূহ ইতিমধ্যে চৰকাৰৰ গৰুখুটি প্ৰকল্পৰ বাবে আৱন্টিত হৈছে। প্ৰকল্পৰ সীমাৰ বাহিৰত থকা কৃষিভূমিত উচ্ছেদিত লোকসকলে আশ্ৰয় ল’বলৈ দিয়া হৈছে। গতিকে তেওঁলোকৰ জীৱিকাৰ আৰু উপায় নাইকীয়া হৈ গৈছে। এতিয়া কৰ্মহীন হৈ পৰা লোকসকলে কেনেকৈ পৰিয়াল পোহপাল দিব, তেওঁলোকৰ ভৱিষ্যত কি হ’ব সকলো নেদেখাজনৰ ওপৰতে এৰিবলগীয়া হৈছে।

ইপিনে, শ শ পৰিয়ালক উচ্ছেদ চলাই সেই ঠাইত স্থাপন কৰি থকা গৰুখুটি প্ৰকল্পত কিন্তু উচ্ছেদিত লোক সকলক নিয়োজিত হোৱাৰ পৰা বঞ্চিত কৰা হৈছে। এই সন্দৰ্ভত অঞ্চলটোৰ শিক্ষিত যুৱক চাইদুল ইছলামে কয়, ‘আমি চৰকাৰী মাটিত আছিলো, আমাক উচ্ছেদ কৰিছে, সেয়া মানি লৈছো। কিন্তু আমি থকা ঠাইত যি কৃষি প্ৰকল্প স্থাপন কৰিবলৈ লৈছে সেই প্ৰকল্পত যদি আমাক কাম কৰাৰ সুযোগ দিলেহেতেন আমি সুখী হ’লোহেতেন। কিন্তু চৰকাৰে তাকে নকৰি বেলেগ বেলেগ জিলাৰ পৰা মানুহ আনি ইয়াত কামত লগাইছে। আমাৰ কোনো মানুহকে ইয়াত সুযোগ দিয়া নাই।’’

ধলপুৰ-গৰুখুটিত চৰকাৰী মাটিত হোৱা বেদখল উচ্ছেদ চলালে সিমানলৈ ঠিকেই আছে, কিন্তু বেদখল উচ্ছেদৰ নামত সেই স্থানৰ হাজাৰ হাজাৰ লোকক যিদৰে মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰোৱা হৈছে সেয়া কিমান গ্ৰহণযোগ্য? কণ কণ শিশু আৰু মহিলাসহ উচ্ছেদিত পৰিয়ালে যিদৰে ভোক আৰু শংকাৰ মাজেৰে কষ্টত দিন-ৰাতি কটাবলগীয়া হৈছে সেয়া অতিকৈ দুখলগা। চৰকাৰী ভাৱে এনে অমানৱীয় অত্যাচাৰ চলোৱাতকৈ উচ্ছেদৰ পূৰ্বেই সেই লোকসকলক স্থানান্তৰৰ ব্যৱস্থা গ্ৰহণ কৰাতো নিশ্চয়কৈ প্ৰয়োজনীয় আছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd