প্ৰায় ১ বছৰ তিনিমাহ জোৰা নিৰবিচ্ছিন্ন কৃষক আন্দোলনৰ অন্তত তিনিখনকৈ ক’লা কৃষক আইন বাতিলৰ কথা ঘোষণা কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ইয়াৰ পাছতে যেন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত পুনৰ সাৰ পাই উঠিছে কা বিৰোধী আন্দোলনে।
পুনৰ এবাৰ যেন স্তব্ধ হৈ পৰা কা বিৰোধী আন্দোলনৰ উক-মুকনি দেখিবলৈ পোৱা গৈছে। যেন সম্বিত ঘূৰাই পাইছে অসমৰ বহু জাতীয় দল- সংগঠনৰ নেতায়ো।
এটা সময়ত আছু আৰু ৩০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত ৰাজপথৰ পৰা খেলপথাৰ পোৱা কা বিৰোধী আন্দোলনো এতিয়া নিস্তেজ হৈ পৰা পৰিলক্ষিত হৈছে।
তেনে সময়তে কৃষক আন্দোলনৰ পৰা যেন একপ্ৰকাৰে শিক্ষা লাভ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।
টুইটাৰত কৰা এক টুইটযোগে তেওঁ কেন্দ্ৰীয় চৰকাৰক CAA বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে কৃষক আন্দোলনৰ প্ৰসংগও উত্থাপন কৰা পৰিলক্ষিত হৈছে।
টুইটযোগে ড০ ভট্টাচাৰ্য্যই কয় ‘সমগ্ৰ দেশৰ কৃষিজীৱি জনসাধাৰণৰ আন্দোলনৰ ওচৰত সেওঁ মানি কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী কৃষি আইন(Farm Law) বাতিল কৰিবলৈ বাধ্য হ’ল। চৰকাৰৰ অন্যায় আৰু অবিচাৰৰ কথা প্ৰমাণ হ’ল। এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া বিৰোধী #CAA শীঘ্ৰে বাতিল কৰক’।
টুইটটোত কৃষি আইন বাতিলৰ সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰৰ অন্যায় আৰু অবিচাৰৰ কথাই প্ৰমাণ কৰা বুলি শৰ্মাই দাবী কৰে।
উল্লেখযোগে যে, দিল্লীৰ কৃষক আন্দোলনৰ পৰা শিক্ষা লৈ অসমৰ সকলো লোকক কাৰ বিৰুদ্ধে একত্ৰিত হৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও।