বাজেট বস্তুটো লৈ আমাৰ সৰ্বসাধাৰণ ৰাইজে বৰকৈ মূৰ নঘমায়। ভাবে,’’ আমি আদাৰ বেপাৰী, জাহাঁজৰ খবৰ আমাক কিয় লাগে?’’ অৱশ্যে এতিয়া অসমৰ আদাও জাহাঁজ-ট্ৰাকত বস্তাই বস্তাই বাহিৰলৈ যায়। চবতে একেখন বজাৰ। বস্তুৰো দাম প্ৰায় একেই। বাহিৰলৈ চকু দিবই লাগিব।
কিন্তু প্ৰশ্নটোৱেই ভ্ৰান্ত আৰু অবান্তৰ। এখন বাজেট হৈছে আগন্তুক বছৰটোৰ আয়-ব্যয়ৰ হিচাব। চৰকাৰে কৰ-কাটল আৰু আন উপায়ে কিমান ধন বছৰটোত সংগ্ৰহ কৰিব, আৰু কি-কি কামত কেনেকৈ খৰচ কৰিব, তাৰ এটা আগতীয়া জাননী। সংসদত যথাযথ আলোচনাৰ শেষত, কিছু সংশোধনৰ পিছত তাক গ্ৰহণ কৰা হয়। বৰ্ত্তমান কেন্দ্ৰীয় চৰকাৰে অৱশ্যে আলোচনাত একেবাৰে গুৰুত্ব নিদিয়ে। সকলো সিদ্ধান্ত নিজৰ ইচ্ছামতে জাপি দিয়ে। সেয়ে ৰাইজে বাজেটৰ গুৰুত্ব উপলব্ধি কৰিবই লাগিব।
মই কৈছোঁ কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ কথা। ৰাজ্য চৰকাৰৰ বাজেটতকৈ কেন্দ্ৰীয় চৰকাৰৰ বাজেট ৰাইজৰ জীৱনৰ বাবে ঢেৰ বেছি গুৰুত্বপূৰ্ণ। কাৰণ দেশৰ সমগ্ৰ অৰ্থনীতি তথা অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। দেশত কৰ্মসংস্থান বা নিয়োগ ব্যৱস্থাৰ ওপৰত, কৰ-কাটল হ্ৰাস-বৃদ্ধিৰ ওপৰত আৰু তেনেকৈ বস্তু-বাহানিৰ দাম নিৰ্ণয় কৰা ক্ষেত্ৰত, স্বাস্থ্য-সেৱা আৰু শিক্ষাৰ ক্ষেত্ৰত, কৃষি আৰু শিল্পৰ উন্নতি আৰু শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত কেন্দ্ৰীয় বাজেটে গভীৰ প্ৰভাৱ পেলায়।
যোৱা পাঁচটা বছৰেই জনসাধাৰণৰ জীৱনৰ ওপৰত একাদিক্ৰমে বহু কেইটা মাৰাত্মক আঘাত পৰিছে। ২০১৬ চনত প্ৰধানমন্ত্ৰী মোদীয়ে হঠাতে কাকো নোসোধাকৈ যি উগ্ৰ বিমুদ্ৰাকৰণ নীতি ঘোষণা কৰিছিল তাৰ ফলত অগণন ক্ষুদ্ৰ ব্যৱসায়ীৰ ব্যৱসায় বন্ধ হৈ গ’ল, আৰু তাৰ পৰিণামত কোটি-কোটি মানুহৰ জীৱিকা তথা অন্ন সংস্থানত সমস্যা হ’ল। তাৰ পিছত হঠাতে মন্ত্ৰ গাই পবিত্ৰ কৰি জি-এছ-টি আৰোপ কৰাতো তেনেধৰণৰ ব্যৱস্থাৰ লগত পৰিচয় নথকা অগণন ব্যৱসায়ী পুনৰ সংকটত পৰি ক্ষতিগ্ৰস্ত হ’ল। তাৰ পিছত চীনে বিশ্ববাসীক জনোৱাৰ পিছত আৰু ৰাহুল গান্ধীয়ে বহুবাৰ সঁকীয়াই থকাৰ পিছত এদিন জ্ঞানোদয় হোৱা প্ৰধানমন্ত্ৰীয়ে মাত্ৰ চাৰিদিন সময় দি একৈছদিনীয়া লকডাউন জাৰি কৰি শ্ৰমজীৱী জনতাৰ জীৱনলৈ চৰম দুৰ্দ্দিন কঢ়িয়াই আনিলে। উপাৰ্জনৰ বাট, কল-কাৰখানা আদি বন্ধতো হ’লেই, তাৰে বহুত আকৌ নতুনকৈ খোলাৰ বাটো বন্ধ হৈ গ’ল। আৰু উপাৰ্জনহীন জনতাৰ ক্ৰয়ৰ ওপৰত নিৰ্ভৰ কৰা শিল্প-ব্যৱসায়ো মুজুৰা পৰিল। সমগ্ৰ অৰ্থনীতিৰ ওপৰত মাধমাৰ পৰিল। কভিড পৰিস্থিতিও চৰকাৰৰ উদাসিনতা তথা নিষ্ঠুৰতাৰ ফলত নিয়ন্ত্ৰণৰ বাহিৰলৈ গুছি যোৱাত বাহিৰৰ আৰু ভিতৰৰ স্বাধীনচেতা স্বাস্থ্য বিশেষজ্ঞৰ মতে ২০২১ চনলৈ ভাৰতত ত্ৰিছ লাখ মানুহৰ কভিডত মৃত্যু হৈছে। তাৰো হেঁচা অৰ্থনীতিৰ ওপৰত পৰিছে।
২০২০ৰ তুলনাত বজাৰত গ্ৰাহকৰ চাহিদা দেশৰ সমূহ আয়ৰ অংশ হিচাপে ৩%লৈ কমিছে। কাৰণ এই সময়ত ৰাইজৰ জনমূৰি উপাৰ্জনো ভালেখিনি হ্ৰাস পাইছে। শিল্পক্ষেত্ৰত বাৰ্ষিক উৎপাদন বৃদ্ধি ২০১৫-১৬চনত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ নীতিৰ পৰিণামতে ১৩.১%আছিল, কিন্তু ২০২০-২১চনত সি বৃদ্ধি হওক ছাৰি ৭.২%হ্ৰাস পালে!! যোৱা মাত্ৰ দুটা বছৰতে চাৰি কোটি ষাঠি লাখ মানুহ চৰম দাৰিদ্ৰ্যৰ কবলত পৰিছে। ৮৪% পৰিয়ালৰ উপাৰ্জন ভয়ানকভাবে হ্ৰাস পাইছে।
ইয়াৰ সামূহিক পৰিণামসমূহ CMIE(ভাৰতীয় অৰ্থনীতি নিৰীক্ষণ কেন্দ্ৰ) নামৰ সন্মানিত বেচৰকাৰী বিশেষজ্ঞ কেন্দ্ৰৰ মতে ২০২১চনলৈকে তিনিকোটি কৰ্মসংস্থান লোপ পাইছে। যোৱা পঞ্জাছ বছৰত এই সময়টোত নিবনুৱা সমস্যা সৰ্বাধিক। সৰুসুৰা আৰু মজলীয়া কলকাৰাখানাত ২০১৪ চনৰ তুলনাত ৪৬% কম কৰ্মসংস্থান হৈছে। ফলত সৰ্বসাধাৰণ ৰাইজৰ দুৰ্দশা বৰ্ণনাতীত হৈছে, আৰু চৰকাৰে ক্ষীপ্ৰ আৰু বিস্তৃত প্ৰতিকাৰৰ ব্যৱস্থা নল’লে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱন মানুহৰ স্তৰৰ তললৈ নামি যাব পাৰে। কোৱা বাহুল্য যে সমগ্ৰ দেশৰ অৰ্থনীতি আৰু সমাজ ভীষণ সংকটাপন্ন হৈ পৰিব।
এই সংকট প্ৰতিৰোধ কৰি অৰ্থনীতি আৰু সমাজ জীৱনলৈ সুস্থিৰতা আনিবলৈ হ’লে চৰকাৰে তৎপৰতাৰে কেইটামান জৰুৰী ব্যৱস্থা লব লাগিব যিবোৰে সাধাৰণ ৰাইজক নিশ্চিত সকাহ দিব আৰু দেশৰ অৰ্থনীতিক বিধ্বংসী ভূমিকম্পৰ পৰা উদ্ধাৰ কৰিব। তাৰ কেইটামান ব্যৱস্থা পৃথিবীৰ উন্নত দেশবোৰে ইতিমধ্যে কৰিছে। যেনে শ্ৰমজীৱী ৰাইজৰ হাতত কোনো ৰাজনৈতিক হিচাব-নিকাচ নকৰাকৈ নিৰ্বিশেষে নিৰ্দিষ্ট পৰিমানৰ নগদ ধন জমা দিয়া। বিলাতত সংকটৰ মাজত ছমাহৰ গড় বেতন সকলো স্তৰৰ ৰাইজৰ হাতত জমা দিয়া হৈছিল ২০২০চনতে। তাৰ কিছু পিছত আমেৰিকাতো প্ৰতিজন নাগৰিক উপকৃত হ’ব পৰাকৈ তেনেধৰণে ধন বিতৰণ কৰা হৈছিল। কিন্তু ভাৰতৰ বৰ্ত্তমান চৰকাৰে এই ক্ষেত্ৰত আচৰিত কৃপণালি প্ৰদৰ্শন কৰিলে। যি পৰিমান ধন তেনেধৰণে বিতৰণ কৰা হ’লসেই নগণ্য ধনো বহুতৰ হাত নাপালেগৈ। এইবাৰৰ বাজেটতো তেনেধৰণে ধন বিতৰণ কৰাৰ কোনো প্ৰস্তাৱ নাই, যদিও সংকটে ইতিপূৰ্বে কোৱা দৰে তীব্ৰতৰ ৰূপহে লৈছে।
বৰঞ্চ ইতিপূৰ্বে উগ্ৰ পুঁজিবাদী অৰ্থনীতিৰ প্ৰচলনে কৰ্মসংস্থান হ্ৰাস কৰিব পাৰে বুলি তাৰ পৰা সকাহ দিবলৈ কংগ্ৰেছ চৰকাৰে যি MGNREGA(মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ ভৰসা আঁচনি) প্ৰবৰ্তন কৰি কৰ্মহীন সকল কৰ্মৰ বিনিময়ত মজুৰি দিয়াৰ আয়োজন কৰিছিল, তাৰ বাবে ধাৰ্য্য ধন এই চৰকাৰে ২৫%হ্ৰাস কৰিছে এই বাজেটত !!
‘’আত্মনিৰ্ভৰ ভাৰত’’ৰ গগণভেদী ধ্বনি দি ১০কোটি কৰ্মসংস্থানৰ দিহা কৰিবলৈ দেশৰ সামগ্ৰিক উৎপাদনৰ (GDP) মূল্যৰ ২৫% (চাৰিভাগৰ এভাগ) খৰচ কৰাৰ যি প্ৰতিশ্ৰুতি পূৰ্বে এই চৰকাৰৰ নেতা বিলাকে দিছিল, সি এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। প্ৰয়োজনীয় পৰিমানৰ উৎপাদন নোহোৱাত ‘’চিৰবৈৰী’’বুলি চিঞৰবাখৰ কৰি নিন্দা কৰা চীন দেশৰ পৰা নানা সামগ্ৰী আমদানিৰ দাম ২০১৮চনৰ পাঁচলাখ সত্তৰ হেজাৰ কোটি ডলাৰ আজি ২০২১ চনত ছয় লাখ পঞ্চাছ হেজাৰ কোটি ডলাৰলৈ বৃদ্ধি পাইছে। কৃষিখণ্ডত (য’ত আজিও গাঁৱৰ গৰিষ্ঠসংখ্যক লোক জড়িত) ধাৰ্য্য ধন হ্ৰাস কৰা হৈছে, খুব সম্ভৱ অলপতে চৰকাৰক তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰা কৃষকৰ ওপৰত প্ৰতিশোধ ল’বলৈ। কৃষকৰ হাতত ধন পৰিবলৈ ২০২০ চনত এহেজাৰ দুশ ছিয়াশী লাখ টন চৰকাৰে তেওঁলোকৰ পৰা ফছল কিনিবলৈ দুই লাখ আঠছল্লিশ হেজাৰ টকা ব্যয় কৰিছিল। ২০২১-২২ চনত এনেদৰে চৰকাৰে সংগ্ৰহ কৰা শস্যৰ পৰিমান ৭% হ্ৰাস পালে, আৰু তাৰ ফলত উপকৃত হোৱা কৃষকৰ সংখ্যা ১৭% হ্ৰাস পালে!!
আনহাতে, কৃষকৰ বাবে অতি প্ৰয়োজনীয় সাৰত দিয়া চৰকাৰী ভৰ্ত্তুকী (Subsidy) ভালেখিনি হ্ৰাস কৰাৰ পিছত সাধাৰণ খেতিয়কৰ ওপৰত বোজা ভালকৈয়ে বাঢ়িব। খেতিয়কক শেষ কৰাৰ পূৰ্বৰ অভিপ্ৰায় এনেদৰেই সিদ্ধি কৰা হৈছে নেকি? এই বাজেটত অনাহাৰ-অপুষ্টিৰ পৰা সকাহ দিবলৈ দুখীয়া ৰাইজৰ মাজত ৰেহাই মূল্যত বিলোৱা চাউল, গম আদি খাদ্যশস্যৰ বিতৰণ আশীহেজাৰ কোটি টকা কমকৈ ধাৰ্য্য কৰা হৈছে এইবাৰ।
শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ অৱস্থা তেনেই ধোঁৱাকোঁৱা। যিকোনো সভ্য দেশৰ চৰকাৰে এইবোৰ ক্ষেত্ৰত ৰাইজৰ অৱস্থাৰ বিতং খবৰ যোগাৰ কৰিবলৈ চেষ্টা কৰে। কিন্তু আচৰিত কথা যে এইবাৰ সংসদত বিৰোধীৰ প্ৰশ্নৰ উত্তৰত চৰকাৰৰ মুখপাত্ৰই জনালে যে অনলাইন শিক্ষা ব্যৱস্থা প্ৰবৰ্ত্তন কৰাৰ ফলত যি কোটি-কোটি শিশু শিক্ষাৰ পৰা বঞ্চিত হ’ল তেওঁলোকৰ আনুমানিক হিচাবো চৰকাৰৰ হাতত নাই। অৰ্থাৎ চৰকাৰে সেই পিনে কেৰাহিকৈও চোৱা নাই।
স্বাস্থ্যখণ্ডতো একেই অৱস্থা। আজিৰ চৰম সংকটৰ দিনত গাঁও ভূঁই আৰু চহৰবোৰতো সাধাৰণ ৰাইজক চিকিৎসা কৰিবলৈ প্ৰাথমিক শিক্ষাকেন্দ্ৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰি তাৰ মান উন্নত কৰিব লাগিছিল। কিন্তু দেখুৱাই ধাৰ্য্য ধনৰ পৰিমান বৃদ্ধি কৰিলেও তাৰ মাজত কাৰচাজি কৰি জলযোগান আৰু শৌচাগাৰ নিৰ্মাণ আদি ভৰাই দিয়াৰ ফলত সেই ধনৰ পৰিমান স্পষ্ট হৈ থকা নাই। আধুনিক চিকিৎসা একাষৰীয়া কৰি ‘’আয়ুৰ্বেদ আদিত অধিক ধন ধাৰ্য্য কৰাৰ ফল সৰ্বসাধাৰণৰ বাবে বৰ মংগলজনক হব যেন নালাগে। কেইখনমান AIIMS নিৰ্মাণ কৰাতকৈ সাধাৰণ মানুহৰ বাবে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবোৰহে উন্নত কৰা জৰুৰী কাম আছিল। চৰকাৰ তাৰ প্ৰতি নিৰ্বিকাৰ।
তুলনা কৰি চোৱা যাওক দেশৰ অৰ্থনীতিক গতি দিবলৈ হাই ৱে’ই, ৰে’লপথ, বিমান সেৱা, বৈদ্যুতিক যোগাযোগ ব্যৱস্থা, আদি আন্ত:গাথনি আৰু মূলধন বৃদ্ধিৰ বাবে ধাৰ্য্য কৰা ৭লাখ পঞ্চাছ হেজাৰ কোটি টকাৰ সংখ্যাটো। যোৱাবাৰতকৈ ৩৫% বেছি।
ধৰি লোৱা হৈছে যে এইবোৰ ব্যৱসায়-বাণিজ্যিৰ সুবিধা বৃদ্ধি কৰিব, শিল্প-উৎপাদনত গতি দিব। সুবিধা বৃদ্ধি হব ঠিকেই, কিন্তু সেয়া বিয়াগোম ব্যৱসায়ী আৰু শিল্পপতিৰ বাবে। কিন্তু ইতিমধ্যে ভাঙি পৰা বিপুলসংখ্যক ক্ষুদ্ৰ বা মজলীয়া ব্যৱসায় আৰু উদ্যোগৰ ভগা ডেউকা আকৌ জোৰা দিব পাৰিবনে? তেওঁলোক হয়তো বাধ্য হব বৃহৎ ব্যৱসায়ৰ দালালত পৰিণত হবলৈ। আৰু ইয়াৰ পৰিণতি স্বৰূপে আমাক ভৰসা দিয়া দৰে সাধাৰণ ৰাইজৰ জীৱিকা আৰু জীৱন পুনৰ স্বচ্ছল হৈ নুঠে, কাৰণ আজিকালি বৃহৎ কোম্পানিবোৰে কম শ্ৰমিকৰ প্ৰয়োজন হোৱা ডাঙৰ-ডাঙৰ যন্ত্ৰ-পাতিৰে কামবোৰ কৰায়। এচাম ঠিকাদাৰে লাভৰ কিছু অংশ পালেও বৃহৎ মালিকৰ ক্ষমতা আৰু ইচ্ছা অনুযায়ী এতিয়া সেই লাভ তাকৰীয়া হব। তাৰ সুফল গাঁৱে-ভূঞে চুকে-কোণে বিয়পি যোৱাৰ আশা কম। ভয়াবহ নিবনুৱা সমস্যাৰ পৰা যুৱসমাজ পৰিত্ৰাণ নাপায়।
বাজেটৰ বৃহৎ পৰিমাণৰ ধন কেনেকৈ সংগ্ৰহ কৰা হব? সাধাৰণ ৰাইজৰ উপাৰ্জনত ডাঙৰ ফুটা কৰা বস্তুৰ দামৰ ওপৰত চৰকাৰী কৰ আছেই। আৰু নানা ধৰণৰ সৰু-সুৰা সেৱাৰ খৰচো অতিপাত বৃদ্ধি পাইছে। বাজেটত বস্তুৰ দাম কমোৱাৰ প্ৰতি এজনৰো আগ্ৰহ পৰিলক্ষিত হোৱা নাই। ফলত ৰাইজৰ ওপৰত অৰ্থনৈতিক হেঁচা বাঢ়িহে যাব। আনহাতে কৰ্পৰেট সকলে আদায় দিবলগীয়া কৰৰ পৰিমাণ যোৱা বছৰৰ দৰে একেই ৰখা হৈছে। অথচ পৰিসংখ্যাই প্ৰমাণ কৰে যে তেওঁলোকে কৰোনাৰ কাল-সংহাৰৰ মাজতো অভূতপূৰ্বভাবে বিপুল লাভ কৰিছে। তেওঁলোকৰ ওপৰত সামান্য হেঁচাও পৰা নাই। যোৱা বছৰটোত বছৰি এক কোটিৰ পৰা দহ কোটিলৈ আয় কৰা কোম্পানীৰ কৰৰ পৰিমাণ অতি নগন্য মাত্ৰাত (চাৰিভাগৰ এক দশমিক!) বৃদ্ধি কৰা হৈছে। আনহাতে যোৱাবছৰ বছৰি এক লাখৰ পৰা দহ লাখমান উপাৰ্জন কৰাসকলৰ ৯০ শতাংশই আয়কৰ ৰিটাৰ্ণ দিবলগীয়া হৈছে!! অৰ্থ্যাৎ কৰৰ সৰহভাগ আহিছে ক্ষতিগ্ৰস্ত সাধাৰণ মানুহৰ পৰা।
পূৰ্বৰ এনে কৰ্পোৰেটপ্ৰেমী, হঠকাৰী নীতিৰ বাবেই দেশৰ সামগ্ৰিক ঘৰুৱা উৎপাদন ৭.৩ শতাংশ হ্ৰাস পাইছিল। যি ক্ষতিৰ মূল্য ১০ লাখ কোটি টকা! কৰ্পোৰেটক সহায় কৰিলে দেশ অৰ্থনীতি সবল হব বুলি ভবা বা প্ৰচাৰ কৰা নীতিৰ ফলত ২০১৯ চনত ধাৰ্য্য কৰ্পোৰেট টেক্সৰ হাৰ ৩৫ শতাংশৰ পৰা ২০২০ চনত ২৬ শতাংশলৈ নমোৱা হৈছে। সেইসকলে প্ৰচুৰ লাভ ঘটিলে। কিন্তু দেশৰ অৰ্থনীতিত গড়াখহনীয়া অব্যাহত গতিত চলি থাকিল।
এইধৰণৰ স্বেচ্ছাচাৰী, বেপৰোৱা, মতলবী কাৰ্য্যৰ ফলত ২০২০-২১ চনত বিছটা অতিকায় কোম্পানিয়ে (আদানি, আম্বানি, টাটা ইত্যাদি) সমগ্ৰ কৰ্পোৰেট খণ্ডৰ ৬২.৪ শতাংশৰ পৰা ২০২১-২২ চনত ৮৪ শতাংশ লাভ হস্তগত কৰিলে!! আৰু তাৰে শেষ পবৰিণতি হ’ল দেশৰ জনসংখ্যাৰ মাত্ৰ ১০ শতাংশই দেশৰ সমগ্ৰ জাতীয় আয়ৰ ৫৭ শতাংশ হাতৰ মুঠিলৈ নিলে। আৰু তলৰ স্তৰৰ সৰ্বসাধাৰণ ৰাইজৰ আধাখিনিৰ (৫০ শতাংশ) হাতত পৰিল দেশৰ সমগ্ৰ জাতীয় আয়ৰ মাত্ৰ ১৩ শতাংশ। মন কৰিবলগীয়া কথা এয়ে যে স্বাধীনতা লাভৰ পিছত দেশৰ বৃহৎ ব্যৱসায়ী-পুঁজিপতিৰ (জনসংখ্যাৰ ১০ শতাংশ মাত্ৰ) হাতত দেশৰ সমগ্ৰ আয়ৰ ৩৪ শতাংশ আৰু দেশৰ জনসাধাৰণৰ আধাখিনিৰ(৫০ শতাংশ) হাতত পৰিছিল ৪০ শতাংশ। আচৰিত নহয়, এটা আন্তৰ্জাতিক সমীক্ষাই (World Inequality Index) দেখুৱাইছে যে ভাৰতৰ অৰ্থনৈতিক অসাম্য বা বৈষম্য পৃথিৱীৰ ভিতৰৰ হতভাগ্য দেশবোৰৰ ভিতৰতো প্ৰকট হৈ আছে। দেশ এনেকৈ ‘’মহান’’ হৈছে, আৰু দেশৰ ‘’ভিকাছ’’ সাধাৰণৰ ভিকাচন ভাঙিছে।
এইবোৰ তথ্যই এটা কথাকে অকাট্যভাবে প্ৰমাণ কৰে। এইধৰণৰ বাজেটে দেখুৱাই দিয়ে যে বৰ্ত্তমান চৰকাৰে জনসংখ্যাৰ এক অতি ক্ষুদ্ৰ অংশৰ কথা ভাবিহে অৰ্থনীতি পৰিচালনা কৰে। সাধাৰণ মানুহ মৰে নে বাচে, খবৰ নকৰে। কেৰেপো নকৰে। আমাৰ ৰাষ্ট্ৰ ইতিমধ্যে এওঁলোকৰ হাতত নানা দিশত ভয়ানকভাবে বিকৃত হৈছে। ৰাষ্ট্ৰৰ চৰিত্ৰও জনকল্যাণকামী ৰাষ্ট্ৰ (Welfare State) হৈ থকা নাই। অৰ্থ্যাৎ এই চৰকাৰৰ হাতত জনগণৰ ভবিষ্যত মুঠেই সুৰক্ষিত নহয়।
তাত ঢাকোন দিবলৈকে মানুহৰ মন আনপিনে ঘূৰোৱাৰ ব্যৱস্থা কৰা হৈছে। দিনে-নিশাই যাগ-যজ্ঞ, পূজা-সেৱা, নাম-কীৰ্ত্তনত ব্যস্ত ৰাখিবলৈ শাসকগোষ্ঠীৰ নেতাবিলাকে মঠ-মন্দিৰ-সত্ৰত দৰ্শন দিছে। দুহাতে পয়চা ঢালিছে বিভিন্ন ধৰ্মীয় উৎসৱ পাৰ্বন, আচাৰ-অনুষ্ঠানত। যাতে সেইবোৰতে মগ্ন থাকি জনসাধাৰণে নিজৰ চৰম দুৰ্দশা আৰু অন্ধকাৰ ভবিষ্যতৰ কথা পাহৰি থাকে। অথচ আমাৰ পূৰ্বপুৰুষ সকলে বহু যুগৰ সঞ্চিত অভিজ্ঞতাৰে তাহানিয়েই কৈ গৈছে, ‘’আগতে চাউলকঠা, তাৰ পিছতহে ভৰিকথা।‘’ বিবেকানন্দৰ দৰে মানৱ জীৱনলৈ মমতা থকা, দৰিদ্ৰজনৰ হাহাকাৰত সঁহাৰি দিয়া এজনো সাধু-সন্ত আজি নাই। বৰং মুখা পিন্ধা সাধু-সন্ত কিছুমানে কৈ ফুৰিছে যে মুছলমান নিধনেই আজিৰ হিন্দুৰ পবিত্ৰ ব্ৰত হোৱা উচিত!! অনবৰত নানা মুশ্লিম বিৰোধী প্ৰচাৰ চলাই থকা হৈছে।
বিৰোধীয়ে এইবোৰ প্ৰশ্ন ৰাইজৰ দষ্টিগোচৰ কৰিব পৰা নাই। ৰাইজে হাৰে হাৰে অনুভব কৰা কথাবোৰো ৰাইজৰ মনত লগাকৈ ফুটাই ক’ব পৰা নাই। ৰাহুল গান্ধীয়ে সংসদত যুঁজ দি আছে বহু ঠাট্টা-তিৰস্কাৰৰ মাজতো। কিন্তু জনসাধাৰণে তাৰ গুৰুত্ব অনুভব কৰিব নোৱাৰে ৰাজনীতি দূৰৰ বস্তু, অপকাৰী বস্তু বুলি বিভ্ৰান্ত হোৱাৰ ফলত।
জোৰ পুৰি হাত পাইছেহি। এই পৰিস্থিতিত পৰকালৰ কথা চিন্তা নকৰি ইহকালৰ বাস্তৱ পৰিস্থিতি লৈ চকু যদি দিয়া নাযায়, তেন্তে আৰু কদৰ্য্য, বিভৎস, ভীষণ দুৰ্দ্দশাৰ পিনে দেশ গৈ থাকিব। একচেতিয়া বৃহৎ পুঁজি আৰু ক্ষমতালোভী ৰাজনীতিবিদৰ মিত্ৰতাৰ নামেই ‘’ফেছিবাদ’’—যি মানুহৰ জীৱনৰ মূল্য হ্ৰাস কৰি, মৰ্যাদা ধ্বংস কৰি দেশখনক এদল বৰ্বৰ পশুৰ জাকৰ বননিত পৰিণত কৰিব।
(তথ্যবোৰ কাকত পত্ৰ চাই যোগাৰ কৰা হৈছে।)